যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ মাজতে জম্মু-কাশ্মীৰ, অসম আৰু নাগালেণ্ডত দূৰসংযোগ বিভাগে সক্ৰিয় কৰিলে ইন্ট্ৰা চাৰ্কল ৰোমিং ব্যৱস্থা
দুৰ্যোগৰ পৰিস্থিতিৰ সময়ত নিৰৱচ্ছিন্ন টেলিকম সংযোগ নিশ্চিত কৰাৰ লক্ষ্যৰে কৰা হৈছে এই ব্যৱস্থা
प्रविष्टि तिथि:
23 JUL 2026 6:30PM by PIB Guwahati
প্ৰচণ্ড বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ বাবে যোগাযোগ নেটৱৰ্কৰ তীব্ৰ বিঘিনি ঘটাৰ পিছতে জম্মু-কাশ্মীৰ, অসম আৰু নাগালেণ্ডত টেলিকম সেৱাৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে দূৰসংযোগ বিভাগে।
দুৰ্যোগৰ সময়ত টেলিকমিউনিকেচনৰ জটিল ভূমিকাক স্বীকৃতি দি দূৰসংযোগ বিভাগে তৎক্ষণাত নিজৰ জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সক্ৰিয় কৰে আৰু এই ৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ তলত উল্লেখ কৰা জিলাসমূহত ইন্ট্ৰা-চাৰ্কল ৰোমিং (আইচিআৰ) সক্ষম কৰাৰ বাবে সকলো টেলিকম সেৱা প্ৰদানকাৰীক নিৰ্দেশনা জাৰি কৰে:-
১/ জম্মু আৰু কাশ্মীৰ – পুঞ্চ আৰু ৰাজৌৰী
২) অসম - শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট
৩/ নাগালেণ্ড - মন
আইচিআৰ সক্ৰিয়কৰণৰ ফলত যিকোনো টেলিকম সেৱা প্ৰদানকাৰীৰ মোবাইল গ্ৰাহকে তেওঁলোকৰ ঘৰুৱা নেটৱৰ্ক সাময়িকভাৱে উপলব্ধ নোহোৱা স্থানত স্বয়ংক্ৰিয়ভাৱে আন এটা উপলব্ধ নেটৱৰ্কত প্ৰৱেশ কৰিব পাৰিব। এই সুবিধা দেশৰ অন্যান্য প্ৰান্তৰ পৰা এই জিলাসমূহ ভ্ৰমণ কৰা গ্ৰাহকসকলৰ বাবেও উপলব্ধ হ’ব। এই ব্যৱস্থাই ক্ষতিগ্ৰস্ত লোক, দুৰ্যোগ সঁহাৰি দল, স্বাস্থ্যসেৱা কৰ্মী আৰু সাহায্য তথা উদ্ধাৰ অভিযানত নিয়োজিত চৰকাৰী সংস্থাসমূহৰ বাবে যোগাযোগৰ উপলব্ধতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
দূৰসংযোগ বিভাগে নিজৰ ক্ষেত্ৰ ইউনিটৰ জৰিয়তে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্ত অঞ্চলত টেলিকম সেৱা ক্ষিপ্ৰতাৰে পুনৰুদ্ধাৰৰ বাবে টেলিকম সেৱা প্ৰদানকাৰীৰ সৈতে সমন্বয় সাধন কৰি আছে।
আইচিআৰ কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে:
ইণ্ট্ৰা চাৰ্কল ৰোমিং (ICR) হৈছে এটা টেলিকম ব্যৱস্থা য’ত এজন মোবাইল গ্ৰাহকে একেটা টেলিকম চাৰ্কল (অঞ্চল)ৰ ভিতৰতে আন এজন অপাৰেটৰৰ নেটৱৰ্কৰ সৈতে সংযোগ কৰে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে মোবাইল সেৱা লাভ কৰিব পাৰে যদিও তেওঁলোকৰ নিজৰ অপাৰেটৰৰ সেই নিৰ্দিষ্ট ক্ষেত্ৰত কোনো কভাৰেজ নাথাকে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ভ্ৰাম্যমাণ আন্তঃগাঁথনিৰ ক্ষতি হ’লে ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দুৰ্যোগৰ সময়ত যদি কোনো অঞ্চলত মোবাইল আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয়, তেন্তে দূৰসংযোগ বিভাগে টেলিকম চাৰ্ভিচ অপাৰেটৰসকলক আইচিআৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশনা জাৰি কৰে।
আইচিআৰে কাম কৰাটো নিশ্চিত কৰিবলৈ:
• আপোনাৰ ফোন ছেটিংছত "স্বয়ংক্ৰিয় নে'টৱৰ্ক নিৰ্বাচন" সক্ৰিয় কৰি ৰাখক।
• যদি স্বয়ংক্ৰিয় সংযোগ বিফল হয়;
ছেটিংছ > মোবাইল নেটৱৰ্কসমূহ > নেটৱৰ্ক অপাৰেটৰসমূহলৈ যাওক
অন্য উপলব্ধ নে'টৱৰ্ক নিৰ্বাচন কৰক
*****
NJ/AR/DM
(रिलीज़ आईडी: 2289535)
आगंतुक पटल : 8