যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
উত্তৰ-পূবৰ এলএছএৰ অধীনত তিনিখন জিলাত মোবাইল নেটৱৰ্কৰ মান পৰীক্ষা কৰি প্ৰতিবেদন প্ৰকাশ কৰিলে ট্ৰাইয়ে মিজোৰামৰ
प्रविष्टि तिथि:
22 JUL 2026 4:12PM by PIB Guwahati
ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰক প্ৰাধিকৰণ (ট্ৰাই)-এ ২০১৬ চনৰ মে' মাহত মিজোৰামৰ লুংলেই, লৱংটলাই আৰু ছাইহা জিলা তথা ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত চলোৱা স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (আইডিটি)ৰ ফলাফলসমূহ প্ৰকাশ কৰিছে। গ্ৰাহকসকলক মোবাইল সেৱা (ভয়চ আৰু ডাটা)ৰ প্ৰকৃত মান সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যৰে এই পৰীক্ষা চলোৱা হৈছিল।
ট্ৰাইৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধানত চলোৱা এই পৰীক্ষাত ৩৪২.৪ কিলোমিটাৰ চহৰৰ পথ, ১১টা ব্যস্ত হটস্পট স্থান আৰু ১.৩ কিলোমিটাৰ পদযাত্ৰা সামৰি লোৱা হৈছিল।
মুখ্য তথ্যসমূহ:
- ডাটা গতি (ইণ্টাৰনেট স্পীড):
- ৰিলাইয়ঞ্চ জিঅ’ (RJIL): সৰ্বাধিক ডাউনলোড স্পীড ৬৯.৮৯ Mbps (আপলোড: ৫.২২ Mbps)।
- এয়াৰটেল (Airtel): ডাউনলোড স্পীড ৫৯.৮৮ Mbps আৰু সৰ্বাধিক আপলোড স্পীড ১১.৮৩ Mbps।
- ভোডাফোন আইডিয়া (VIL): ডাউনলোড ১৬.০৫ Mbps / আপলোড ৩.৪৩ Mbps।
- বি এচ এন এল (BSNL): ডাউনলোড ৫.৪৬ Mbps / আপলোড ২.১০ Mbps।
- কল ড্ৰপ আৰু ভয়চ সেৱা:
- জিঅ’ৰ কল ড্ৰপৰ হাৰ আটাইতকৈ কম আছিল (৩৪৪টা সফল কলৰ ভিতৰত মাত্ৰ ৭টা ড্ৰপ)। ইয়াৰ পিছতে এয়াৰটেল (৩৩৪টাৰ ভিতৰত ২১টা) আছিল।
- বি এচ এন এল (২২২ টাৰ ভিতৰত ৫০টা) আৰু ভোডাফোন আইডিয়া (২০৭ টাৰ ভিতৰত ৪৬টা)ৰ ক্ষেত্ৰত কল ড্ৰপৰ পৰিমাণ অধিক দেখা গৈছে।
- নেটৱৰ্ক কভাৰেজৰ সমস্যা: পৰীক্ষা কৰা পথসমূহত আটাইকেইটা নেটৱৰ্কৰে কেতবোৰ স্থানত দুৰ্বল চিগনেল ধৰা পৰিছে, যাৰ ভিতৰত বিএছএনএল আৰু ভোডাফোন আইডিয়াৰ সমস্যা তুলনামূলকভাৱে অধিক আছিল।
এই স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট প্ৰতিবেদনৰ ফলাফলসমূহ সংশ্লিষ্ট টেলিকম সেৱা প্ৰদানকাৰী (TSP) সকললৈ তেওঁলোকৰ পৰ্যায়ত পৰৱৰ্তী প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে। আইডিটিৰ সবিশেষ প্ৰতিবেদন ট্ৰাইৰ ৱেবছাইট www.trai.gov.in-ত উপলব্ধ কৰা হৈছে। কোনো স্পষ্টীকৰণ বা অতিৰিক্ত তথ্যৰ বাবে adv.kolkata@trai.gov.in-লৈ ই-মেইল প্ৰেৰণ কৰিব পাৰে অথবা ট্ৰাইৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ সৈতে টেলিফোন নম্বৰ +91-33-22361401-ত যোগাযোগ কৰিব পাৰে।
Click here to see Annexure
*****
NJ/ARJ/DB
(रिलीज़ आईडी: 2289316)
आगंतुक पटल : 10