উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা কাৰুশিল্পী আৰু শিপিনীসকলৰ সৱলীকৰণৰ বাবে এন ই এইচ এইচ ডি চি আৰু এফ ডব্লিউ ডব্লিউ বি-য়ে স্বাক্ষৰ কৰে বুজাবুজি চুক্তি

प्रविष्टि तिथि: 22 JUL 2026 5:56PM by PIB Guwahati

ভাৰত চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়-ৰ অধীনস্থ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ ‘নৰ্থ ইষ্টাৰ্ন হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড’ (এন ই এইচ এইচ ডি চি) আৰু মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ দিশত কাম কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনা লাভকাৰী সংস্থা ‘ফ্ৰেণ্ডছ অব উইমেনছ ৱৰ্ল্ড বেংকিং, ইণ্ডিয়া’ (এফ ডব্লিউ ডব্লিউ বি)ই আজি গুৱাহাটীত প্ৰচাৰ আৰু বিপণনৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মহিলা কাৰুশিল্পী আৰু শিপিনীসকলৰ সংযোগ স্থাপন সম্পৰ্কীয় এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

দুয়োটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এন ই এইচ এইচ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী মাৰা কোচো (আই ই এছ) আৰু এফ ডব্লিউ ডব্লিউ বি-ৰ চি অ’ অ’ শ্ৰীমতী নেহা কানছাৰা-ই এই চুক্তিত স্বাক্ষৰ কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মহিলা কাৰুশিল্পী আৰু শিপিনীসকলক আৰ্থিকভাৱে সক্ষম, উদ্যোগ-প্ৰস্তুত, গুণগত মান সচেতন আৰু বজাৰ-সম্পৰ্কীয় উৎপাদক হিচাপে শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে এক সহযোগিতামূলক কাৰ্যসূচীৰ আনুষ্ঠানিক আৰম্ভণি ঘোষণা কৰে।

বুজাবুজি চুক্তি স্বাক্ষৰ কৰি শ্ৰী মাৰা কোচোৱে কয় যে এফ ডব্লিউ ডব্লিউ বি-ৰ সৈতে এই অংশীদাৰিত্ব হৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা কাৰুশিল্পী আৰু শিপিনীসকলৰ উদ্যোগিক সামৰ্থ্য শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এন ই এইচ এইচ ডি চি-ৰ প্লেটফৰ্ম আৰু নেটৱৰ্কসমূহক এফ ডব্লিউ ডব্লিউ বি-ৰ তৃণমূল পৰ্যায়ৰ উদ্যোগ-বিকাশ অভিজ্ঞতাৰ সৈতে সংযুক্ত কৰি ই শিল্পীসকলক উৎপাদনৰ উপৰিও বহনক্ষম, বজাৰ-সংলগ্ন দিশলৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।

এই অংশীদাৰিত্বই এন ই এইচ এইচ ডি চি-ৰ আঞ্চলিক মান্যতা, প্ৰতিষ্ঠানিক মঞ্চ আৰু নেটৱৰ্কসমূহক এফ ডব্লিউ ডব্লিউ বি-ৰ সম্প্ৰদায় পৰ্যায়ৰ সংগঠন আৰু উদ্যোগ উন্নয়ন বিশেষজ্ঞতাৰ সৈতে একত্ৰিত কৰিব। বুজাবুজি চুক্তিৰ অধীনত দুয়োটা সংস্থাই যৌথভাৱে ক্লাষ্টাৰ মেপিং আৰু শিল্পী সংগঠন, বিত্তীয় শিক্ষা আৰু উদ্যোগ বিত্তীয়ায়ণ, উদ্যোগীকৰণ, ক্ৰাফ্ট-লিংকড দক্ষতা উন্নীতকৰণ আৰু পণ্য বিকাশ, গুণগত মান, পেকেজিং আৰু কেটেলগ প্ৰস্তুতি, বজাৰ সংযোগ, আৰু চৰকাৰী আঁচনি আৰু সামাজিক সুৰক্ষাৰ সৈতে অভিসৰণৰ কাম কৰিব।

মহিলা শিল্পী আৰু শিপিনীসকলকো এন ই এইচ এইচ ডি চি-ৰ প্ৰতিষ্ঠান পূৰ্বশ্ৰী, ইয়াৰ খুচুৰা আৰু ই-কমাৰ্চ প্লেটফৰ্ম, প্ৰতিষ্ঠানিক বিক্ৰী, প্ৰদৰ্শনী, ক্ৰেতা–বিক্ৰেতাৰ অনুষ্ঠান, দক্ষতা কাৰ্যসূচী, বস্ত্ৰ পৰীক্ষণ আৰু সূতা আৰু কেঁচামালৰ সহায়ত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ’ব।

***

PG/BM/KB


(रिलीज़ आईडी: 2287976) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English