গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভিবি-জি-ৰাম-জি আঁচনি

प्रविष्टि तिथि: 21 JUL 2026 6:56PM by PIB Guwahati

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ৰোজগাৰ আৰু আজীৱিকা মিছন (গ্ৰামীণ) (ভিবি–জি ৰাম–জি) আইন, ২০২৫ মানি চলি নিজৰ নিজৰ ৰাজ্যিক আঁচনিসমূহৰ বিষয়ে অৱগত কৰিছে।

সমগ্ৰ দেশৰ গ্ৰাম্য অঞ্চলত আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হৈছে ০১.০৭.২০২৬ তাৰিখৰ পৰা। ০১.০৭.২০২৬ তাৰিখে আৰম্ভ হোৱাৰে পৰা ৰোজগাৰ আৰু আজীৱিকা অভিযান (গ্ৰামীণ) (ভিবি-জি ৰাম-জি)ৰ বাবে বিকশিত ভাৰত–নিশ্চয়তাৰ অধীনত আবণ্টিত তথা মুকলি কৰা ধনৰ ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণ পৰিশিষ্টত উল্লেখ কৰা হৈছে।

কিন্তু যিহেতু আঁচনিখন ২০২৬ চনৰ ১ জুলাইতহে কাৰ্যকৰী কৰা হৈছে, সেয়েহে মাষ্টাৰ ৰোলছ আৰু পৰৱৰ্তী  ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ (এফটিঅ’ ) বন্ধ কৰাৰ পিছত ৰাজ্যসমূহে পুঁজিৰ ব্যৱহাৰ কৰাৰ লগতে পেমেণ্ট মুকলি কৰিব ।

কেন্দ্ৰীয় চৰকাৰে ভিবি–জি ৰাম–জিৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰস্তুতিৰ বিষয়ত নিৰন্তৰ পৰ্যালোচনা কৰি আহিছে। সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ উপৰি  গ্ৰামোন্নয়ন মন্ত্ৰী আৰু গ্ৰামোন্নয়ন সচিবৰ অধ্যক্ষতাত কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হৈছে। এই পৰ্যালোচনা বৈঠকসমূহৰ ফলস্বৰূপেমন্ত্ৰালয়ে অবিৰতভাৱে কাৰিকৰী সহায় প্ৰদান কৰি আহিছে।

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ০১.০৭.২০২৬ তাৰিখৰ পৰা আঁচনিখনৰ ৰূপায়ণ সফলতাৰে আৰম্ভ কৰিবলৈ সক্ষম হৈছে ।

আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ সুবিধাৰ বাবে মন্ত্ৰালয়ে নিয়মীয়া পৰ্যালোচনা বৈঠক, আলোচনা আৰু অন্যান্য উপযুক্ত মঞ্চৰ জৰিয়তে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ বজাই ৰাখিছে। বিভিন্ন পৰ্যালোচনা বৈঠক আৰু লিখিত যোগাযোগৰ সময়ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে দিয়া পৰামৰ্শসমূহ মন্ত্ৰালয়ে যথাযথভাৱে  পৰ্যালোচনা কৰি আহিছে।

আজি লোকসভাত গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কমলেশ পাছোৱানে এক  লিখিত উত্তৰত এই তথ্য  প্ৰদান কৰে।

 

***

RC/PU/DM


(रिलीज़ आईडी: 2287567) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी