প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ প্ৰত্যাৱৰ্তন: মণিপুৰত শান্তিৰ স্বাৰ্থত এক উল্লেখনীয় পদক্ষেপ

শান্তিৰ পথেৰেঃ মণিপুৰত অসম ৰাইফলছ আৰু নিৰাপত্তা বাহিনীৰ প্ৰচেষ্টাত ৪৬ জন কেচিপি কেডাৰৰ আত্মসমৰ্পণ

प्रविष्टि तिथि: 21 JUL 2026 5:33PM by PIB Guwahati

সুস্থিৰ আৰু উন্নয়নমুখী যুগৰ সূচনা কৰিবলৈ সাজু হোৱা মণিপুৰে এক গভীৰ  নিৰাপত্তাৰ সৈতে জড়িত বিষয়ত  অগ্ৰগতি লাভ কৰিছে। ২০২৬ চনৰ ২১ জুলাই তাৰিখে  ইম্ফল পূৱ  জিলাত থকা অসম ৰাইফলছ(দক্ষিণ)ৰ মুখ্য কাৰ্যালয় মন্ত্ৰীপুখ্ৰী গেৰিছনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ৱাই খেমচান্দ সিঙৰ উপস্থিতিত নিষিদ্ধ ঘোষিত সংগঠন কংগলেইপাক কমিউনিষ্ট পাৰ্টি (পিপলছ ৱাৰ  গ্ৰুপ)ৰ ৪৬ জন সক্ৰিয় কেডাৰে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পন অনুষ্ঠানত  মণিপুৰ চৰকাৰৰ গৃহ মন্ত্ৰী তথা কলা-সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰীৰ লগতে চৰকাৰী তথা  নিৰাপত্তা বাহিনীৰ উচ্চপদস্থ বিষয়া,বিধায়ক, মুখ্য সচিব, মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা, জেনেৰেল অফিচাৰ কমাণ্ডিং স্পিয়াৰ কৰ্পছ, ডি জি পি- মণিপুৰ পুলিচ, আই জি আছাম ৰাইফলছ (দক্ষিণ), গৃহ আয়ুক্ত, ডি আই জি চি আৰ পি এফ আৰু ৰাজ্য প্ৰশাসন, নিৰাপত্তা বাহিনী আৰু অন্যান্য অংশীদাৰসকলৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

মূলসুঁতিৰ স্বাভাৱিক  জীৱনক আঁকোৱালি ল’বলৈ  আগবাঢ়ি অহা এই ব্যক্তিসকলে স্বেচ্ছাই এ কে ৰাইফল, ৩০৩ ৰাইফল, পিষ্টল, ডাবল বেৰেল ৰাইফল, একক বেৰেল ৰাইফল, ইনছাছ ৰাইফল, চেল্ফ লোডিং ৰাইফল, কাৰবাইন মেচিন গান আৰু ৰকেট প্ৰপেল্ড গ্ৰেনেড লঞ্চাৰৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, মেগজিন, গোলাবাৰুদ তথা  বিস্ফোৰক জমা দিয়ে।

কেডাৰসকলৰ এনে প্ৰত্যাৱৰ্তন অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে, কাৰণ এই কেডাৰসকলৰ কোনো এজনেই পূৰ্বৰ শান্তি চুক্তিৰ অংশ নাছিল।তেওঁলোকে  ১৯৮০ চনৰ ১৪ এপ্ৰিলত কমিউনিষ্ট মতাদৰ্শবাদী ৱাই ইবোহানবি আৰু ইবোপিছাকে প্ৰতিষ্ঠা কৰা কেচিপিৰ উত্তৰাধিকাৰক বহন কৰিছিল।  দশক দশক ধৰি মতাদৰ্শগত সংঘাতে গোটটোক অসংখ্য ভাগত বিভক্ত কৰি পেলাইছিল। পিপলছ ৱাৰ গ্ৰুপ (পি ডব্লিউ জি) ফৈদটোৱে অতি শক্তিশালী গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল। সংগঠনটোৱে  ইম্ফ লপূব , ইম্ফল পশ্চিম আৰু কাকচিঙকে ধৰি উপত্যকাৰ জিলাসমূহত অসামাজিক আৰু দেশ  বিৰোধী কাৰ্যকলাপৰ জৰিয়তে গুৰুতৰ প্ৰভাৱ পেলাইছিল।

ঐতিহাসিকভাৱে চাবলৈ গলে কেচিপি (পিডব্লিউজি)ৰ পৰা আত্মসমৰ্পণ কৰাৰ ঘটনা তেনে নগন্য হিচাবে বিবেচিত হৈ আহিছে।  উদাহৰণ স্বৰূপে  শেহতীয়া বছৰবোৰত পাঁচৰ পৰা বাৰজন কেডাৰেহে   কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পন কৰিছে। একেলগে ৪৬ জন সক্ৰিয় কেডাৰে এনেদৰে একেলগে আত্মসমৰ্পন কৰাৰ ঘটনা সেয়ে এক অভূতপূৰ্ব পৰিঘটনা হিচাবে বিবেচিত হৈছে । যদিও ইয়াক   পি ডব্লিউ জি ফৈদ  বিলুপ্ত হোৱা বুলি  ক’ব নোৱাৰি , তথাপি আজিৰ এই আত্মসমৰ্পনে গোটটোত ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে গোটটোত হোৱা সংঘাতৰ কথাই পুনৰবাৰ প্ৰতিফলিত কৰিছে। ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত  অসম ৰাইফলছ, মণিপুৰ আৰক্ষী আৰু সংশ্লিষ্ট সংস্থাসমূহে কেইবা সপ্তাহ ধৰি চলোৱা প্ৰচেষ্টাৰ এয়া এক সুফল । এইসকল ব্যক্তি তথা সংস্থাৰ  প্ৰচেষ্টাৰ ফলতে কেডাৰসকলে  উগ্ৰপন্থা ত্যাগ কৰি সমাজৰ মূল সুতিলৈ উভতি অহাৰ প্ৰেৰণা  লাভ কৰিছিল। আজিৰ এই আত্মসমৰ্পনৰ অনুষ্ঠানে  ৰাজহুৱা আন্তঃগাঁথনিৰ উন্নয়ন আৰু আঞ্চলিক সমৃদ্ধিৰ পথ মুকলি কৰি দিছে।

***

PG/DM


(रिलीज़ आईडी: 2287285) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English