বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে লাভ কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণ: ড° জীতেন্দ্ৰ সিং
২০১৪ চনৰ পূৰ্বে চেৰাপুঞ্জীত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ ৰেকৰ্ড হোৱা সত্ত্বেও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ দুটাহে বতৰ বিজ্ঞান ৰাডাৰ আছিল, যাৰ ভিতৰত মেঘালয়ত আছিল কেৱল এটা। বৰ্তমান এই অঞ্চলত ১৩ টা বতৰ বিজ্ঞান ৰাডাৰ আছে।
একেদৰে, ভূমিকম্পীয় মানৱাধিকাৰ কেন্দ্ৰ বা ভূকম্পন নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যাও ২০১৪ চনৰ পূৰ্বৰ ৮৪ টাৰ পৰা বৃদ্ধি পাই বৰ্তমান ১৭১ টা হৈছেগৈ: ড° জীতেন্দ্ৰ সিং
ড° জীতেন্দ্ৰ সিঙে শ্বিলঙৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ পৰ্যালোচনা কৰে, নেক্টাৰ (NECTAR) ক প্ৰযুক্তি-চালিত উন্নয়নৰ অনুঘটক আখ্যা
উত্তৰ-পূৰ্বাঞ্চল বৈজ্ঞানিক উদ্ভাৱন আৰু প্ৰযুক্তি প্ৰয়োগৰ এক মুখ্য কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে: ড° জীতেন্দ্ৰ সিং
ড° জীতেন্দ্ৰ সিঙে নেক্টাৰত জিঅ’-ইনফৰ্মেটিক্স লেবৰেটৰী উদ্বোধন কৰে, লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ পৰ্যালোচনা কৰে
प्रविष्टि तिथि:
14 JUL 2026 5:14PM by PIB Guwahati
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি, ভূ-বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, লোকঅভিযোগ আৰু পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকত উত্তৰ-পূৰ্বাঞ্চলে বৈজ্ঞানিক আন্তঃগাঁথনিৰ এক অভূতপূৰ্ব সম্প্ৰসাৰণ দৃশ্যমান হৈছে। ইয়াৰ জৰিয়তে অঞ্চলটোৰ কৌশলগত গুৰুত্ব আৰু অনন্য ভৌগলিক প্ৰত্যাহ্বান থকা সত্ত্বেও বিগত দশকবোৰত হৈ অহা অৱহেলাৰ অন্ত পৰিছে।
বৈজ্ঞানিক সক্ষমতাৰ এই উল্লেখনীয় পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে চেৰাপুঞ্জীত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ ৰেকৰ্ড হোৱা সত্ত্বেও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত মাত্ৰ দুটাহে বতৰ বিজ্ঞান ৰাডাৰ আছিল, যাৰ ভিতৰত মেঘালয়ত আছিল কেৱল এটা। বৰ্তমান এই অঞ্চলত ১৩ টা বতৰ বিজ্ঞান ৰাডাৰ আছে। একেদৰে, ভূমিকম্পীয় নিৰীক্ষণ কেন্দ্ৰৰ সংখ্যাও ২০১৪ চনৰ পূৰ্বৰ ৮৪ টাৰ পৰা বৃদ্ধি পাই বৰ্তমান ১৭১ টা হৈছেগৈ, আনহাতে, পূৰ্বে এই অঞ্চলত অস্তিত্ব নথকা বিশেষ ধৰণৰ বজ্ৰপাত ধৰা পেলোৱা কেন্দ্ৰ এতিয়া মেঘালয় আৰু ত্ৰিপুৰাত স্থাপন কৰা হৈছে। তেওঁ কয় যে এই পদক্ষেপসমূহে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৈজ্ঞানিক প্ৰস্তুতি, দুৰ্যোগ প্ৰতিৰোধ ক্ষমতা আৰু প্ৰযুক্তি-আধাৰিত উন্নয়ন সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰতিবদ্ধতাকে প্ৰতিফালিত কৰে।
শ্বিলঙৰ ‘নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰীচ’ (NECTAR) ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ এক ব্যাপক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰাৰ সময়ত ড° জীতেন্দ্ৰ সিঙে এই মন্তব্য কৰে। বৈঠকৰ সময়ত, বিভিন্ন ডি এছ টি প্ৰতিষ্ঠানৰ মুৰব্বীসকলে উত্তৰ-পূৰ্বাঞ্চলত বৈজ্ঞানিক গৱেষণা, উদ্ভাৱন, প্ৰযুক্তি সম্প্ৰসাৰণ আৰু ক্ষমতা বিকাশৰ সৈতে জড়িত তেওঁলোকৰ চলিত কাৰ্যসূচী, প্ৰধান সাফল্য আৰু ভৱিষ্যতৰ পদক্ষেপসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে নেক্টাৰৰ অত্যাধুনিক জিঅ’-ইনফৰ্মেটিক্স লেবৰেটৰীও উদ্বোধন কৰে আৰু কেইবাটাও ফ্লেগশ্বিপ প্ৰযুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি বিজ্ঞানী, গৱেষক, ছাত্ৰ-ছাত্ৰী, হিতাধিকাৰী কৃষক তথা বিষয়াসকলৰ সৈতে মতবিনিময় কৰে।
ড° জীতেন্দ্ৰ সিঙে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে সাধাৰণ নাগৰিকৰ জীৱন প্ৰত্যক্ষভাৱে উন্নত কৰিব লাগিব। ইয়াৰ লগতে তেওঁ লেবৰেটৰীৰ উদ্ভাৱনসমূহক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক, যুৱক-যুৱতী, উদ্যমী আৰু গ্ৰাম্য সমাজৰ বাবে লাভদায়ক ব্যৱহাৰিক প্ৰযুক্তিলৈ সফলতাৰে ৰূপান্তৰিত কৰাৰ বাবে নেক্টাৰক প্ৰশংসা কৰে। তেওঁ কয় যে বৈজ্ঞানিক গৱেষণাৰ লাভালাভসমূহ তৃণমূল পৰ্যায়লৈ যোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত নেক্টাৰৰ দৰে প্ৰতিষ্ঠানসমূহ গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে।
মন্ত্ৰীগৰাকীয়ে নেক্টাৰ আৰু চিএছআইআৰ-চিএফটিআৰআই (CSIR-CFTRI) এ যুটীয়াভাৱে বিকশিত কৰা ম'বাইল ফুড প্ৰচেছিং ইউনিটৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে আৰু ইয়াক এক অভিনৱ "প্ৰচেছিং অন হুইলচ" আৰ্হি হিচাপে অভিহিত কৰে, যিয়ে খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰযুক্তিক পোনপটীয়াকৈ কৃষকৰ দুৱাৰদলিলৈ লৈ আহে। তেওঁ কয় যে এই সুবিধাই পাম বা খেতি পথাৰৰ পৰ্যায়তে মূল্য সংযোজন সম্ভৱ কৰি তোলে, বিশেষকৈ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে; ইয়াৰ লগতে ই দক্ষতা বিকাশ, খাদ্যৰ গুণগত মান নিশ্চিতকৰণ আৰু উদ্যমিতাকো উদগনি যোগায়। মন্ত্ৰীগৰাকীয়ে কয় যে এনে পদক্ষেপে অতি কম পৰিমাণৰ কৃষি উৎপাদিত সামগ্ৰীৰ পৰাও জীৱিকাৰ সুযোগ সৃষ্টি কৰি কৃষকসকলৰ আত্মবিশ্বাস সুদৃঢ় কৰে।
পিএম-ডিভাইন কাৰ্যসূচীৰ অধীনত নেক্টাৰৰ পদক্ষেপসমূহ পৰ্যালোচনা কৰি, ড° জীতেন্দ্ৰ সিঙে ভাৱা পৰমাণু গৱেষণা কেন্দ্ৰৰ পৰা স্থানান্তৰিত কৰা প্ৰযুক্তিৰ ব্যৱহাৰেৰে স্থাপন কৰা ‘বসুন্ধৰা মৃত্তিকা জৈৱ কাৰ্বন ধৰা পেলোৱা গৱেষণাগাৰ তথা উৎপাদন গোট’ৰ শলাগ লয়। তেওঁ কয় যে এই সুবিধাই সঠিক ইন-চিটু (in-situ) মাটি পৰীক্ষণ আৰু বৈজ্ঞানিক পৰামৰ্শ প্ৰদান কৰে, যাৰ দ্বাৰা কৃষক, কৃষি বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ যথেষ্ট উপকৃত হ’ব। তেওঁক অৱগত কৰা হয় যে ইতিমধ্যে প্ৰায় ২,৫০০ কৃষকে মাটি পৰীক্ষণ কিট লাভ কৰিছে আৰু এই পদক্ষেপে অৱশেষত অঞ্চলটোৰ বাবে এক সামগ্ৰিক মৃত্তিকা স্বাস্থ্য ডাটাবেছ (soil health database) গঢ়ি তোলাত সহায় কৰিব।
মন্ত্ৰীগৰাকীয়ে নেক্টাৰৰ ‘ষ্টেম’ (STEM) শিক্ষা গৱেষণাগাৰো পৰিদৰ্শন কৰে, যিয়ে ৰবটিক্স, ক’ডিং, কৃত্ৰিম বুদ্ধিমত্তা (AI), ৩ডি প্ৰিণ্টিং আৰু উদ্ভাৱন-আধাৰিত কাৰ্যকলাপৰ জৰিয়তে ব্যৱহাৰিক বা অভিজ্ঞতামূলক শিক্ষাক উদগনি যোগায়। তেওঁ কয় যে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হোৱাৰ পিছৰে পৰা এই গৱেষণাগাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক অভূতপূৰ্ব উৎসাহৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে, আইআইটি কানপুৰৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যত ৫০ টা ষ্টেম গৱেষণাগাৰ স্থাপনৰ পদক্ষেপক তেওঁ প্ৰশংসা কৰে, যাৰ দ্বাৰা বিশেষকৈ দুৰ্গম আৰু সুবিধাবঞ্চিত অঞ্চলৰ প্ৰায় ২৫,০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব।
ড° জীতেন্দ্ৰ সিঙে নেক্টাৰৰ উন্নত জিঅ’-ইনফৰ্মেটিক্স লেবৰেটৰী উদ্বোধন কৰে আৰু ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ অত্যাধুনিক ভূ-স্থানীয় প্ৰযুক্তিসুবিধাসমূহৰ অন্যতম বুলি অভিহিত কৰে। লিডাৰ (LiDAR) আৰু হাইপাৰস্পেকট্ৰেল-সক্ষম ভিটিঅ’এল (VTOL) প্লেটফৰ্মসহ ১৭ টা উন্নত ড্ৰোনেৰে সুসজ্জিত, উচ্চ-ক্ষমতাসম্পন্ন কম্পিউটিং প্ৰণালী আৰু বিশেষ ভূ-স্থানীয় ছফ্টৱেৰৰ দ্বাৰা সমৰ্থিত এই গৱেষণাগাৰে ইতিমধ্যে বন কাৰ্বন মূল্যায়ন, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, খনন পুনৰুদ্ধাৰ আৰু দুৰ্যোগ প্ৰতিৰোধ ক্ষমতা আদিৰ দৰে ক্ষেত্ৰসমূহত ২,০০০ বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকা সামৰি প্ৰকল্পসমূহ ৰূপায়ণ কৰিছে। ড্ৰোন-আধাৰিত মেপিঙে স্বামিত্ব (SVAMITVA) আঁচনিৰ অধীনত ৭০০ তকৈও অধিক গাঁৱক সহায় কৰাৰ লগতে পিএম-ডিভাইনৰ অধীনত প্ৰায় ২৫,০০০ কৃষক জড়িত হৈ থকা বৈজ্ঞানিক জৈৱিক কৃষি প্ৰকল্পসমূহকো সহায় কৰিছে।
মন্ত্ৰীগৰাকীয়ে নেক্টাৰৰ ক্ষমতা বিকাশৰ ওপৰত দিয়া গুৰুত্বক প্ৰশংসা কৰি উল্লেখ কৰে যে এই কেন্দ্ৰটোৱে ৫৬৯ গৰাকী ড্ৰোন টেকনিচিয়ান, ২৪৭ গৰাকী জিআইএছ আৰু ৰিম’ট চেন্সিং পেছাদাৰী, ইয়াৰ ৰিম’ট পাইলট ট্ৰেইনিং অৰ্গেনাইজেশ্যনৰ জৰিয়তে ১০৭ গৰাকী প্ৰমাণিত ড্ৰোন পাইলট আৰু উদীয়মান প্ৰযুক্তিসমূহত ৪,৫০০ তকৈও অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে। এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ১৯০ গৰাকীতকৈও অধিক যুৱক-যুৱতীৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে ভাৰতৰ ড্ৰোন মিছন আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীতো অৰিহণা যোগাইছে।
ড° জীতেন্দ্ৰ সিঙে কয় যে বৈজ্ঞানিক জৈৱিক কৃষি, সামূহিক বীজ বেংক, কলৰ আঁহৰ মূল্য সংযোজন, চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা, খাদ্য প্ৰক্ৰিয়াকৰণ, বাঁহ আৰু প্ৰাকৃতিক আঁহৰ প্ৰযুক্তি, প্ৰযুক্তি ইনকুবেচন আৰু উদ্যমিতা বিকাশ আদি সামৰি লোৱা বিভিন্ন পদক্ষেপৰ জৰিয়তে নেক্টাৰে উত্তৰ-পূৰ্বাঞ্চলত এক প্ৰধান প্ৰযুক্তি ৰূপায়ণকাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে এই পদক্ষেপসমূহে সমগ্ৰ অঞ্চলটোতে কৃষক গোটসমূহক সুদৃঢ় কৰিছে, বজাৰ সংযোগৰ উন্নতি সাধন কৰিছে, গ্ৰাম্য উদ্যোগসমূহক উদগনি যোগাইছে আৰু বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰিছে।
মন্ত্ৰীগৰাকীয়ে নিউ শ্বিলঙত নিৰ্মাণাধীন নেক্টাৰ (NECTAR) ৰ স্থায়ী চৌহদৰ অগ্ৰগতিতো সন্তোষ প্ৰকাশ কৰে, যিয়ে গৱেষণা, উদ্ভাৱন, প্ৰযুক্তি প্ৰদৰ্শনী, ইনকুবেচন, প্ৰশিক্ষণ আৰু ক্ষমতা বিকাশৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তেওঁ কয় যে এই আগন্তুক চৌহদটোৱে বিজ্ঞান-চালিত সমাধানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য উন্নয়নমূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ ভূমিকা আৰু অধিক সুদৃঢ় কৰিব।
নেক্টাৰ আৰু সকলো সহযোগী প্ৰতিষ্ঠানক অভিনন্দন জনাই ড° জীতেন্দ্ৰ সিঙে দৃঢ় বিশ্বাস প্ৰকাশ কৰে যে এই কেন্দ্ৰটো ভূ-স্থানীয় বিজ্ঞান, ড্ৰোন প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তি-সক্ষম গ্ৰাম্য উন্নয়নৰ এক ৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে ধাৰাবাহিকভাৱে আত্মপ্ৰকাশ কৰি যাব, যিয়ে ‘বিকশিত ভাৰত @২০৪৭’ ৰ দৃষ্টিভংগীৰ দিশত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব।





*****
NKR/AK/RD
(रिलीज़ आईडी: 2285229)
आगंतुक पटल : 12