উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ‘ডেষ্টিনেশ্যন ত্ৰিপুৰা বিজনেছ কনক্লেভ ২০২৬’ত বিনিয়োগকাৰীসকলক ত্ৰিপুৰাৰ বিস্তৃত বিকাশ সম্ভাৱনা অন্বেষণৰ আহ্বান জনায়
প্ৰধানমন্ত্ৰী মোদীৰ ‘এক্ট ইষ্ট’ দৃষ্টিভংগীৰ অধীনত ত্ৰিপুৰা ভাৰতৰ দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে: সিন্ধিয়া
সংযুক্ত আৰু সমৃদ্ধ ত্ৰিপুৰা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মানিক সাহাৰ নেতৃত্বৰ প্ৰশংসা কৰে সিন্ধিয়াই
ত্ৰিপুৰাই ভাৰতৰ দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু নতুন বিনিয়োগ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে: সিন্ধিয়া
प्रविष्टि तिथि:
09 JUL 2026 8:07PM by PIB Guwahati
উত্তৰ-পূব অঞ্চল উন্নয়ন আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ‘ডেষ্টিনেশ্যন ত্ৰিপুৰা বিজনেছ কনক্লেভ ২০২৬’ত ভাষণ প্ৰদান কৰি উদ্যোগপতিসকলক ত্ৰিপুৰাৰ উল্লেখযোগ্য বিকাশ যাত্ৰাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। তেওঁ ত্ৰিপুৰাক উত্তৰ-পূব ভাৰতৰ অন্যতম সম্ভাৱনাময় বিনিয়োগ গন্তব্যস্থান হিচাপে অভিহিত কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত উত্তৰ-পূব অঞ্চলে ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ যাত্ৰাত এক শক্তিশালী বিকাশ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ ৰূপান্তৰমুখী ‘এক্ট ইষ্ট’ নীতিয়ে উত্তৰ-পূব অঞ্চলক ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰিচয়ৰ পৰা দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰলৈ ৰূপান্তৰিত কৰিছে, যাৰ ফলত বাণিজ্য, বিনিয়োগ আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব সুযোগৰ সৃষ্টি হৈছে।

ত্ৰিপুৰাক সংযোগ, বাণিজ্য আৰু সম্ভাৱনাৰ সংগমস্থল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ‘ডেষ্টিনেশ্যন ত্ৰিপুৰা বিজনেছ কনক্লেভে’ এনে এখন ৰাজ্যক বিশ্বৰ সন্মুখত উপস্থাপন কৰিছে, যি দীৰ্ঘম্যাদী সুযোগৰ সন্ধান কৰা বিনিয়োগকাৰীসকলৰ বাবে এক অগ্ৰাধিকাৰপ্ৰাপ্ত গন্তব্যস্থান হিচাপে গঢ় লৈ উঠিবলৈ সম্পূৰ্ণ সাজু। তেওঁ কয় যে আগৰতলা দক্ষিণ-পূব এছিয়াৰ এক কৌশলগত প্ৰৱেশদ্বাৰ হিচাপে বিকশিত হৈছে, যিয়ে ৬৭ কোটিতকৈ অধিক জনসংখ্যাৰ আছিয়ান অঞ্চল আৰু বিশ্বৰ অন্যতম বৃহৎ অৰ্থনৈতিক গোটৰ সৈতে ব্যৱসায়িক সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে।
কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ বিশেষ শক্তিসমূহৰ ওপৰত আলোকপাত কৰি কয় যে ৰাজ্যখনত প্ৰাকৃতিক গেছ, বাঁহ, আগৰ, ৰবৰ, চাহ, মচলা আৰু উদ্যান শস্যৰ প্ৰচুৰ ভাণ্ডাৰ, উচ্চশিক্ষিত জনশক্তি, বিনিয়োগকাৰী সহায়ক নীতি, সম্প্ৰসাৰিত আন্তঃগাঁথনি আৰু ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱেৰ দৰে বিশেষ সুবিধা উপলব্ধ। তেওঁ উল্লেখ কৰে যে ভাৰতৰ সৰ্বাধিক বাঁহ উৎপাদনকাৰী ৰাজ্য আৰু দেশৰ দ্বিতীয় সৰ্ববৃহৎ প্ৰাকৃতিক ৰবৰ উৎপাদনকাৰী ৰাজ্য হিচাপে ত্ৰিপুৰাৰ আত্মপ্ৰকাশে উৎপাদন, খাদ্য প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, লজিষ্টিকছ, ৰপ্তানি আৰু প্ৰযুক্তিনিৰ্ভৰ উদ্যোগৰ ক্ষেত্ৰত অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে।

“বিনিয়োগৰ ভিত্তি হৈছে আস্থা, আস্থাৰ ভিত্তি হৈছে আন্তঃগাঁথনি আৰু আন্তঃগাঁথনিৰ ভিত্তি হৈছে সুদূৰপ্ৰসাৰী দৃষ্টিভংগী” বুলি উল্লেখ কৰি শ্ৰী সিন্ধিয়াই কয় যে বিগত এটা দশকত ভাৰত চৰকাৰে উন্নত সংযোগ ব্যৱস্থা, আধুনিক আন্তঃগাঁথনি আৰু শক্তিশালী প্ৰতিষ্ঠানগত সমৰ্থনৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ পৰিসৰ মৌলিকভাৱে ৰূপান্তৰিত কৰিছে। তেওঁ ভাৰত–ম্যানমাৰ–থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ, কালাদান বহুমুখী পৰিবহণ প্ৰকল্প, চাব্ৰুম বিশেষ অৰ্থনৈতিক অঞ্চল, মৈত্ৰী সেতু আৰু সমন্বিত পৰীক্ষা চকীৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ উল্লেখ কৰি কয় যে এইসমূহে ত্ৰিপুৰাক দক্ষিণ-পূব এছিয়ালৈ ৰপ্তানিৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।

বিনিয়োগকাৰীসকলক এই সুবৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই শ্ৰী সিন্ধিয়াই কয় যে লেণ্ডলক ৰাজ্যৰ পৰা বঙ্গোপসাগৰৰ প্ৰৱেশদ্বাৰলৈ ত্ৰিপুৰাৰ এই ৰূপান্তৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূব অঞ্চলত সংঘটিত বৃহত্তৰ পৰিৱৰ্তনৰেই প্ৰতিফলন ঘটাইছে। অঞ্চলটোৰ প্ৰতি ভাৰত চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰি তেওঁ কয় যে অষ্টলক্ষ্মী ৰাজ্যসমূহ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পৰৱৰ্তী অধ্যায়ৰ নেতৃত্ব দিবলৈ সম্পূৰ্ণৰূপে সাজু।
*****
PS/AA
(रिलीज़ आईडी: 2283109)
आगंतुक पटल : 14