উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আগৰতলাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰা বিজনেছ কংক্লেভ ২০২৬ত অংশগ্ৰহণ কৰিব
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট দৃষ্টিভংগীক আগুৱাই নিয়াৰ লক্ষ্যৰে বিনিয়োগ, উদ্যোগ আৰু সংযোগ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব
प्रविष्टि तिथि:
08 JUL 2026 7:55PM by PIB Guwahati
উত্তৰ-পূব অঞ্চল উন্নয়ন আৰু যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া বৃহস্পতিবাৰ, ৯ জুলাইত এদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰালৈ যাব। ভ্ৰমণকালত তেওঁ আগৰতলাৰ হাপানিয়াস্থিত আন্তঃৰাষ্ট্ৰীয় মেলা প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া ‘ত্ৰিপুৰা বিজনেছ কংক্লেভ ২০২৬’-ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু উদ্যোগপতি, বিনিয়োগকাৰী, ব্যৱসায়ী আৰু নীতিনিৰ্ধাৰকসকলক সম্বোধন কৰিব।
‘ত্ৰিপুৰা বিজনেছ কংক্লেভ ২০২৬’ৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনত ঔদ্যোগিক বিনিয়োগ ত্বৰান্বিত কৰা, বাণিজ্য আৰু উদ্যোগীকৰণক উৎসাহিত কৰা আৰু স্থানীয় উদ্যোগসমূহক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযুক্ত কৰা। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিনিয়োগ, সংযোগ ব্যৱস্থা, লজিষ্টিকছ, ঔদ্যোগিক উন্নয়ন শক্তিশালী কৰা আৰু উত্তৰ-পূব অঞ্চলৰ বিপুল অৰ্থনৈতিক সম্ভাৱনাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ আৰু ভৱিষ্যৎ পথনক্সা দাঙি ধৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াৰ এই ভ্ৰমণক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট’ দৃষ্টিভংগী আৰু ‘বিকশিত উত্তৰ-পূব’ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিক অধিক গতিশীল কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। সমগ্ৰ অঞ্চলটোত আন্তঃগাঁথনি, যোগাযোগ সংযোগ, উদ্যোগ, পৰ্যটন আৰু বিনিয়োগৰ ধাৰাবাহিক শক্তিশালীকৰণৰ জৰিয়তে উত্তৰ-পূবক ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক শক্তিশালী বিকাশ ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
‘ৰাইজিং নৰ্থ-ইষ্ট’ৰ পৰা ‘ত্ৰিপুৰা বিজনেছ কংক্লেভ’লৈ: বিনিয়োগৰ পৰা ঔদ্যোগিক বিকাশৰ দিশত অগ্ৰণী যাত্ৰা
উল্লেখযোগ্য যে, ২০২৫ চনৰ মে’ মাহত নতুন দিল্লীত অনুষ্ঠিত ‘ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫’ত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰায় ৪.৫ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ লাভ কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল ত্ৰিপুৰাৰ বাবেই প্ৰায় ২৩,৮৬৭ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ আহিছিল। এই ছামিটত উত্তৰ-পূব অঞ্চলৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাখনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ বহুকেইটা ইতিমধ্যে ৰূপায়ণৰ পৰ্যায়ত উপনীত হৈছে।
‘ত্ৰিপুৰা বিজনেছ কংক্লেভ ২০২৬’ এই প্ৰক্ৰিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিনিয়োগ প্ৰস্তাৱসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰা, নতুন বিনিয়োগ আকৰ্ষণ কৰা আৰু ৰাজ্যখনত ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিত নতুন গতি সঞ্চাৰ কৰা।
*****
PS/AA
(रिलीज़ आईडी: 2282666)
आगंतुक पटल : 9