যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

অসম এল এছ এৰ অধীনত ৰাজ্যখনৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মোবাইল নেটৱৰ্কৰ মানৰ মূল্যায়ন ট্ৰাই (TRAI)ৰ

प्रविष्टि तिथि: 03 JUL 2026 12:25PM by PIB Guwahati

টেলিকম ৰেগুলেটৰী অথৰিটী অব ইণ্ডিয়া (TRAI)ই ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অসম এল এছ এৰ অধীনত অনুষ্ঠিত স্বতন্ত্ৰ ড্ৰাইভ টেষ্ট (IDT)ৰ তথ্য সাধাৰণ টেলিকম গ্ৰাহকৰ বাবে প্ৰকাশ কৰিছে। এই অভিয়ানৰ লক্ষ্য হৈছে টেলিকম সেৱা প্ৰদানকাৰী (TSPs) দ্বাৰা প্ৰদান কৰা মোবাইল নেটৱৰ্ক সেৱাৰ (ভইচ আৰু ডাটা দুয়োটা) বাস্তৱ সময়ৰ মান মূল্যায়ন আৰু পৰীক্ষা কৰা। IDTৰ সময়ত, TRAI-এ TSPসমূহৰ আগবঢ়োৱা মূল সেৱাৰ মান (QoS)সমূহ যেনে- কভাৰেজ, কল ড্ৰপ হাৰ (CDR), কল ছেটআপ সফলতা হাৰ (CSSR), ডাটা ডাউনলোড (DL) আৰু আপলোড (UL) থ্ৰুপুটত ৰেকৰ্ড কৰে। তাৰ পিছত এইবোৰ প্ৰকাশ কৰি গ্ৰাহকক অৱগত কৰা হয় আৰু TSPসকলক তেওঁলোকৰ সেৱা উন্নত কৰিবলৈ উৎসাহিত কৰা হয়।

এই IDTসমূহক বিভিন্ন ব্যৱহাৰযোগ্য পৰিৱেশ, যেনে- চহৰ, হটস্পট, ৰাজহুৱা পৰিবহণ হাব আদিত সকলো TSPৰ অন-গ্ৰাউণ্ড মোবাইল নেটৱৰ্ক আগবঢ়াবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে। এই ধৰণৰ ড্ৰাইভ পৰীক্ষণত, লাইভ ডাটা আৰু ভইচ অধিৱেশনবোৰ ২জি, ৩জি, ৪জি আৰু ৫জি নেটৱৰ্কৰ সকলো TSPৰ পৰা চিম কাৰ্ড ব্যৱহাৰ কৰি নিৰীক্ষণ আৰু বিশ্লেষণ কৰা হয়। একাধিক উন্নত পৰীক্ষা হেণ্ডছেট ব্যৱহাৰ কৰা হয়, আৰু অধিবেশনসমূহক উন্নত চফ্টৱেৰ চিস্টেমসমূহ ব্যৱহাৰ কৰি বাস্তৱ সময়ত নিৰীক্ষণ আৰু বিশ্লেষণ কৰা হয়।

ট্ৰায়ে নিযুক্ত সংস্থাৰ জৰিয়তে ২০২৬ চনৰ ১৩ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ১৭ এপ্ৰিলৰ ভিতৰত ৰাজ্যখনৰ অসম এল এছ এত চিটি ড্ৰাইভ (৩৭৪.৫ কিলোমিটাৰ), হটস্পট লোকেচন (১৩) আৰু ৱাক টেষ্ট (২.২ কিলোমিটাৰ) চলাইছিল। এই পৰীক্ষাসমূহ ট্ৰাইৰ কলকাতা আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত কৰা হৈছিল। এই অভিয়ানৰ প্ৰতিবেদনে ড্ৰাইভ পৰীক্ষাৰ দিন/সময়ত পৰীক্ষা কৰা অঞ্চল/পথত TSPসমূহৰ পৰিৱেশনত আলোকপাত কৰে।

এই অভিযানৰ ৰূপেৰখা : তলৰ মানচিত্ৰখনে এই অভিযান পৰীক্ষা পথৰ এটা আভাস প্ৰদান কৰে, যিয়ে চিটী ড্ৰাইভ, ইণ্টাৰ-অপাৰেটৰ কলিং, হটস্পট আৰু ৱাক টেষ্টসমূহ সূচায়-

 

এই অভিযানৰ মূল মাপকাঠীবোৰ হৈছে

  1. কভাৰেজ ব্যৱধান : নমুনাৰ শতাংশ, যাৰ বাবে সংকেত শক্তি নিজ নিজ প্ৰযুক্তিৰ বাবে নূন্যতম নিৰ্ধাৰিত সংকেত শক্তিতকৈ কম পৰ্যবেক্ষণ কৰা হয় (2G/ 3G/ 4G/ 5G)।
  2. ভইচ ছাৰ্ভিছ : কল ছেটআপ সফলতাৰ হাৰ (CSSR), ড্ৰপ কলৰ হাৰ (DCR), কল ছেটআপ সময়, কল নিস্তব্ধ হাৰ, কথোপকখনৰ মান (MOS)।
  3. কল ছাইলেন্স ইনষ্টেন্স : এটা কলৰ সময়ত কল ছইলেন্সৰ ইনষ্টেন্সৰ সংখ্যা।
  4. ডাটা সেৱাসমূহ : ডাউনলোড/আপলোড থ্ৰুপুট, লেটেন্সি, জিটাৰ, পেকেট ড্ৰপ হাৰ।

ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মূল মাপকাঠীসমূহৰ বাবে সামগ্ৰিক মোবাইল নেটৱৰ্কৰ প্ৰদৰ্শনৰ সাৰাংশ তলত দিয়া হ’ল :

    1. কভাৰেজ ব্যৱধান - অটো-ছিলকচন মোডত চিটি ড্ৰাইভ টেষ্ট ৰুট আৰু হাইৱে ড্ৰাইভ টেষ্ট ৰুটত (৫জি/৪জি/৩জি/২জি) ভইচ টেষ্টিঙৰ সময়ত পৰ্যবেক্ষণ কৰা সংকেতৰ শক্তি, সংগ্ৰহ কৰা মুঠ নমুনাৰ ভিতৰত দুৰ্বল সংকেত শক্তি থকা নমুনাৰ সংখ্যা হিচাপে জুখিলে, এয়াৰটেলৰ বাবে ২৭৬০/ ৬৩৫৩৪, বিএছএনএলৰ বাবে ১২৮৮৮/ ৫৯৭৭৬, ৪১৮১/ আৰ জি আই এলৰ বাবে ৫৯৬৯৮ আৰু ভি আই এলৰ বাবে ১২৪৭৫/ ৬২৪৪০ নম্বৰত। কভাৰেজৰ ব্যৱধানৰ সবিশেষ সংলগ্ন মানচিত্ৰত দিয়া হৈছে।                                                       
    2. ড্ৰপ কৰা কল - সফলতাৰে স্থাপন কৰা কলৰ সংখ্যাতকৈ ড্ৰপ কৰা কলৰ সংখ্যা জুখিছিল। এই সংখ্যা আছিল : এয়াৰটেলৰ ১/৪৪৭, বি এছ এন এলৰ ১৪৪/৫০১, আৰ জে আই এলৰ ২/৪৪৬ আৰু ভি আই এলৰ ১১/৪৪৫। ড্ৰপ কৰা কল হোৱা স্থানসমূহৰ সবিশেষ সংলগ্ন মানচিত্ৰত দিয়া হৈছে।
    3. কল চাইলেন্স ইনষ্টেন্স – যোগাযোগ স্থাপন কৰা মুঠ কলৰ ভিতৰত ৩ ছেকেণ্ডতকৈ অধিক সময় নিস্তব্ধ হৈ থকা মুঠ কলৰ সংখ্যা) আছিল এয়াৰটেলৰ বাবে ৭/৪৪১, বিএছএনএলৰ ১৮/৩৮৪, আৰজিআইএলৰ ১০/৪৩২ আৰু ভিআইএলৰ বাবে ৯/৩৮৯। কল চাইলেন্স দৃষ্টান্ত থকা অৱস্থানসমূহ সংলগ্ন মানচিত্ৰত দেখুওৱা হৈছে।

d) ডাটা ডাউনলোড আৰু আপলোড থ্ৰুপুট:

  1. ডাটা ডাউনলোডৰ পৰিৱেশন (সামগ্ৰিকভাৱে): এয়াৰটেলৰ বাবে গড় ডাউনলোড গতি ১১৬.৫২ এমবিপিএছ (৫জি/৪জি), বিএছএনএলৰ ৯.৮১ এমবিপিএছ (৪জি/২জি), আৰজেআইএলৰ ২২৫.০৮ এমবিপিএছ (৫জি/৪জি) আৰু ভিআইএলৰ ২৭.২৭ এমবিপিএছ (৫জি/৪জি/২জি) হিচাপে পৰ্যবেক্ষণ কৰা হৈছিল। ডাউনলোড থ্ৰুপুটৰ বিৱৰণ সংলগ্ন মানচিত্ৰত দিয়া হৈছে।

ii) ডাটা আপলোডৰ পৰিৱেশন (সামগ্ৰিকভাৱে): এয়াৰটেলৰ বাবে গড় আপলোডৰ গতি ২৬.১৮ এমবিপিএছ (৫জি/৪জি), বিএছএনএলৰ ৫.৭১ এমবিপিএছ (৪জি/২জি), আৰজেআইএল (৫জি/৪জি)ৰ ১৬.১৯ এমবিপিএছ আৰু ভিআইএল (৫জি/৪জি/২জি)ৰ ৭.৩৭ এমবিপিএছ হিচাপে পৰ্যবেক্ষণ কৰা হৈছিল। আপলোড থ্ৰুপুটৰ বিৱৰণ সংলগ্ন মানচিত্ৰত দিয়া হৈছে।

 

ড্ৰপ কৰা কলসমূহৰ অৱস্থান আৰু কল নিস্তব্ধতাৰ উদাহৰণসমূহ সংলগ্ন মানচিত্ৰত ৰঙা বিন্দু ক্লিক কৰি চাব পাৰি।

এই অভিযানৰ পৰীক্ষাৰ পথ আৰু IDTৰ সময়ত সামৰি লোৱা এলেকাৰ বিৱৰণ তলত দিয়া ধৰণৰ: -

  1. চহৰ - চিটি ড্ৰাইভত সামৰি লোৱা এলেকাসমূহ হ’ল ডিব্ৰুগড় বিমানবন্দৰ, ডিব্ৰুজান, বৈৰাগীমঠ, মাৰোৱাৰীপট্টি, আমোলাপট্টি, বৰবৰুৱা, চিৰাং গাঁও, নিজ খনিকৰ গাঁও, হালাগুৰি গাঁও, নাহৰকটীয়া, চালাকাটাকি নং ২, জালোনি নাওহলিয়া, দুলীয়াজান নং ১, গেলিপুং, বৰবিল গাঁও নং ২, পৱৈ বনাঞ্চল গাঁও, লেডো, ডিগবৈ, উলতাপুল, লাজুম গাঁও নং ১, টিপুক টি ই ১০১ ফচ, ডুম ডুমা, মাকুম, তিনিচুকীয়া আৰু মেৰেলী পথাৰ ইত্যাদি।
  2. হটস্পট- ব্যৱহাৰকাৰীৰ সুস্থিৰ অভিজ্ঞতা ৰেকৰ্ড কৰা হটস্পটৰ স্থানসমূহ হ’ল : (i) পাৰ্ক এণ্ড মিউজিয়াম মাৰ্ঘেৰিটা, (ii) ডিব্ৰুগড় ৰেলৱে ষ্টেচন, (iii) ডিব্ৰুগড় বিশ্ববিদ্যালয় (iv) ডিগবৈ মহাবিদ্যালয়, ডিগবৈ, (v) জিলা আৰু অধিবেশন ন্যায়াধীশ আদালত ডিব্ৰুগড়, (vi) জিলা ন্যায়িক আদালত বৰগুৰি তিনিচুকীয়া, (vii) দুলীয়াজান মহাবিদ্যালয়-১ নং দুলীয়া, দুলীয়াজান, (viii) দুলীয়াজান নতুন বাছ ষ্টেণ্ড হুকুটা দুলীয়াজান তেল টাউন দুলীয়াজান, (ix) ডিব্ৰুগড় মুখ্য ডাকঘৰ আৰ কে বি পথ, ডিব্ৰুগড়, (x) IOCL ডিগবৈ শোধনাগাৰ মেইন গেট আই অ চি এল এ আ ডি ব্যক্তিগত পথ ডিগবৈ, (xi) টাটা হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ খৈলাবাৰী বাগান গাওঁ, (xii) তিনিচুকীয়া জিলা। মুখ্য ডাকঘৰ Thana Rd সদৰ থানা তিনিচুকীয়াৰ বিপৰীতে, (xiii) তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় লুহাৰী বঙালী গাঁও।
  3. ৱাক টেষ্ট - ২০২৬ চনৰ ১৩-১৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা ৱাক টেষ্টত তলত উল্লেখ কৰা স্থানসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল : (i) অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ডিব্ৰুগড়; (ii) নিউ তিনিচুকীয়া জংচন ৰেলৱে ষ্টেচন, তিনিচুকীয়া; (iii) তিনিচুকীয়া অসামৰিক চিকিৎসালয়, ছেক্টৰ ১, বৰদলৈ নগৰ, তিনিচুকীয়া; আৰু ভিৰ কৰা পথচাৰী অঞ্চলত মোবাইল নেটৱৰ্কৰ কভাৰেজ।

এই IDT প্ৰতিবেদনৰ ফলাফল সংশ্লিষ্ট TSPসমূহৰ সৈতে তেওঁলোকৰ অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ভাগ-বতৰা কৰা হৈছে। IDTৰ বিশদ প্ৰতিবেদন ট্ৰাই(TRAI)ৰ ৱেবছাইট www.trai.gov.inত উপলব্ধ। কোনোধৰণৰ স্পষ্টীকৰণ বা অতিৰিক্ত তথ্যৰ বাবে adv.kolkata@trai.gov.in লৈ ইমেইল প্ৰেৰণ কৰিব পাৰে বা TRAIৰ কলকাতা আঞ্চলিক কাৰ্যালয় (RO)ৰ সৈতে +91-33-22361401 নম্বৰত যোগাযোগ কৰিব পাৰে।

Click here to see Annexure

 

****

 

NJ/ARJ/KD


(रिलीज़ आईडी: 2280819) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil