উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশন ৪ জুন ২০২৬ত শ্বিলঙত অনুষ্ঠিত হ’ব
प्रविष्टि तिथि:
03 JUN 2026 2:58PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল পৰিষদে (এনইচি) ২০২৬ চনৰ ৪ জুনত মেঘালয়ৰ শ্বিলঙত ইয়াৰ ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা এনইচিৰ অধ্যক্ষ শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী তথা এনইচিৰ উপাধ্যক্ষ শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰ, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, পৰিষদৰ অন্যান্য সদস্যসকল, লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।
বাঁহ, সাঁচিগছ আৰু অষ্টলক্ষ্মী দৰ্শনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ লগতে অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ২০২৬ চনৰ ৩ জুনত পূৰ্ণাংগ অধিৱেশন-পূৰ্ব বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব, উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ মুখ্য সচিবসকল, এনইচিৰ সচিব, লগতে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়, এনইচি, ৰাজ্য চৰকাৰসমূহ আৰু অন্যান্য কেন্দ্ৰীয় সংস্থাৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।
১৯৭১ চনৰ উত্তৰ-পূৰ্বাঞ্চল পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠিত উত্তৰ-পূৰ্বাঞ্চল পৰিষদে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বোচ্চ আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে কাম কৰি আহিছে। অঞ্চলটোৰ সমন্বিত উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত পৰিষদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
২০২৬ চনৰ ৪ জুনত অনুষ্ঠিত হ’বলগীয়া পূৰ্ণাংগ অধিৱেশনত আঞ্চলিক উন্নয়নৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী পৰ্যায়ৰ উচ্চস্তৰীয় কৰ্মবাহিনীৰ অগ্ৰগতিৰ ওপৰত আলোচনা আৰু পৰ্যালোচনা কৰা হ’ব। এই উপলক্ষে পৰ্যটন; কৃষি আৰু উদ্যান শস্য; বিনিয়োগ প্ৰসাৰ; গাখীৰ, কণী, মাছ আৰু মাংস উৎপাদনত আত্মনিৰ্ভৰতা; ক্ৰীড়া উন্নয়ন; অৰ্থনৈতিক কৰিডৰ বিকাশ; আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থা; আৰু হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ ওপৰত উপস্থাপন আগবঢ়োৱা হ’ব। এই আলোচনাই ৰাজ্যসমূহ আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ মাজত সমন্বিত পদক্ষেপ গ্ৰহণৰ জৰিয়তে উমৈহতীয়া উন্নয়নমূলক লক্ষ্য পূৰণত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
বৈঠকত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰো পৰ্যালোচনা কৰা হ’ব। ইয়াৰ অন্তৰ্গত থাকিব বিভিন্ন মুখ্য আঁচনি আৰু কাৰ্যসূচীৰ অগ্ৰগতি, উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগ সন্মিলন আৰু বেংকাৰ সন্মিলনৰ ফলাফল, যুৱকেন্দ্ৰিক পদক্ষেপসমূহ, লগতে পৰ্যটন, লজিষ্টিকছ আৰু অঞ্চলটোৰ অনন্য বৈশিষ্ট্যভিত্তিক (ইউএছপি) প্ৰকল্পসমূহৰ অগ্ৰগতি।
পূৰ্ণাংগ অধিৱেশনত “উত্তৰ-পূৰ্বাঞ্চল ভিজন পৰিকল্পনা ২০৪৭”ৰ ওপৰতো বিস্তৃত আলোচনা অনুষ্ঠিত হ’ব। এই পৰিকল্পনাৰ লক্ষ্য হৈছে ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলক অৰ্থনৈতিক বিকাশ, সংযোগ ব্যৱস্থা, উদ্ভাৱন, বহনক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ এক সজীৱ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক দীৰ্ঘম্যাদী নক্সা প্ৰস্তুত কৰা।
উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ সদস্যসকলেও আঞ্চলিক উন্নয়নৰ অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহ আৰু আন্তঃৰাজ্যিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনা সম্পৰ্কে নিজ নিজ মতামত আগবঢ়াব।

২০২৪ চনৰ ২১ ডিচেম্বৰত আগৰতলাত অনুষ্ঠিত এনইচিৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ গোট আলোকচিত্ৰ
*****
PS/AA
(रिलीज़ आईडी: 2268383)
आगंतुक पटल : 18