গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত ভাৰত উত্তৰ-পূব খাদ্য উৎপাদন সন্মিলনৰ আয়োজন টি পি চি আইৰ

পোষ্ট কৰা হৈছে: 29 MAY 2026 2:51PM by PIB Guwahati

ভাৰতীয় বাণিজ্য সংবৰ্ধন পৰিষদে (টি পি চি আই) উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ (ড’নাৰ) অধীনত আৰু উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগম (এন ই আৰ এ এম এ চি) ৰ সহযোগত আজি গুৱাহাটীত ভাৰত উত্তৰ-পূব খাদ্য উৎপাদন সন্মিলনৰ ষষ্ঠ সংস্কৰণৰ আয়োজন কৰে।

"উত্তৰ-পূব ভাৰতৰ খাদ্য অৰ্থনীতি উন্মুক্ত কৰাঃ কৃষিৰ প্রাচুর্যৰ পৰা গোলকীয় মূল্য শৃংখলালৈ" শীৰ্ষক বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত এই সন্মিলনত উত্তৰ-পূব অঞ্চলৰ খাদ্য প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু কৃষি তথা উদ্যানজাত সামগ্ৰীৰ বাবে বজাৰ প্ৰৱেশাধিকাৰৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

কাৰ্যসূচীৰ সময়ত, টি পি চি আই-য়ে উত্তৰ-পূবৰ সামগ্ৰীৰ প্ৰচাৰ ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোৰ বাবে বজাৰ সংযোগ আৰু বাণিজ্যিক সুযোগ শক্তিশালী কৰাৰ উদ্দেশ্যে এন ই আৰ এ এম এ চি-ৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

শীৰ্ষ সন্মিলনখনত লাকাডং হালধি, আদা, ডাঙৰ ইলাচি, ক'লা জালুক আৰু থলুৱা জলকীয়াৰ দৰে থলুৱা মচলা জাতীয় সামগ্ৰী তথা জি আই টেগ যুক্ত সামগ্ৰীৰ উপৰি আনাৰস, কমলা, কল, কঁঠাল, কিৱি, পেছন ফ্ৰুট আৰু বিলাহীকে ধৰি উদ্যান শস্য আৰু জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়। বক্তাসকলে শস্য চপোৱাৰ পাছত হোৱা লোকচান হ্ৰাস কৰিবলৈ আৰু কৃষকসকলৰ লাভ বৃদ্ধি কৰিবলৈ অঞ্চলটোত অধিক মূল্য সংযোজন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সুবিধাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

সন্মিলনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কাৰিকৰী বৈঠকসমূহত জিআই-টেগ কৰা সামগ্ৰীৰ বাণিজ্যিকীকৰণ, দুগ্ধ খণ্ডৰ উন্নয়ন, বেকাৰী আৰু খাবলৈ সাজু কৰি ৰখা খাদ্য সামগ্ৰী তথা পাহাৰীয়া অঞ্চলত শীতল শৃংখলৰ আন্তঃগাঁথনি আৰু পৰম্পৰাগত খাদ্যৰ বাবে মূল্য শৃংখল আদি বিষয়সমূহক সামৰি লোৱা হৈছে। এই আলোচনাত উত্তৰ-পূবৰ সামগ্ৰীৰ বাবে প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি, ফাৰ্ম-গেট পৰিচালনা, সংৰক্ষণ, পেকেজিং আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

শীৰ্ষ সন্মিলনত নতুন দিল্লীৰ যশোভূমিত ২০২৭ চনৰ ৬ জানুৱাৰীৰ পৰা ৮জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডাছফুড শ্ব’ আৰু ইণ্ডাছফুড মেনুফেক্সাৰিং প্ৰদৰ্শনী ২০২৭ সন্দৰ্ভতো আলোকপাত কৰা হয়। এই অনুষ্ঠানৰ লক্ষ্য হৈছে খাদ্য উৎপাদক আৰু সংসাধনকাৰীসকলক ক্ৰেতা, প্ৰযুক্তি প্ৰদানকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰা।

এই কাৰ্যসূচীয়ে খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত বহনক্ষম অনুশীলন, শক্তি-দক্ষ প্ৰযুক্তি আৰু পৰিৱেশ-অনুকূল পেকেজিং সমাধানৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। সন্মিলনখনে উত্তৰ-পূব অঞ্চলত খাদ্য প্ৰক্ৰিয়াকৰণ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে নীতি নিৰ্ধাৰক, উদ্যোগ খণ্ডৰ কৰ্ণধাৰসকল, উদ্যোগী আৰু প্ৰযুক্তি প্ৰদানকাৰীসকলৰ মাজত মত-বিনিময় আৰু সহযোগিতাৰ বাবে এক মঞ্চ প্ৰদান কৰে।

কৃষি উৎপাদন আয়ুক্ত (এ পি চি) শ্ৰীমতী অৰুণা ৰাজ’ৰিয়া, আই এ এছ, এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে ভাৰত চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়ৰ এন ই আৰ এ এম এ চি-ৰ পৰিচালন সঞ্চালক শ্ৰী ভাস্কৰ বৰুৱা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত এন ই ডি এফ এল (পুৰবী)-ৰ পৰিচালন সঞ্চালক শ্ৰী সত্যব্ৰত বসু, আনন্দ ডেইৰীৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড০ ৰাধে শ্যাম দীক্ষিত, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা মুৰব্বী ড০ বাসন্তী বৰুৱা, টল্ছমা-গ্ৰিস্নিচ বি ভি আৰু কিৰেমকো ইণ্ডিয়াৰ দেশীয় সঞ্চালক শ্ৰীমতী ভাৱনা বিশ্বনাথৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, শিক্ষা জগত আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।

………………………………………..

KSY/ SM/DD


(ৰিলিজ আই ডি : 2266615) অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক: English