পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ২০২৬ চনৰ ২৯ মে’ত গুৱাহাটীত পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰিছে

শ্ৰেষ্ঠত্ব প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ’ব

পোষ্ট কৰা হৈছে: 27 MAY 2026 5:16PM by PIB Guwahati

পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত ২০২৬ চনৰ ২৯ মে'ত অসমৰ গুৱাহাটীত সেৱা সে সমৃদ্ধি : পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কমন ছাৰ্ভিচ চেণ্টাৰ স্পেচিয়েল পাৰ্পজ ভেহিকেল (চি এছ চি-এছ পি ভি) আৰু অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাখন পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আৰম্ভ কৰা ধাৰাবাহিক পদক্ষেপৰ অংশবিশেষ। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে সবল, দায়বদ্ধ আৰু প্ৰতিক্ৰিয়াশীল পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্ৰাম্য সংস্থাসমূহৰ জৰিয়তে গ্ৰামীণ ভাৰতত উন্নত সেৱা প্ৰদান আৰু জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰা।

কৰ্মশালাখনত অধ্যক্ষতা কৰিব পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আৰু শোভাবৰ্ধন কৰিব অসম চৰকাৰৰ পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী অতুল বৰাই। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সচিব শ্ৰী বিবেক ভৰদ্বাজৰ লগতে কমন ছাৰ্ভিচ চেণ্টাৰ স্পেচিয়েল পাৰ্পজ ভেহিকেল (চি এছ চি-এছ পি ভি), বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকিব।

এই কৰ্মশালাত সাতখন ৰাজ্য ক্ৰমে অসম (আতিথ্য প্ৰদানকাৰী ৰাজ্য), অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পৰা পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি আৰু গাঁও পৰ্যায়ৰ উদ্যোগী (ভিএলই)সকলৰ লগতে ৰাজ্য চৰকাৰসমূহৰ বিষয়াসকলো একত্ৰিত হ’ব। নাগৰিক সমাজৰ সংগঠন, শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান, চিএছচি-এছপিভি আৰু ভাষিণীকে ধৰি গ্ৰাম্য প্ৰযুক্তি আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত কাম কৰা সংস্থাসমূহৰ প্ৰতিনিধিয়েও কৰ্মশালাত অংশগ্ৰহণ কৰিব। এই প্ৰতিনিধিসকলে শেষ মাইলৰ প্ৰশাসনৰ সন্দৰ্ভত তেওঁলোকৰ বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী উপস্থাপনেৰে আলোচনাক সমৃদ্ধ কৰিব।

এই কৰ্মশালাত অংশগ্ৰহণকাৰী ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰকো সম্বৰ্ধনা জনোৱা হ’ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদানক শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, ভাষিণীৰ দ্বাৰা সক্ষম কৰি তোলা বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে ইয়াত আলোচনা কৰা হ’ব। বিশেষকৈ পেনেল আলোচনা, কাৰিকৰী অধিবেশন আৰু ৰাজ্য পৰ্যায়ৰ অভিজ্ঞতা ভাগ-বতৰা কৰা অধিবেশনে জ্ঞান বিনিময় আৰু ৰাজ্যসমূহৰ মাজত মানসম্পন্ন প্ৰশাসনৰ আৰ্হি প্ৰচাৰৰ বাবে এখন সংগঠিত মঞ্চ প্ৰদান কৰিব। এই বিশেষ "আতিথ্য প্ৰদানকাৰী ৰাজ্যিক অধিবেশন"ত অসমৰ "সেৱা সেতু" পদক্ষেপৰ সৈতে জড়িত উদ্ভাৱন আৰু সেৱা প্ৰদানৰ আৰ্হিৰ ওপৰতো আলোকপাত কৰা হ'ব।

 

***

 

PG/SS/KD


(ৰিলিজ আই ডি : 2265978) অতিথি কক্ষ : 37
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी