শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
গুৱাহাটীৰ অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমৰ বাবে আবেদন আহ্বান
পোষ্ট কৰা হৈছে:
20 MAY 2026 4:03PM by PIB Guwahati
ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ নিয়োগ সঞ্চালকালয়ৰ অধীনস্থ গুৱাহাটীৰ অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰই ২০২৬–২৭ বৰ্ষৰ বাবে বিভিন্ন বিনামূলীয়া দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে যোগ্য অনুসূচিত জাতি/জনজাতিৰ চাকৰি প্ৰত্যাশীসকলৰ পৰা আবেদন আহ্বান কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে নিয়োগযোগ্যতা বৃদ্ধি কৰা,কাৰিকৰী দক্ষতা, আৰু অনুসূচিত জাতি/জনজাতি সম্প্ৰদায়ৰ অন্তৰ্গত নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত কেৰিয়াৰৰ সুযোগ সৃষ্টি কৰা ।
প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ ভিতৰত আছে বিশেষ প্ৰশিক্ষণ, ‘অ’ স্তৰৰ কম্পিউটাৰ হাৰ্ডৱেৰ ৰক্ষণাবেক্ষণ, ‘অ’ স্তৰৰ চফ্টৱেৰ প্ৰশিক্ষণ, অফিচ অটোমেচন, একাউণ্টিং আৰু প্ৰকাশন সহায়ক, কম্পিউটাৰ এপ্লিকেচন আৰু ব্যৱসায়িক একাউণ্টিং সহযোগী আৰু চাইবাৰ সুৰক্ষিত ৱেব ডেভেলপমেণ্ট এছ’চিয়েটৰ এবছৰীয়া পাঠ্যক্ৰম। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ওপৰত দুমাহৰ ভেটি পাঠ্যক্ৰমও প্ৰৱৰ্তন কৰা হ’ব।
উচ্চতৰ মাধ্যমিক (১০+২) পৰীক্ষাত উত্তীৰ্ণ ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰৰ যোগ্য প্ৰাৰ্থীয়ে পাঠ্যক্ৰমৰ বাবে আবেদন কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব আৰু চৰকাৰী নীতি অনুসৰি বেছিভাগ পাঠ্যক্ৰমৰ বাবে প্ৰতিমাহে ১০০০ টকাৰ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। কৃত্ৰিম বুদ্ধিমত্তা ফাউণ্ডেশ্যন পাঠ্যক্ৰম বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব যদিও সেই কাৰ্যসূচীত বাবে কোনো ধৰণৰ ষ্টাইপেণ্ডৰ সুবিধা উপলব্ধ নহ’ব।
২০২৬ চনৰ ১ জুলাইৰ পৰা বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব ৷ ইচ্ছুক প্ৰাৰ্থীয়ে www.ncs.gov.in বা www.dge.gov.in ত গৈ ২০২৬ চনৰ ৩১ মে’ বা তাৰ আগতে গুৱাহাটীৰ অনুসূচিত জাতি/জনজাতিৰ বাবে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা কেন্দ্ৰত আবেদন দাখিল কৰিব পাৰিব।
***
PG/SS/DM
(ৰিলিজ আই ডি : 2263255)
অতিথি কক্ষ : 35