নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতৰ সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ ২০২০ চনৰ পৰা ৩৪০% বৃদ্ধি পাইছে : সৰ্বানন্দ সোণোৱাল

"ভাৰত মহাসাগৰৰ এক নিৰাপদ, সুৰক্ষিত আৰু সুস্থিৰ অঞ্চল আগুৱাই নিয়াৰ বাবে সকলো অংশীদাৰৰ সৈতে কাম কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ" : সৰ্বানন্দ সোণোৱাল

পোষ্ট কৰা হৈছে: 07 MAY 2026 7:52PM by PIB Guwahati

ভাৰতৰ সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ ২০২০ চনৰ পৰা ৩৪০% বৃদ্ধি পাইছে বুলি উল্লেখ কৰি আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  কয়, চৰকাৰে অধিক সৰ্বাংগীণ, ভৱিষ্যতৰ বাবে সাজু সামুদ্ৰিক কৰ্মশক্তি গঢ়ি তোলাৰ বাবে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

নতুন দিল্লীত অনুষ্ঠিত দশম ভাৰত মহাসাগৰীয় আলোচনাত মূল ভাষণ প্ৰদান কৰি সোণোৱালে “নাৰী শক্তি”ক ভাৰতৰ সামুদ্ৰিক বিকাশৰ কাহিনীৰ এক কেন্দ্ৰীয় স্তম্ভ হিচাপে আলোকপাত কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মৰিচাছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহামহিম ধনঞ্জয় ৰামফুল আৰু য়েমেনৰ গৃহমন্ত্ৰী মহামহিম ৱালিদ মহম্মদ আল কোৱাডিমীও উপস্থিত থাকে।

সৰ্বানন্দ সোণোৱালে কয়, ‘‘সাগৰত সন্মান’ৰ দৰে পদক্ষেপৰ জৰিয়তে আমি সামুদ্ৰিক খণ্ডত মহিলাসকলৰ স্বাভিমান, অন্তৰ্ভুক্তি আৰু নেতৃত্বৰ সুযোগ প্ৰসাৰিত কৰিছোঁ, যিটো খণ্ডত ২০২০ চনৰ পৰা অংশগ্ৰহণ প্ৰায় ৩৪০% লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত সামুদ্ৰিক খণ্ডৰ এই পৰিৱৰ্তনে ভাৰত মহাসাগৰীয় অঞ্চলৰ বাবে অধিক সৰ্বাংগীণ, স্থিতিস্থাপক আৰু ভৱিষ্যতৰ প্ৰতি সাজু কৰ্মশক্তি গঢ় দিয়াত সহায় কৰিছে।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক বিকাশৰ সৈতে সামাজিক সবলীকৰণৰ সংমিশ্ৰণ ঘটাই ভাৰতৰ বহল সামুদ্ৰিক দৃষ্টিভংগীৰ ভিতৰত মহিলাৰ অংশগ্ৰহণৰ উত্থানক স্থান দিছিল। তেওঁ উল্লেখ কৰে যে নিৰাপত্তা, সংযোগ আৰু বহনক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাৰ সমান্তৰালভাৱে “মানৱ উপাদান” ভাৰতৰ সামুদ্ৰিক কৌশলৰ কেন্দ্ৰীয় বিষয় হৈয়েই আছে।

সোণোৱালে কয়, ‘ভাৰত মহাসাগৰ কেৱল ভৌগোলিক স্থান নহয়, ই এক গোলকীয় জীৱনৰেখা।” তেওঁ লগতে কয়, “গোলকীয় শক্তিৰ প্ৰবাহ, বাণিজ্য আৰু যোগান শৃংখলৰ বাবে ইয়াৰ গুৰুত্বই অধিক শক্তিশালী সহযোগিতা, স্থিতিস্থাপকতা আৰু অন্তৰ্ভুক্তিৰ আহ্বান জনাইছে।”

সোণোৱালে গুৰুত্বসহকাৰে কয় যে ভাৰতৰ সামুদ্ৰিক পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে মিল আছে, য’ত আঞ্চলিক সহযোগিতা শক্তিশালী কৰা আৰু সমতাপূৰ্ণ উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে সাগৰ (ছিকিউৰিটী এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজিঅন) আৰু মহাসাগৰৰ দৰে কাঠামোকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।

২০২৫–২৭ বৰ্ষৰ বাবে ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনৰ (আই অ’ আৰ এ) অধ্যক্ষ হিচাপে ভাৰতে আয়োজন কৰা দশম ভাৰত মহাসাগৰীয় বৈঠকৰ বিষয়বস্তু হৈছে ““পৰিৱৰ্তিত পৃথিৱীত ভাৰত মহাসাগৰীয় অঞ্চল”। এই মঞ্চত মন্ত্ৰী, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু উদ্যোগৰ নেতাসকলক একত্ৰিত কৰি সামুদ্ৰিক সুৰক্ষা, নীলা অৰ্থনীতি, দুৰ্যোগৰ বিপদ ব্যৱস্থাপনা আৰু মহিলা সবলীকৰণৰ ওপৰত আলোচনা কৰা হয়।

ভাৰতৰ আই অ’ আৰ এৰ অধ্যক্ষৰ অধীনত মঞ্চখনে “উদ্ভাৱন, মুক্ততা, স্থিতিস্থাপকতা আৰু অভিযোজন ক্ষমতা”ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য’ত মহিলাৰ অৰ্থনৈতিক সবলীকৰণক এটা মূল সামগ্ৰিক অগ্ৰাধিকাৰ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হৈছে।

সোণোৱালে এই অঞ্চলত “নেট ছিকিউৰিটি প্ৰভাইডাৰ” হিচাপে ভাৰতৰ ভূমিকাক আলোকপাত কৰি মানৱীয় সাহায্য, সামুদ্ৰিক নিৰীক্ষণ আৰু দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ দিশটোলৈ আঙুলিয়ায়। কোনো এখন দেশেই সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ অকলে মোকাবিলা কৰিব নোৱাৰে বুলি মন্তব্য কৰি সোণোৱালে স্বচ্ছতা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি থকা সন্মানৰ ভিত্তিত সামূহিক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

সোণোৱালে কয়, “ভাৰতে নিৰাপদ, সুৰক্ষিত আৰু সুস্থিৰ ভাৰত মহাসাগৰীয় অঞ্চলক আগুৱাই নিয়াৰ বাবে সকলো অংশীদাৰৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

২০১৪ চনত কোচিত মুকলি কৰা আইঅ’আৰএৰ ধ্বজাবাহী পদক্ষেপৰ ১.৫ প্লেটফৰ্ম ভাৰত মহাসাগৰীয় ডায়েলগ (আই অ’ ডি)ত মন্ত্ৰী, নীতি নিৰ্ধাৰক, শিক্ষাবিদ আৰু উদ্যোগৰ নেতাসকলক আমন্ত্ৰণ কৰি মূল আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। আইঅ’আৰএই ২৩খন সদস্য ৰাষ্ট্ৰ আৰু ১২খন আলোচনা অংশীদাৰক সামৰি লৈছে, যিয়ে ভাৰত মহাসাগৰ অঞ্চলৰ অৰ্থনৈতিক সহযোগিতা আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, নীলা অৰ্থনীতিৰ সমান্তৰালভাৱে মহিলাৰ অৰ্থনৈতিক সবলীকৰণক এক মূল সামগ্ৰিক অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছে। ২০২৬ চনৰ ৭–৮ মে’ত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সংলাপৰ দশম সংস্কৰণত সামুদ্ৰিক সুৰক্ষা, নীলা অৰ্থনীতি, দুৰ্যোগৰ বিপদ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন আৰু মহিলা সবলীকৰণৰ ওপৰত নিবেদিত অধিবেশন অনুষ্ঠিত কৰা হয়।

 

 

***

 

 

Samrat/MI/IY/KD


(ৰিলিজ আই ডি : 2258918) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Marathi