নৌ-পৰিবহন মন্ত্ৰালয়
“ভাৰতে আত্মনিৰ্ভৰ জাহাজ পৰিবহনৰ দিশত আৰু এখোজ আগবাঢ়িছে; ২০২৬-২৭ বিত্তীয় বৰ্ষত ৫১,৩৮৩ কোটি টকাৰ বিনিয়োগেৰে ৬২খন জাহাজৰ পৰিকল্পনা কৰা হৈছে:” সৰ্বানন্দ সোণোৱাল
‘সামুদ্ৰিক খণ্ডত আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে চলিত বিত্তীয় বৰ্ষত ভাৰতে ২৮.৫ মিলিয়ন গ্ৰাছ টনেজ (জিটি) জাহাজ চলোৱাৰ ক্ষমতা যোগ কৰাৰ লক্ষ্য লৈছে। - সৰ্বানন্দ সোণোৱাল
বিভাগীয় মন্ত্ৰী সোণোৱালে অন্যান্য মন্ত্ৰালয়ৰ সৈতে সমন্বয়েৰে সামুদ্ৰিক খণ্ডৰ অভাৱসমূহ দূৰ কৰাৰ বাবে ৰোডমেপ প্ৰস্তুত, লক্ষ্য গ্ৰহণ, আৰু কৌশলৰ ৰূপৰেখা দাঙি ধৰা এখন শ্বেতপত্ৰ প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে
এমোনিয়া পৰিবহণৰ বাবে বিশেষ জাহাজ নিৰ্মাণ কৰিবলৈ সক্ষম “ভাৰতীয় জাহাজ নিগম (SCI): সৰ্বানন্দ সোণোৱাল
प्रविष्टि तिथि:
29 APR 2026 8:56PM by PIB Guwahati
নতুন দিল্লী, ২৯ এপ্ৰিল, ২০২৬: সামুদ্ৰিক খণ্ডত স্বাৱলম্বী হোৱাৰ বাবে ভাৰতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। হৰমুজ প্ৰণালীৰ পৰিস্থিতি পৰ্যালোচনা কৰা এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাৰতৰ জাহাজ চলোৱাৰ ক্ষমতা বৃদ্ধি আৰু শক্তিশালীকৰণ, আধুনিক আৰু ভৱিষ্যতৰ বাবে সাজু সামুদ্ৰিক ব্যৱস্থা গঢ়ি তোলাৰ দিশত গুৰুত্ব আৰোপ কৰা হয়।
বৈঠকত অধ্যক্ষতা কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বৈঠকতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ৰাজহুৱা খণ্ডৰ তেল কোম্পানী, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়, জাহাজ সঞ্চালকালয়, ৰাষ্ট্ৰীয় জাহাজ ব’ৰ্ড, আৰু বৈদেশিক বাণিজ্য সঞ্চালকালয় (ডি জি এফ টি)ৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে।
বৈঠকত মন্তব্য কৰি সৰ্বানন্দ সোণোৱালে কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে জাহাজ চলোৱাক নিজৰ অৰ্থনৈতিক শক্তিৰ এক মূল অংশ হিচাপে গঢ়ি তুলিছে। তেওঁ লগতে কয় যে জাহাজ চলোৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাটো গুৰুত্বপূৰ্ণ, আৰু চৰকাৰে ২০২৬–২৭ চনত ৬২খন নতুন জাহাজ সংযোজন কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে ৫১,৩৮৩ কোটি টকা বিনিয়োগ কৰা হ’ব। ইয়াৰ ফলত ভাৰতৰ জাহাজ চলোৱা ক্ষমতা ২৮.৫ মিলিয়ন মুঠ টন (জিটি)লৈ বৃদ্ধি পাব।
বিশ্বৰ পৰিস্থিতি আৰু সাগৰীয় বাণিজ্য পথত ইয়াৰ প্ৰভাৱ পৰ্যালোচনা কৰাৰ পিছত সৰ্বানন্দ সোণোৱালে ভাৰতৰ জাহাজ পৰিবহণ ক্ষমতা সম্প্ৰসাৰণৰ অতীব প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত আছে অধিক কণ্টেইনাৰ জাহাজ, এল পি জি আৰু খাৰুৱা তেল বাহক, আৰু পৰিৱেশ-অনুকূল (সেউজ) টাগ সংযোজন কৰি যিকোনো বিশ্বব্যাপী আপদ নিয়ন্ত্ৰণ কৰা ইত্যাদি। তেওঁ মালবাহী সামগ্ৰীৰ চলাচল, জাহাজৰ পৰিচালনা, আৰু মূল সামুদ্ৰিক খণ্ডসমূহৰ সামগ্ৰিক প্ৰস্তুতিৰ পৰ্যালোচনাও কৰে। ভৱিষ্যতে বিশ্বজনীন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আৰু দেশৰ যোগান শৃংখল সুস্থিৰ কৰি ৰাখিবলৈ কণ্টেইনাৰ জাহাজ, সেউজ টাগ, এল পি জি কেৰিয়াৰ, খাৰুৱা তেল কেৰিয়াৰ, ড্ৰেজিং জাহাজ, আৰু টেংকাৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় জাহাজ নিগম আৰু ৰাজহুৱা তৈল খণ্ডৰ কোম্পানীসমূহৰ মাজত ৫৯খন নতুন জাহাজ ক্ৰয়ৰ বাবে যৌথ উদ্যোগৰ অগ্ৰগতি পৰ্যালোচনা কৰে।
সমগ্ৰ দেশতে সমন্বিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয় যে আমি আমাৰ জাহাজসমূহ শক্তিশালী কৰাৰ বাবে, জাহাজ নিৰ্মাণৰ উন্নতি, বন্দৰৰ আন্তঃগাঁথনি উন্নীতকৰণ, আৰু সামগ্ৰিক সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।
সৰ্বানন্দ সোণোৱালে সকলো বিভাগকে এখন স্পষ্ট আৰু ব্যৱহাৰিক শ্বেতপত্ৰ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে, যিয়ে বৰ্তমানৰ ব্যৱধান চিনাক্ত কৰিব, নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিব, আৰু সামুদ্ৰিক খণ্ডৰ উন্নতিৰ বাবে সময়সীমাবদ্ধ পৰিকল্পনা প্ৰদান কৰিব। তেওঁ লগতে জোৰ দি কয় যে এই কাম পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, ৰাসায়নিক আৰু সাৰ, আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কৰা উচিত, কিয়নো এই খণ্ডসমূহ সামুদ্ৰিক যোগান শৃংখলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
সৰ্বানন্দ সোণোৱালে লগতে কয়, "এই নথিখনে আমাৰ পৰৱৰ্তী পৰ্যালোচনাক বিস্তৃত আন্তঃমন্ত্ৰালয় পৰ্যায়ত পথ প্ৰদৰ্শন কৰিব। মই স্পষ্ট, ব্যৱহাৰিক, আৰু ফলাফলমুখী মতামত আৰু দিহা-পৰামৰ্শ আশা কৰিছো। আহক আমি সঠিক সমন্বয় আৰু দায়বদ্ধতাৰে আগবাঢ়ি যাওঁ।"
ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে পুনৰ দোহাৰে, আৰু স্পৰ্শকাতৰ সাগৰীয় অঞ্চলত সকলো সংস্থাকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়। ভাৰতক বিশ্বব্যাপী প্ৰতিযোগিতামূলক সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সকলো মন্ত্ৰালয় আৰু অংশীদাৰসকলৰ মাজত উন্নত সমন্বয় আৰু শক্তিশালী পদক্ষেপৰ আহ্বানৰে বৈঠকৰ সামৰণি পৰে।
ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ লগতে বিশ্ব বাণিজ্যত দেশৰ স্থান উন্নত কৰাৰ বাবে চৰকাৰে দীৰ্ঘম্যাদী পৰিকল্পনাৰ ওপৰত কাম কৰাৰ লগতে অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে।



*****
MI/Indu
(रिलीज़ आईडी: 2257577)
आगंतुक पटल : 47