গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ প্ৰথম তিনি মাহত ৭৩ জন ড্ৰাগছ অপৰাধীক কঠোৰতম শাস্তিৰে দোষী সাব্যস্ত কৰাৰ বাবে এন চি বিক অভিনন্দন জনালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ মোদী চৰকাৰে নিৰ্দয়ভাৱে ড্ৰাগছ চক্ৰক ভাঙিছে আৰু তেওঁলোকক দোষী সাব্যস্ত কৰাটোও নিশ্চিত কৰিছে

আমি ড্ৰাগছ চক্ৰৰ প্ৰতিটো স্থান সম্পূৰ্ণ শক্তিৰে বন্ধ কৰিবলৈ বদ্ধপৰিকৰ

ইয়াৰ ফলতে ২০২৪ চনত ৬০.৫%ৰ পৰা ২০২৫ চনত ৬৫.৫%লৈ আৰু এতিয়া ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত ৬৮.৬%লৈ দোষী সাব্যস্ত হোৱাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে

পোষ্ট কৰা হৈছে: 20 APR 2026 7:57PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী  শ্ৰীযুত অমিত শ্বাহে এক্সৰ এটা পোষ্টত ২০২৬ চনৰ প্ৰথম তিনি মাহত ৭৩ জন ড্ৰাগছ অপৰাধীক কঠোৰতম শাস্তিৰে দোষী সাব্যস্ত কৰাৰ বাবে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো (এন চি বি)ক অভিনন্দন জনাইছে।

এক্সৰ  এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, 'আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ মোদী চৰকাৰে নিৰ্দয়ভাৱে ড্ৰাগছ চক্ৰক ভাঙিছে আৰু তেওঁলোকৰ দোষী সাব্যস্ত হোৱাটোও নিশ্চিত কৰি আহিছে।এই অভিযানৰ  অধীনত এনচিবিয়ে ২০২৬ চনৰ প্ৰথম তিনিমাহত ৭৩ জন ড্ৰাগছ অপৰাধীক দোষী সাব্যস্ত কৰাৰ দৰে অগ্ৰগতি লাভ কৰিছে আৰু  কঠোৰতম শাস্তি বিহাৰ  এই কৃতিত্বৰ বাবে এনচিবিক অভিনন্দন জনাইছো।”

২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত অৰ্থাৎ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে এনচিবিয়ে ৩৫টা গোচৰত ৭৩জন ড্ৰাগছ অপৰাধী দোষী সাব্যস্ত হোৱাটো নিশ্চিত কৰিছিল। ইয়াৰে চাৰিজনক সৰ্বোচ্চ ২০ বছৰৰ শাস্তি প্ৰদান কৰাৰ বিপৰীতে আন ৫৪জনক ১০ বছৰ বা ততোধিক সময়ৰ শাস্তি প্ৰদান কৰা হৈছে । দোষীসকলৰ ওপৰত মুঠ জৰিমনা  ১.২২ কোটি টকা আৰোপ কৰা হৈছে ।এনচিবিয়ে গ্ৰহণ কৰা পদ্ধতিৰ ফলত ২০২৪ চনত ৬০.৫%ৰ পৰা ২০২৫ চনত ৬৫.৫%লৈ আৰু এতিয়া ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত ৬৮.৬%লৈ দোষী সাব্যস্ত হোৱাৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দোষী সাব্যস্ত হোৱাসকলৰ ভিতৰত ২০২১ চনত আহমেদাবাদ বিমানবন্দৰত ২.৭৫৭ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰা হৈছে আৰু ২০২২ চনত আন্তঃৰাষ্ট্ৰীয় হেৰ’ইন সৰবৰাহৰ গোচৰত ফাজিলকা ভাৰত-পাক সীমান্তত ৪.২৩৫  কিলোগ্ৰাম  হেৰ’ইন জব্দ কৰা হৈছে  ।এই গোচৰসমূহত দুজন বিদেশী সৰবৰাহকাৰীক ২০ বছৰৰ  কঠোৰ কাৰাদণ্ড বিহা হৈছে।

২০২৩ চনৰ ছ্যুড’ইফেড্ৰিন ডাইভাৰচন গোচৰত (এনডিপিএছ আইনৰ অধীনত নিয়ন্ত্ৰিত পদাৰ্থ) আন এটা উল্লেখযোগ্য দোষী সাব্যস্ত কৰা হৈছে , যিটো গোচৰ  মেছাৰ্ছ আলপছ লাইফ চাইন্সেছ প্ৰাইভেট লিমিটেড,  শোনিপট, হাৰিয়ানাৰ সৈতে জড়িত আছিল। এই গোচৰত প্ৰতিষ্ঠানটোৰ সঞ্চালককে ধৰি তিনিজন অভিযুক্তক ৭ বছৰৰ কঠোৰ কাৰাদণ্ডৰ লগতে ১.৫ লাখকৈ টকা জৰিমনা বিহা হৈছে । লগতে কোম্পানীটোক দোষী সাব্যস্ত কৰি ১.৫ লাখ টকা জৰিমনা বিহা হৈছে । ছ্যুড’ইফেড্ৰিন প্ৰস্তুতৰ  বাবে কোম্পানীটোক দিয়া অনুমতিও প্ৰত্যাহাৰ কৰিছে এনচিবিয়ে।

এনচিবিয়ে অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্যিক বলৱৎকাৰী সংস্থাসমূহক ড্ৰাগছ ব্যৱসায়ৰে জড়িত মূল লোকসকলৰ সৈতে জড়িত বিচাৰৰ অধীনত থকা গোচৰসমূহ চিনাক্ত কৰি ফলপ্ৰসূ বিচাৰ প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈও আহ্বান জনাইছে। ড্ৰাগছ চক্ৰক  ভাঙি পেলোৱাৰ এই পদ্ধতি দেশত ড্ৰাগছ সৰবৰাহৰ প্ৰত্যাহ্বানক ফলপ্ৰসূভাৱে মোকাবিলা কৰাৰ বাবে বলৱৎকাৰী কৌশলৰ এটা মূল উপাদান হিচাবে বিবেচিত হৈছে।  একে সময়তে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিকো ই  পুনৰবাৰ প্ৰতিফলিত কৰিছে।

 

*****

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2254037) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Telugu