গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
গুৱাহাটীত বি আই এছ-এ চলোৱা বিধি বলবৎকৰণ অভিযানত প্ৰমাণ পত্ৰ নথকা প্লাইউড সামগ্ৰী জব্দ
পোষ্ট কৰা হৈছে:
08 APR 2026 7:01PM by PIB Guwahati
গুৱাহাটী শাখা কাৰ্যালয়ৰ ভাৰতীয় মানক ব্যুৰ’(বি আই এছ)-ৰ বিষয়াসকলে আজি গুৱাহাটীৰ মানপাৰাৰ এম/এছ পুষ্পা এণ্টাৰপ্ৰাইজত এক অভিযান চলায়। বি আই এছ-ৰ দ্বাৰা নিৰ্দিষ্ট তথ্য আৰু পৰৱৰ্তী তদন্তৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
অভিযানৰ সময়ত, প্ৰতিষ্ঠানটোৱে নিম্নমানৰ প্লাইউড, কংক্ৰিট শ্বাটাৰিং প্লাইউড, ফ্লাছ দুৱাৰ আৰু ব্লক ব’ৰ্ডকে ধৰি প্লাইউড সামগ্ৰীৰ বিক্ৰী আৰু সংৰক্ষণৰ সৈতে জড়িত থকা দেখা যায় । বিআইএছ ষ্টেণ্ডাৰ্ড মাৰ্ক (আইএছআই মাৰ্ক) ৰ অপব্যৱহাৰ আৰু প্ৰমাণিত নোহোৱা সামগ্ৰীৰ বিক্ৰীও এই অভিযানৰ সময়ত ধৰা পৰে । অভিযানৰ সময়ত জাল বা অনুমোদিত নোহোৱা আইএছআই চিহ্ন থকা মুঠ ৩,৫৩৩ বিধ সামগ্ৰী জব্দ কৰা হয় ।
অধিক অনুসন্ধানত প্ৰকাশ পায় যে ব্যৱসায়ীজনে বি আই এছ-ৰ দ্বাৰা প্ৰমাণিত নোহোৱা সামগ্ৰীসমূহৰ লেনদেন কৰিছিল, যদিও এই সামগ্ৰীসমূহ বাধ্যতামূলক প্ৰমাণপত্ৰৰ অধীনত পৰে। প্লাইউড, ব্লক ব’ৰ্ড, কংক্ৰিট শ্বাটাৰিং প্লাইউড আৰু কাঠৰ ফ্লাছ দুৱাৰৰ শ্বাটাৰবোৰ ক্ৰমে ভাৰতীয় মানক আই এছ ৩০৩ঃ২৪২৪, আই এছ ১৬৫৯ঃ২০০৪, আই এছ ৪৯৯০ঃ২৪২৪ আৰু আই এছ ২২০২ (অংশ ১): ২০২৩ -ৰ অধীনত সামৰি লোৱা হৈছে আৰু ভাৰত চৰকাৰৰ দ্বাৰা বাধ্যতামূলক প্ৰমাণপত্ৰৰ বাবে জাননী জাৰি কৰা হৈছে।
বিআইএছ আইন ২০১৬ -ৰ ধাৰা ১৭ (১) আৰু ১৭ (৩)-ৰ অধীনত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই উলংঘনৰ বাবে দুবছৰলৈকে কাৰাদণ্ড বা কমেও ২ লাখ টকাৰ জৰিমনা বা দুয়োটাই দণ্ডনীয়। এই আইনত বিধান কৰা হৈছে যে কোনো ব্যক্তিয়ে বি আই এ-ৰ বৈধ অনুজ্ঞাপত্ৰ অবিহনে সামগ্ৰীৰ উৎপাদন, বিক্ৰী, বিতৰণ বা প্ৰদানৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড মাৰ্ক বা ইয়াৰ কোনো অনুকৰণ ব্যৱহাৰ বা প্ৰয়োগ কৰিব নোৱাৰিব।
ব্যুৰ’ই নাগৰিকসকলক বাধ্যতামূলক বি আই এছ প্ৰমাণপত্ৰ অবিহনে আই এছ আই চিহ্নৰ অপব্যৱহাৰ বা সামগ্ৰীৰ বিক্ৰীৰ যিকোনো ঘটনাৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছে। এনে তথ্য, প্ৰধান, গুৱাহাটী শাখা কাৰ্যালয়, ২য় মহলা, ৱেষ্ট এণ্ড বিল্ডিং, ব্লক হাউছফেড কমপ্লেক্স, দিশপুৰ, গুৱাহাটী, অসম-৭৮১০০৬, বা ghbo@bis.gov.in ত ইমেইলৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰে। খবৰদাতাসকলৰ পৰিচয় সম্পূৰ্ণ গোপনীয় ৰখা হ’ব।

…………
PG/ SM/MK
(ৰিলিজ আই ডি : 2250330)
অতিথি কক্ষ : 11