গৃহ মন্ত্ৰালয়
মুছাহাৰী কমিটীৰ পৰামৰ্শ কাৰ্যকৰীকৰণ
পোষ্ট কৰা হৈছে:
01 APR 2026 2:37PM by PIB Guwahati
“পুলিচ” ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীৰ তালিকা-II (ৰাজ্যিক তালিকা)ত অন্তৰ্ভুক্ত ৰাজ্যিক বিষয়। আৰক্ষীৰ কাম-কাজৰ দক্ষতা, ফলপ্ৰসূতা আৰু জবাবদিহিতা বৃদ্ধিৰ বাবে আৰক্ষীৰ সংস্কাৰ ব্যৱস্থা ৰূপায়ণ কৰাটো মূলতঃ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত প্ৰশাসনৰ দায়িত্ব। কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আৰক্ষী সংস্কাৰ সম্পৰ্কীয় বিষয়ত পৰামৰ্শ জাৰি কৰে। আৰক্ষীৰ সংস্কাৰৰ পূৰ্বৰ আয়োগ/ সমিতিসমূহৰ পৰামৰ্শসমূহ পৰ্যালোচনা কৰিবলৈ চৰকাৰে শ্ৰী আৰ এছ মুছাহাৰীৰ নেতৃত্বত এখন পৰ্যালোচনা সমিতি গঠন কৰিছিল। সমিতিখনে ৪৯টা পৰামৰ্শ তালিকাভুক্ত কৰে। সমিতিৰ পৰামৰ্শসমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনসমূহক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা হৈছিল, কিয়নো “আৰক্ষী” ৰাজ্যিক বিষয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত নিজ নিজ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ত নিৰ্ভৰ কৰি কাৰ্যকৰীকৰণৰ অৱস্থা ভিন্ন হ’ব পাৰে। সমিতিৰ পৰামৰ্শসমূহ বৰ্তমানৰ আইনী আৰু প্ৰশাসনিক কাঠামোৰ প্ৰেক্ষাপটত পৰীক্ষা কৰা হৈছে। পূৰ্বৰ আইনসমূহৰ ঠাইত অপৰাধমূলক ন্যায় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু প্ৰয়োজনীয়তাসমূহ লক্ষ্য ৰাখি বিধানসমূহ প্ৰণয়ন কৰি ভাৰতীয় সাক্ষ্য অধিনিয়ম, ২০২৩ আৰু ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতা, ২০২৩ প্ৰণয়ন কৰা হৈছে।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে।
*****
RK/RR/PR/SK/AG/DM
(ৰিলিজ আই ডি : 2248187)
অতিথি কক্ষ : 9