গৃহ মন্ত্ৰালয়
কাৰাগাৰৰ তথ্য সংগ্ৰহৰ সূচকসমূহৰ সংস্কাৰ সাধন
পোষ্ট কৰা হৈছে:
01 APR 2026 2:40PM by PIB Guwahati
‘কাৰাগাৰৰ পৰিসংখ্যা ভাৰত (পিএছআই)’-এ বাৰ্ষিক পৰিসংখ্যা সংকলক হিচাপে কাম কৰি থকাৰ সময়তে বছৰ বছৰ ধৰি ভাৰত চৰকাৰে ইয়াৰ বিভিন্ন স্তম্ভ ক্ৰমে - আৰক্ষী (অপৰাধ আৰু অপৰাধমূলক অনুসৰণ আৰু নেটৱৰ্ক ব্যৱস্থা), ই-ফৰেনছিক, ই-কোৰ্ট, ই-প্ৰচিকিউচন আৰু ই-কাৰাগাৰ, কাৰাবন্দীৰ সময়সীমা, জামিনৰ অৱস্থা আদি কাৰ্য্যকৰী সূচকসমূহ আইচিজেএছৰ বিভিন্ন স্তম্ভৰ জৰিয়তে সক্ৰিয়ভাৱে ধৰি ৰখা তথা নিৰীক্ষণ কৰি আহিছে।
এই সূচকসমূহক এটা ঐক্যবদ্ধ ডিজিটেল প্লেটফৰ্মত সন্নিবিষ্ট কৰাটোৱে নিশ্চিত কৰে যে তথ্যসমূহ কেৱল সংৰক্ষণৰ বাবে সংগ্ৰহ কৰা নহয়, বৰঞ্চ সক্ৰিয় গোচৰ ব্যৱস্থাপনা আৰু কাৰাগাৰ প্ৰশাসনত ব্যৱস্থাগত স্বচ্ছতা তথা জবাবদিহিতা নিশ্চিত কৰাৰো ই এক পদ্ধতি।
পিএছআই প্ৰতিবেদন বিন্যাসৰ সংস্কাৰ সাধন কৰি আইচিজেএছ প্লেটফৰ্মত উপলব্ধ অত্যাধুনিক তথ্যৰ সৈতে বাৰ্ষিক পৰিসংখ্যা প্ৰকাশনসমূহক একাকাৰ কৰিবলৈ নিয়মীয়া সমন্বয় প্ৰক্ৰিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দী সঞ্জয় কুমাৰে।
*****
RK/RR/PR/SK/SC/DM
(ৰিলিজ আই ডি : 2248074)
অতিথি কক্ষ : 3