ফাৰ্মাচিউটিকেল বিভাগ
১ৰ পৰা ৫ মাৰ্চলৈ সমগ্ৰ দেশতে ২৫০ টাতকৈও অধিক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন
জন-ঔষধি সপ্তাহত উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণক সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা হয়
পোষ্ট কৰা হৈছে:
05 MAR 2026 6:16PM by PIB Guwahati
২০২৬ চনৰ জন-ঔষধি সপ্তাহৰ অংশ হিচাপে আয়োজন কৰা দেশজোৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত সমগ্ৰ দেশৰ নাগৰিকৰ উৎসাহী অংশগ্ৰহণৰ সাক্ষী হৈ আজি সফল সামৰণি পৰে। ভাৰতীয় ঔষধ আৰু চিকিৎসা সঁজুলি ব্যুৰো (পিএমবিআই), ঔষধ বিভাগ, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ উদ্যোগত অহা ৭ মাৰ্চত উদযাপন হ’বলগীয়া ৮ জানুৱাৰী ঔষাধি দিৱসৰ প্ৰস্তুতিৰ বাবে ২০২৬ চনৰ ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ এই সজাগতা অভিযান চলোৱা হয়। তৃতীয় দিনা স্বাস্থ্য পৰীক্ষা শিবিৰত স্থানীয়ভাৱে নিদান, বিনামূলীয়া পৰামৰ্শ, আৰু জনৌষধিৰ ঔষধৰ ব্যাপক বিতৰণৰ ব্যৱস্থা কৰা হয়। এই পদক্ষেপে সামূহিকভাৱে হাজাৰ হাজাৰ নাগৰিকক জড়িত কৰিছিল, মহিলা, জ্যেষ্ঠ নাগৰিক, আৰু শিশুৰ বাবে সেৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি, সুলভ স্বাস্থ্যসেৱাৰ ওপৰত অধিক সচেতনতা গঢ়ি তুলিছিল।
এই কাৰ্যসূচীত চহৰ আৰু গ্ৰাম্য উভয় সম্প্ৰদায়ৰ লোকে উৎসাহেৰে অংশগ্ৰহণ কৰে। তেওঁলোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱাৰ সুবিধা লৈছিল আৰু স্বাস্থ্য পেছাদাৰীসকলৰ সৈতে মত-বিনিময় অধিবেশনত অংশগ্ৰহ কৰিছিল। মহিলাসকলক বিনামূলীয়াকৈ চেনিটেৰী পেড বিতৰণৰ পৰিপূৰক হিচাপে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ উপকাৰিতা সন্দৰ্ভত সজাগতা অভিযান অনুষ্ঠিত হয়।
এই শিবিৰৰ ৫ম দিনত আহমেদাবাদ (গুজৰাট), জয়পুৰ (ৰাজস্থান), উজ্জয়নী (মধ্যপ্ৰদেশ), ভূপাল (মধ্যপ্ৰদেশ), বিলাসপুৰ (ছত্তীচগড়), তামেংলং (মণিপুৰ), জম্মু (জম্মু আৰু কাশ্মীৰ), কৃষ্ণগিৰি (তামিলনাডু) আদিকে ধৰি গুৰুত্বপূৰ্ণ স্থানত শিবিৰ অনুষ্ঠিত কৰা হয়।
দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিছে, জনঔষধিয়ে তেওঁলোকক স্বাস্থ্যসেৱাৰ ব্যয় হ্লাসত কেনেদৰে সহায় কৰিছে সেই বিষয়ে আলোকপাত কৰিছে।
সমগ্ৰ দেশৰ নাগৰিকৰ উৎসাহী অংশগ্ৰহণৰ সাক্ষী হৈ ২০২৬ চনৰ জন ঔষধি সপ্তাহৰ অংশ হিচাপে আয়োজন কৰা দেশজোৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আজি সফল সামৰণি পৰে। ভাৰতীয় ঔষধ আৰু চিকিৎসা সঁজুলি ব্যুৰো (পিএমবিআই), ঔষধ বিভাগ, ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ উদ্যোগত অহা ৭ মাৰ্চ, ২০২৬ তাৰিখে উদযাপন হ’ব ৮ জানুৱাৰীৰ ঔষাধি দিৱসৰ প্ৰস্তুতি। কাৰ্ষসূচীৰ তৃতীয় দিনা স্বাস্থ্য পৰীক্ষা শিবিৰত স্থানীয়ভাৱে নিদান, বিনামূলীয়া পৰামৰ্শ আৰু জন-ঔষধিৰ ঔষধৰ ব্যাপক বিতৰণৰ ব্যৱস্থা কৰা হয়। এই পদক্ষেপে সামূহিকভাৱে হাজাৰ হাজাৰ নাগৰিকক জড়িত কৰিছিল- মহিলা, জ্যেষ্ঠ নাগৰিক আৰু শিশুৰ বাবে সেৱাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সুলভ স্বাস্থ্যসেৱাৰ ওপৰত অধিক আস্থা জগাই তুলিছিল।
দিল্লীৰ জামিয়া নগৰৰ বাসিন্দা তথা হিতাধিকাৰী আব্দুল ৰাইছে এই আঁচনিৰ প্ৰশংসা কৰে। তেওঁ কয় যে বজাৰত বিক্ৰী হোৱা ঔষধ ব্যয়বহুল হ’লেও জন ঔষধি কেন্দ্ৰত একেখিনি ঔষধ বহু কম দামত উপলব্ধ। তেওঁলোকে বিশেষকৈ বৃদ্ধসকলৰ বাবে এই সুবিধাৰ প্ৰশংসা কৰে, কিয়নো বহু কেন্দ্ৰ আৱাসিক এলেকাৰ ওচৰতে অৱস্থিত।
জামিয়া নগৰৰ আন এজন বাসিন্দা তথা হিতাধিকাৰী শ্বাকীল আহমেদে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি কয় যে শেহতীয়াকৈ তেওঁৰ তেজৰ শৰ্কৰা শিবিৰত পৰীক্ষা কৰা হৈছে। তেওঁ বুজাই দিলে যে বিগত দুই-তিনি বছৰে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় কৰি তাত থকা ঔষধবোৰ সুলভ মূল্যৰ নহয়, ফলপ্ৰসূও বুলি বিবেচনা কৰিছে। ইয়াৰ স্থানীয় বাসিন্দাসকলেও একেধৰণৰ আৱেগ প্ৰকাশ কৰে।
স্বাস্থ্য পৰীক্ষা শিবিৰৰ সময়ত জনসাধাৰণক ১৮ হাজাৰৰো অধিক প্ৰধানমন্ত্ৰী ভাৰতীয় জনসাধাৰণ কেন্দ্ৰ (পিএমবিজেপি)ৰ মাজৰ পৰা নিকটতম কেন্দ্ৰটো বিচাৰি উলিয়াবলৈ "জন ঔষধি সুগম" মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছিল। সুলভ মূল্যৰ ঔষধৰ শেষ প্ৰান্তৰ ডেলিভাৰী শক্তিশালী কৰাৰ বাবে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত পিএমবিআয়ে ২৫ হাজাৰ কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য লৈছে।
প্ৰধানমন্ত্ৰী ভাৰতীয় জন-ঔষধি পৰিযোজনাৰ অধীনত ব্ৰেণ্ডেড ঔষধতকৈ ৫০ৰ পৰা ৮০ শতাংশ কম মূল্যত গুণগত মানৰ জেনেৰিক ঔষধ উপলব্ধ কৰা হয়, যাৰ ফলত কোনো নাগৰিক আৰ্থিক অভাৱৰ বাবে অত্যাৱশ্যকীয় স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নহয়। পিএমবিজেপি খুলিব বিচৰা উদ্যোগী, ফাৰ্মাচিষ্ট, চিকিৎসক বা যোগ্য ব্যক্তিয়ে www.janoushadhi.gov.inত অনলাইন আবেদন কৰিব পাৰে। এই ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰচেষ্টাক সহায় কৰিবলৈ আৰু বহনক্ষম জীৱিকাৰ সৃষ্টি কৰিবলৈ আৰ্থিক সাহায্য আৰু প্ৰৰোচনা প্ৰদান কৰা হয়।




***
PC/PM/KD
(ৰিলিজ আই ডি : 2236229)
অতিথি কক্ষ : 46