কৃষি মন্ত্ৰালয়
আই চি এ আৰ-আই এ আৰ আই অসমে ‘বহনক্ষম জীৱিকাৰ বাবে প্ৰাকৃতিক কৃষি’ শীৰ্ষক বিষয়ত কিষাণ মেলা ২০২৬ আয়োজন কৰিব
পোষ্ট কৰা হৈছে:
27 FEB 2026 4:09PM by PIB Guwahati
অসমৰ আই চি এ আৰ-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে (আই চি এ আৰ-আই এ আৰ আই)২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত অসমৰ ধেমাজিৰ গোগামুখৰ দিৰপাই চাপোৰীত ‘কিষাণ মেলা ২০২৬’ ৰ আয়োজন কৰিব। আই এ আৰ আই- ৰ সঞ্চালক ড০ চি এইচ-শ্ৰীনিবাস ৰাওৰ নেতৃত্বত ‘বহনক্ষম জীৱিকাৰ বাবে প্ৰাকৃতিক কৃষি’ শীৰ্ষক বিষয়বস্তুৰে এই মেলা অনুষ্ঠিত হ’ব।
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে পৰিৱেশ অনুকূল আৰু বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ কৰা, কৃষক-বিজ্ঞানীৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা আৰু সমগ্ৰ অসম তথা উত্তৰ-পূব অঞ্চলৰ কৃষক সম্প্ৰদায়ৰ বাবে জীৱিকাৰ সুযোগ বৃদ্ধি কৰা। অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ শিক্ষা তথা কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত জিলা আয়ুক্ত, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া, কৃষি আৰু আনুষংগিক বিভাগৰ প্ৰতিনিধিসকলেও বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
কৃষক, কৃষি-উদ্যোগী, সম্প্ৰসাৰণ কৰ্মী, শিক্ষাৰ্থী, কৃষক উৎপাদক সংগঠন (এফ পি অ’), কৃষক উৎপাদক কোম্পানী (এফ পি চি) আৰু আত্মসহায়ক গোট (এছ এইচ জি) সহ ১০০০ ৰো অধিক অংশীদাৰে এই মেলাত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
প্ৰাকৃতিক কৃষি পদ্ধতি, উন্নত কৃষি প্ৰযুক্তি, কৃষি যান্ত্ৰিক সমাধান, পশুপালন আৰু মীন পালনৰ উদ্ভাৱন আৰু মূল্য সংযোজনৰ সুযোগ প্ৰদৰ্শনৰ বাবে প্ৰায় ৩০টা প্ৰদৰ্শনী বিপনী স্থাপন কৰা হব। মেলাত কাৰিকৰী অধিৱেশন, সজাগতা কাৰ্যসূচী, প্ৰগতিশীল কৃষকসকলৰ সফলতাৰ কাহিনীৰ উপস্থাপন আৰু বহনক্ষম কৃষি পদ্ধতি গ্ৰহণক উৎসাহিত কৰাৰ লক্ষ্যৰে মত বিনিময়মূলক মঞ্চও থাকিব।
***
PG/SS/MK
(ৰিলিজ আই ডি : 2233598)
অতিথি কক্ষ : 26