ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav AI Impact Summit 2026

এক্সপো-এ-প্ৰটোটাইপৰ পৰা বাস্তৱ-বিশ্বৰ সমাধানলৈ এআই প্ৰসাৰৰ বাবে এক মঞ্চ

ভাৰত এআই ইম্পেক্ট এক্সপো ২০২৬-ৰ বাবে পঞ্জীয়ন আৰম্ভ

পোষ্ট কৰা হৈছে: 03 FEB 2026 6:01PM by PIB Guwahati

এআই প্ৰটোটাইপক নিয়োজনযোগ্য বাস্তৱ-বিশ্ব সমাধানলৈ উন্নীত কৰাৰ বাবে ভাৰত এআই ইম্পেক্ট ছামিট ২০২৬-ৰ অধীনৰ প্ৰধান মঞ্চ ইণ্ডিয়া এআই ইম্পেক্ট এক্সপো ২০২৬-ৰ বাবে বৰ্তমান পঞ্জীয়ন চলি আছে।

যোগ্য অংশগ্ৰহণকাৰী-ষ্টাৰ্টআপ, উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু এআই সংস্থাসমূহে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰেঃ

https://www.impactexpo.indiaai.gov.in/exhibit-with-us.

সংস্থাসমূহে "আমাৰ সৈতে প্ৰদৰ্শন কৰক" শিতানত আগ্ৰহৰ অভিব্যক্তি প্ৰ-পত্ৰ দাখিল কৰাৰ পাছত আবেদন সমূহ পৰ্যালোচনা কৰা হ'ব আৰু ইমেইলৰ জৰিয়তে নিশ্চিত কৰা হ' ব। ইয়াৰ পিছত সংস্থাসমূহক বিষয়ভিত্তিক বিথিকাত বুথৰ সবিশেষ, ব্যয় আৰু আবণ্টন প্ৰদান কৰা হ'ব।

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (এম ই আই টি ৱাই) অধীনত ইণ্ডিয়া এ আই মিছনৰ দ্বাৰা আয়োজিত এই এক্সপ’ত সামাজিক আৰু অৰ্থনৈতিক মূল্য প্ৰভাৱিত কৰা উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব, যাৰ ফলত ভাৰত সীমান্ত আৰু ক্ষেত্ৰৰ পৰিধি নেওচি এ আই সহযোগিতাৰ বাবে এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৭০০,০০০ + বৰ্গমিটাৰত বিস্তৃত ১০ টা ভৱনত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত  ১৯খনৰো অধিক ৰাজ্য আৰু ১০খনৰো অধিক দেশৰ ষ্টাৰ্টআপ, কৰ্প’ৰেট, শিক্ষা, গৱেষণা প্ৰতিষ্ঠান, কেন্দ্ৰীয় মন্ত্ৰালয়/সংস্থা, ৰাজ্য আৰু দেশৰ পেভিলিয়নকে ধৰি ৪০০ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

৪০টাৰো অধিক এআই শ্ৰেণী সামৰি সাতটা চক্ৰ-অনুপ্ৰেৰিত বিষয়গত বিথিকাত সংগঠিত এই প্ৰদৰ্শনীখনে স্বাস্থ্যসেৱা, জলবায়ু, কৃষি, শিক্ষা, স্থিতিস্থাপকতা, প্ৰশাসন আৰু কৰ্মচাৰীৰ দক্ষতাৰ দৰে খণ্ডৰ বাবে ব্যৱহাৰযোগ্য এআইৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰদৰ্শনীৰ সাতটা চক্ৰ-বিষয়বস্তুৰ বিথিকাৰ ভিতৰত আছেঃ

  • অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক কল্যাণৰ বাবে এআই (ৰাজহুৱা খণ্ডৰ প্ৰয়োগ, আন্তঃসীমান্ত সহযোগিতা)
  • মানৱ মূলধন (কৰ্মশক্তিৰ দক্ষতা, সাক্ষৰতা, ৰূপান্তৰ)
  • অন্তৰ্ভুক্তি (ভাষা, সংস্কৃতি, অভিগম্যতা, পক্ষপাতিত্ব প্ৰতিৰোধ)
  • সুৰক্ষিত আৰু বিশ্বাসযোগ্য এআই (স্বচ্ছতা, অডিটিং, প্ৰশাসন)
  • স্থিতিস্থাপকতা, উদ্ভাৱন, দক্ষতা (সম্পদ-দক্ষ এআই, বৈষম্য হ্ৰাস)
  • বিজ্ঞান (গৱেষণাৰ ত্বৰণ, গোলকীয় দক্ষিণ সহযোগিতা)
  • এআই সম্পদসমূহৰ গণতান্ত্ৰিকীকৰণ (তথ্য, গণনা, আৰ্হিৰ ন্যায়সংগত প্ৰৱেশাধিকাৰ)

এই প্ৰদৰ্শনীৰ গুৰুত্বপূৰ্ণ দিশসমূহ হ’লঃ

  • প্ৰডাক্ট ডেম’ আৰু বিটুবি মিটিং
  • নেটৱৰ্কিং জ’ন আৰু ডেডিকেটেড লাউঞ্জ, সহযোগিতা সূচল কৰি তোলা
  • এআই বিশেষজ্ঞসকলৰ দ্বাৰা মাষ্টাৰ ক্লাছ আৰু জ্ঞান অধিৱেশন
  • আন্তঃগাঁথনি, ডিজিটেল প্ৰশাসন, এল এল এম, এণ্টাৰপ্ৰাইজ এ আই, সামাজিক প্ৰভাৱ আদিৰ দৰে ক্ষেত্ৰসমূহত খণ্ড-কেন্দ্ৰিক বিথিকা আৰু
  • আঠটা নতুন থলুৱা এআই ফাউণ্ডেশ্যন মডেলৰ শুভাৰম্ভ

অধিক তথ্য বা সংবাদ মাধ্যমৰ অনুসন্ধানৰ বাবেঃ

Contact: India AI Impact Expo Team

Email: aiimpactexpo@stpi.in

Website: www.impactexpo.indiaai.gov.in

 

****

MSZ/DD


(ৰিলিজ আই ডি : 2231703) অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी