গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিআইএছ আৰু চিচিআই-ৰ উদ্যোগত গুৱাহাটীত উপভোক্তা সজাগতা ভাৰত যাত্ৰা সম্পন্ন

পোষ্ট কৰা হৈছে: 12 FEB 2026 7:59PM by PIB Guwahati

আজি উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড (NEHHDC), গুৱাহাটীত উপভোক্তা সজাগতা ভাৰত যাত্ৰা অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। সমগ্ৰ দেশতে গুণমান সচেতনতা, মানকৰণ আৰু উপভোক্তা সুৰক্ষাক প্ৰসাৰিতকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপ ৰাষ্ট্ৰজোৰা উপভোক্তা সজাগতা ভাৰত যাত্ৰাৰ অংশ হিচাপে এই কাৰ্য্যসূচী অনুষ্ঠিত হয়।

২০২৫-ৰ ২৪ ডিচেম্বৰৰ পৰা ২০২৬-ৰ ১৫ মাৰ্চলৈ কনজুমাৰ কনফেডাৰেচন অৱ ইণ্ডিয়াই (CCI) ভাৰতীয় মানক ব্যুৰ’ৰ (BIS) সহযোগত গ্ৰহণ কৰা এই পদক্ষেপৰ উদ্দেশ্য হৈছে জনস্বাৰ্থক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুণমান নিয়ন্ত্ৰণ, মানকৰণ ব্যৱস্থা, উপভোক্তাৰ অধিকাৰ আৰু বিআইএছ-ৰ ভূমিকা তথা কাৰ্য্য-কলাপ সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টি কৰা।

এই অনুষ্ঠানত বিআইএছ-ৰ বিজ্ঞানী তথা যুটীয়া সঞ্চালক শ্ৰী আইজাক গিনলাল্ডিনে অংশগ্ৰহণেৰে ভাৰতীয় মানদণ্ড মানি চলাৰ গুৰুত্ব আৰু আইএছআই মাৰ্ক তথা হলমাৰ্কৰ দৰে চাৰ্টিফিকেচন মাৰ্ক সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ পণ্যৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা নিশ্চিত কৰা আৰু উপভোক্তাৰ আস্থা লাভৰ বাবে মানকৰণ অতিশয় গুৰুত্বপূৰ্ণ বুলি কয়।

ইয়াত চিচিআই-ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডঃ অনন্ত শৰ্মাই বজাৰৰ জবাবদিহিতাৰ বৰ্ধন আৰু জ্ঞাত সিদ্ধান্ত-গ্ৰহণৰ ক্ষেত্ৰত উপভোক্তাৰ সক্ৰিয় অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে। চিচিআই-ৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী অধ্যক্ষ শ্ৰী এম. চেলভৰাজে উপভোক্তা সজাগতা ভাৰত যাত্ৰাৰ উদ্দেশ্য আৰু ভিন্ন ৰাজ্যত ইয়াৰ ব্যাপক প্ৰচাৰৰ বিষয়ে বিশদভাৱে কয়। চিচিআই-ৰ ৰাষ্ট্ৰীয় সঞ্চালক শ্ৰী কৈলাশ কুমাৱাট আৰু চিচিআই-ৰ সচিব শ্ৰী সঞ্জয় খাণ্ডেলৱালেও ভাষণ প্ৰদান কৰি গুণমানৰ এক শক্তিশালী সংস্কৃতি গঢ়ি তুলিবলৈ নিয়ামক সংস্থা, উপভোক্তা সংস্থা আৰু জনসাধাৰণৰ মাজত সহযোগিতামূলক প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী জে. ডেনিয়েল আৰু চিচিআই-ৰ প্ৰতিনিধি দলটোৰ আন-আন সদস্যসকলো উপস্থিত থাকি আলোচনাত অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত বিষয়া, উপভোক্তা সংস্থা আৰু আন-আন অংশীদাৰসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ইয়াত উপভোক্তাৰ অধিকাৰ, অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু প্ৰমাণিত সামগ্ৰী ক্ৰয়ৰ গুৰুত্ব সম্পৰ্কে অংশগ্ৰহণকাৰীসকলক সংবেদনশীল কৰি তুলিবলৈ মত-বিনিময়মূলক অধিৱেশন অনুষ্ঠিত হয়।

***

PG/SS/SB


(ৰিলিজ আই ডি : 2227323) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English