গৃহ মন্ত্ৰালয়
ই-সাক্ষ্য আৰু ন্যায় সেতু এপৰ ৰূপায়ণৰ স্থিতি
পোষ্ট কৰা হৈছে:
11 FEB 2026 4:36PM by PIB Guwahati
‘আৰক্ষী’ আৰু ‘ৰাজহুৱা ব্যৱস্থা’ ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচীৰ অধীনত ৰাজ্যসমূহৰ বিষয়। আইন-শৃংখলা অটুত ৰখা, অপৰাধ আৰু অপৰাধীৰ তদন্ত তথা বিচাৰকে প্ৰমুখ্য কৰি নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছে। ইয়াৰ প্ৰশাসনে আইনৰ বিদ্যমান বিধানৰ অধীনত এনে অপৰাধৰ সৈতে মোকাবিলা কৰে। ইয়াৰ ভিতৰত ৰূপায়ণ, নিয়োগ, কাৰ্য্যকৰী ব্যৱহাৰ, তথ্য সৃষ্টি, আৰক্ষীৰ লোকসকলক প্ৰশিক্ষণ প্ৰদান আৰু আৰক্ষী থানাসমূহত এপ্লিকেচনসমূহৰ দৈনন্দিন কাৰ্য্যকলাপৰ লগতে ইয়াৰ যিকোনো মূল্যায়নো অন্তৰ্ভুক্ত হৈছে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) ই-সাক্ষ্য এপ মুকলি কৰি নবীন ন্যায় সংহিতাৰ বিধান অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ইয়াক ফলপ্ৰসূভাৱে অভিযোজনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। তদন্তকাৰী বিষয়াসকলক সহায় কৰিবলৈ নবীন ন্যায় সংহিতা ৰূপায়ণৰ অংশ হিচাপে প্ৰৱৰ্তন কৰা এপ্লিকেচনসমূহৰ এয়া অন্যতম। ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফীৰ জৰিয়তে প্ৰমাণ সংগ্ৰহ, সংৰক্ষণ আৰু উদ্ধাৰৰ সুবিধাৰ বাবে এই এপ্লিকেচনটো ডিজাইন কৰা হৈছে। ইয়াত সাক্ষীৰ বক্তব্য ৰেকৰ্ডিং কৰাও সম্ভৱ। উপলব্ধ তথ্য অনুসৰি ৩৫ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৫,৮৯৯ খন থানাতে ই-সাক্ষ্য এপ্লিকেচন ব্যৱহাৰ কৰা হৈছে।
এপসমূহ মুকলি কৰাৰ পিছত এইসমূহৰ জৰিয়তে আপল’ড কৰা এফআইআৰ-ৰ সংখ্যা, সাক্ষীৰ বক্তব্য আৰু ডিজিটেল প্ৰমাণ ৰেকৰ্ডৰ তথ্য সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ অধীনত থাকে। ইয়াৰ সবিশেষ মন্ত্ৰালয়ত মজুত ৰখা নহয়।
উপলব্ধ তথ্য অনুসৰি চণ্ডীগড় আৰক্ষীৰ সৈতে আলোচনা কৰি এনআইচি-চণ্ডীগড়ে ন্যায় সেতু এপ্লিকেচন প্ৰস্তুত কৰিছিল। ইয়াৰ জৰিয়তে নিৰৱচ্ছিন্ন আন্তঃসংস্থা সমন্বয়, তথ্য-চালিত পুলিচিং আৰু ফলপ্ৰসূ ফৌজদাৰী ন্যায় প্ৰদান সম্ভৱ হৈ উঠে। উক্ত এপ্লিকেচনৰ কাৰ্য্যকৰীকৰণ আৰু ফলপ্ৰসূতাৰ সৈতে জড়িত অধিক বিৱৰণ এই মন্ত্ৰালয়ত মজুত ৰখা নহয়।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বণ্ডী সঞ্জয় কুমাৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
*****
RK/PR/PS/SK/SC/SB
(ৰিলিজ আই ডি : 2227072)
অতিথি কক্ষ : 4