উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত এম এছ এম ইখণ্ডত বিনিয়োগৰ প্ৰসাৰ
পোষ্ট কৰা হৈছে:
12 FEB 2026 2:41PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে অঞ্চলটোৰ বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে ‘ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট ২০২৫’-ৰ আয়োজন কৰে। উত্তৰ-পূৰ্বাঞ্চললৈ বিনিয়োগ আকৰ্ষণৰ বাবে চিনাক্ত কৰা শীৰ্ষ সন্মিলনৰ কেন্দ্ৰীয় খণ্ডসমূহ আছিল পৰ্যটন আৰু আতিথ্য; কৃষি-খাদ্য সংসাধন আৰু আনুষংগিক খণ্ড; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আই টি/আই টি ই এছ; মনোৰঞ্জন আৰু ক্ৰীড়া; আন্তঃগাঁথনি তথা লজিষ্টিক; আৰু শক্তি। সামূহিকভাৱে, শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰাকমুহূৰ্তত অনুষ্ঠিত ৰোড শ্ব'সমূহে বুজাবুজিৰ চুক্তি (এম অ' ইউ), অভিপ্ৰায় পত্ৰ, আৰু ব্যক্তিগত বিনিয়োগকাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগ, আৰু প্ৰধান ঔদ্যোগিক সংঘসমূহৰ পৰা যোগ্যতাসম্পন্ন লীডসমূহৰ জৰিয়তে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ আগ্ৰহ লাভ কৰে।
‘উত্তৰ-পূব উন্নয়ন বিত্ত নিগম লিমিটেড’-য়ে ঔদ্যোগিক, আন্তঃগাঁথনি আৰু কৃষি সংযুক্ত প্ৰকল্পৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ (এমএছএমই) খণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেডফি-য়ে উদ্যোগীকৰণ বিকাশ আৰু পৰিতন্ত্ৰ শক্তিশালী কৰাৰ বিস্তৃত পদক্ষেপ গ্ৰহণ কৰে। ই উদ্যমীতাৰ সুযোগ, চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানিক সহায়ৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ব্যৱসায়িক বৈঠকৰ আয়োজন কৰে। ইয়াৰ ব্যৱসায়িক সুবিধা কেন্দ্ৰসমূহৰ জৰিয়তে নেডফি-য়ে প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক প্ৰকল্প প্ৰস্তুতি, বিত্তীয় পৰিকল্পনা, ঋণ সংযোগ আৰু বজাৰত প্ৰৱেশৰ ক্ষেত্ৰত নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ বহনক্ষম জীৱিকা কাৰ্যসূচীৰ অধীনত বাঁহ, কলৰ আঁহ আৰু হস্ততাঁত আদি পৰম্পৰাগত শিল্পকৰ্মত নিয়োজিত শিপিনীসকলে প্ৰদৰ্শনী আৰু নিবেদিত শ্ব’ৰুমৰ জৰিয়তে দক্ষতা বিকাশ আৰু বিপণনৰ সহায় লাভ কৰিছে। ‘উত্তৰ-পূব ভেঞ্চাৰ ফাণ্ড’ (এন ই ভি এফ)ৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ ষ্টাৰ্টআপ পৰিতন্ত্ৰৰ বিকাশৰ বাবে নেডফি-য়ে অৰিহণা যোগাইছে। ইয়াৰ উপৰিও নেডফি-য়ে অঞ্চলটোৰ ষ্টাৰ্টআপসমূহক হেণ্ডহল্ডিং আৰু মেণ্টৰিং সমৰ্থনৰ জৰিয়তে সহায় আগবঢ়াই আহিছে।
ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগসমূহক তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ বাবে ঋণ লাভ কৰাত সহায় কৰিবলৈ ৰচনা কৰা চৰকাৰী সমৰ্থিত পদক্ষেপ ‘এমএছএমই-ৰ বাবে মিউচুৱেল ক্ৰেডিট নিশ্চয়তা আঁচনি’ (এমচিজিএছ-এমএছএমই) ঘোষণা কৰিছে চৰকাৰে। এই আঁচনিখনে ঋণৰ নিশ্চয়তা প্ৰদান কৰে, যাৰ ফলত এম এছ এম ইসমূহে বিশেষকৈ অত্যাৱশ্যকীয় সঁজুলি আৰু যন্ত্ৰপাতি ক্ৰয় কৰাৰ বাবে ঋণ লাভ কৰিবলৈ সহজ হৈছে। ৰপ্তানিকাৰীসকলৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চিজিএছই) ১২.১১.২০২৫ তাৰিখে অনুমোদন কৰা হৈছিল যাতে যোগ্য ঋণগ্ৰহণকাৰী বিশেষকৈ এমএছএমইসমূহক বৰ্তমানৰ কাৰ্যকৰী মূলধনৰ সীমাৰ ২০% পৰ্যন্ত অতিৰিক্ত ঋণ সহায় প্ৰদান কৰিব পৰা যায়।
ডাক বিভাগে (DoP) ইয়াৰ ডাকঘৰ ছেভিং বেংক (POSB) সেৱা আৰু ইণ্ডিয়া ডাক পেমেণ্ট বেংক (IPPB)ৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি আৰু ডিজিটেল পেমেণ্ট নিশ্চিত কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ডাকঘৰৰ নেটৱৰ্কৰ জৰিয়তে অন্তিম মাইলৰ গ্ৰাহকসকলক সুলভ আৰু সুলভতাৰে বিস্তৃত পৰিসৰৰ সামগ্ৰী আৰু সেৱা আগবঢ়াই ডিজিটেলাইজেশ্যন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ দিশত কাম কৰি আছে।
আজি ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে এই তথ্য প্ৰদান কৰে৷
*****
PS/KB
(ৰিলিজ আই ডি : 2227034)
অতিথি কক্ষ : 11