উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলত লজিষ্টিক নীতিৰ পংক্তিবদ্ধকৰণ

পোষ্ট কৰা হৈছে: 11 FEB 2026 2:22PM by PIB Guwahati

দেশৰ লজিষ্টিক খণ্ডৰ সংহত উন্নয়নৰ বাবে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি), বাণিজ্য তথা উদ্যোগ মন্ত্ৰালয়ক দায়িত্ব প্ৰদান কৰা হৈছে। ডিপিআইআইটি-ৰ মতে,উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিক পদক্ষেপসমূহক সংযোগ, বাণিজ্য আৰু ঔদ্যোগিক নীতিৰ সৈতে একত্ৰিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ সমন্বয় ব্যৱস্থা ২০২১ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা পিএম গতিশক্তি ৰাষ্ট্ৰীয় মহা পৰিকল্পনা-ত অন্তৰ্ভূক্ত কৰা হৈছে।

তদুপৰি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে ২০২৪ চনৰ জুলাই মাহত উত্তৰ-পূৱ পৰিষদ-ৰ ৭১ সংখ্যক পূৰ্ণাংগ সভাত লোৱা সিদ্ধান্ত অনুসৰি উত্তৰ-পূৰ্বাঞ্চলত থকা লজিষ্টিক পৰিতন্ত্ৰৰ মূল্যায়ন আৰু লজিষ্টিক পৰিকল্পনা শক্তিশালী কৰাৰ ব্যৱস্থাৰ পৰামৰ্শ প্ৰদানৰ বাবে এখন আন্তঃমন্ত্ৰালয় সমিতি (আই এম চি) গঠন কৰা হয়। ফলস্বৰূপে কাৰ্য-পৰিকল্পনা ৰূপায়ণৰ কাম ড’নাৰ মন্ত্ৰালয়ৰ অধীনত গঠন কৰা এটা মাৰ্গদৰ্শক গোটেও নিৰীক্ষণ কৰে, য’ত ডিপিআইআইটি (লজিষ্টিক বিভাগ) আৰু অন্যান্য আনুষংগিক মন্ত্ৰালয়সমূহৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ প্ৰতিনিধিসকল থাকে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে ভাৰতৰ ‘এক্ট ইষ্ট’ আৰু ‘নেইবাৰহুড ফাৰ্ষ্ট’ নীতিৰ অধীনত আছিয়ান বজাৰত উন্নত প্ৰৱেশৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে ম্যানমাৰৰ মাজেৰে দুটা সংযোগ প্ৰকল্প ৰূপায়ণ কৰিছে। এইকেইটা হ’ল কালাডান মাল্টি ম’ডাল ট্ৰেনজিট ট্ৰেন্সপ’ৰ্ট আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ট্ৰাইলেটাৰেল হাইৱে’।

ভাৰত আৰু বাংলাদেশৰ মাজত উন্নত ৰে’ল, পথ, আৰু অভ্যন্তৰীণ জলপথৰ সংযোগে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নত সংযোগ প্ৰদান কৰে আৰু বিস্তৃত উপ-আঞ্চলিক সংহতিক সমৰ্থন কৰে। লজিষ্টিক, সংযোগ, বাণিজ্য আন্তঃগাঁথনি, আৰু অঞ্চলটোক প্ৰভাৱিত কৰা অন্যান্য উন্নয়ন সম্পৰ্কত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলস্থ ভাৰত আৰু বাংলাদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষকে ধৰি ভাৰত আৰু বাংলাদেশৰ কৰ্তৃপক্ষৰ মাজত সমন্বয় সাধন কৰিবলৈ বাণিজ্য সম্পৰ্কীয় যুটীয়া কৰ্মগোট, ভূমি শুল্ক কেন্দ্ৰ/সংহত পৰীক্ষণ চকীৰ আন্তঃগাঁথনিৰ উপ-গোট, আৰু সীমান্ত হাট-ৰ যুটীয়া সমিতিৰ দৰে প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপন কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলক লজিষ্টিক আৰু বাণিজ্যিক গে’টৱে হিচাপে স্থান দিয়াৰ বাবে কাৰ্য-পৰিকল্পনা বহুমুখী কৌশলৰ জৰিয়তে অনুসৰণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে সমন্বিত নীতি পৰিকল্পনা আৰু পি এম গতিশক্তি–ভিত্তিক পৰিকল্পনাৰ দ্বাৰা সমৰ্থিত প্ৰতিষ্ঠানিক ব্যৱস্থা, যিয়ে বহুমুখী সংযোগ, উদ্যোগিক ক্লাষ্টাৰ, লজিষ্টিক পাৰ্ক, সীমান্ত আন্তঃগাঁথনি আৰু অৰ্থনৈতিক সম্পত্তিৰ সংহত ভূ-স্থানীয় অন্বেষণ আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহে ৰূপায়ণ কৰা প্ৰকল্পসমূহৰ জৰিয়তে ভৌতিক সংযোগ শক্তিশালী কৰাটো সক্ষম কৰে।

এই তথ্য আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে প্ৰদান কৰে।

 

*****

PS/KB


(ৰিলিজ আই ডি : 2226450) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी