গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নাৰ্ক’টিক্স সমন্বয় ব্যৱস্থা

পোষ্ট কৰা হৈছে: 10 FEB 2026 4:20PM by PIB Guwahati

চৰকাৰে নাৰ্ক’-সমন্বয় (NCORD) ব্যৱস্থাৰ জৰিয়তে আন্তঃমন্ত্ৰালয় আৰু আন্তঃসংস্থা সমন্বয়ক গভীৰ কৰিছে। এই ব্যৱস্থাই ড্ৰাগছ সৰবৰাহৰ নিৰীক্ষণ, চাহিদা হ্ৰাস আৰু পুনৰ্বাসনৰ অৰ্থে কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু বলবৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ বাবে এখনি গাঁথনিগত, প্ৰতিষ্ঠানিক মঞ্চ প্ৰশস্ত কৰিছে। ইয়াৰ ফলশ্ৰুতিত বলবৎকাৰী ফলাফল আৰু চোৰাংচোৱা-বিনিময়ৰ অগ্ৰগতি ঘটিছে। এপেক্স, কাৰ্য্যবাহী, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত ধাৰাবাহিকভাৱে এই ব্যৱস্থা সক্ৰিয় আৰু কাৰ্য্যক্ষম হৈ আহিছে। এতিয়ালৈকে নীতি প্ৰণয়নৰ পথ-প্ৰদৰ্শন, আন্তঃমন্ত্ৰালয় সমন্বয় বৃদ্ধি আৰু সামগ্ৰিক নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ কাঠামোৰ পৰ্য্যালোচনাৰ বাবে ইয়াৰ ৯ খন এপেক্স বৈঠক আৰু ৬ খন কাৰ্য্যবাহী বৈঠক অনুষ্ঠিত হৈছে। কাৰ্য্যকৰী পৰ্য্যায়ত সমগ্ৰ দেশতে ২৫৩ খন ৰাজ্যিক বৈঠক আৰু ১২,৪৭১ খন জিলা পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ ফলশ্ৰুতিত সমন্বিত বলবৎকাৰী ব্যৱস্থা, চোৰাংচোৱা তথ্য বিনিময় আৰু তৃণমূল পৰ্য্যায়ত ড্ৰাগছ সৰবৰাহৰ প্ৰৱণতাসমূহৰ নিয়মীয়া নিৰীক্ষণ সম্ভৱপৰ হৈছে। এই বৈঠকসমূহে সংস্থাসমূহৰ মাজৰ সহযোগিতাক গভীৰ কৰিছে, যৌথ কাৰ্য্যকলাপৰ সুবিধা প্ৰদান কৰিছে আৰু অব্যাহত ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে কেন্দ্ৰীভূত হস্তক্ষেপক সমৰ্থন কৰিছে।

সীমান্ত অতিক্ৰমি আৰু আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’ (NCB), ৰাজ্যিক মাদক দ্ৰব্য-বিৰোধী টাস্ক ফৰ্চ (ANTF) আৰু সীমান্তৰক্ষী বাহিনীসমূহৰ মাজত আন্তঃসংস্থা সমন্বয়ৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰে একাংশ তলত উল্লেখ কৰা হৈছেঃ -

  1. সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলতে এন্টি-নাৰ্ক’টিকছ টাস্ক ফ’ৰ্চ (ANTF) স্থাপন কৰা হৈছে, যিসমূহে স্থানীয় বলবৎকৰণৰ ক্ষেত্ৰত এনচিঅ’আৰডি সচিবালয় হিচাপেও কাম কৰে।
  2. বুজন পৰিমাণৰ ড্ৰাগছ জব্দৰ তদন্ত চোৱাচিতা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যিক পৰ্য্যায়ত যুটীয়া সমন্বয় কমিটি (JCC) গঠন কৰা হৈছে।
  3. এনচিবিয়ে নৌসেনা, ক’ষ্ট গাৰ্ড, সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাজ্যিক এএনটিএফ-ৰ দৰে আন-আন সংস্থাৰ সৈতে সহযোগিতা কৰি যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান গ্ৰহণ কৰিছে।
  4. এমএচি (MAC) ব্যৱস্থাৰ অধীনত ডাৰ্কনেট আৰু ক্ৰিপ্ট’-কাৰেন্সীৰে মোকাবিলা কৰিবলৈ এটা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। ইয়াৰ জৰিয়তে নাৰ্ক’-সৰবৰাহৰ সুবিধা প্ৰদান কৰা সকলো প্লেটফৰ্ম নিৰীক্ষণ কৰা, এজেন্সীসমূহৰ মাজত ড্ৰাগছ সৰবৰাহৰ ইনপুটসমূহৰ আদান-প্ৰদান কৰা, ড্ৰাগছ নেটৱৰ্কক বাধা দিয়া, ট্ৰেণ্ডসমূহ অবিৰতভাৱে ধৰা পেলোৱা, নিয়মীয়া ডাটাবেছ আপডেটত গুৰুত্ব আৰোপ কৰা হৈছে।
  5. ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে সমন্বয় বৃদ্ধি, বাস্তৱ-সময়ৰ চোৰাংচোৱা বিনিময়ৰ সুবিধা প্ৰদান, ফলপ্ৰসূ কাৰ্য্যকৰী দক্ষতা নিশ্চিত কৰা আৰু ব্যুৰ’ৰ প্ৰসাৰ বৃদ্ধি কৰিবলৈ এনচিবি-এ শ্ৰীনগৰ, শিলিগুৰি, আগৰতলা আৰু ইটানগৰৰ দৰে মূল সীমান্ত অঞ্চলসমূহত মণ্ডল ইউনিট স্থাপন কৰিছে।
  6. চৰকাৰে বাৰেলী (উত্তৰ প্ৰদেশ), ফিৰোজপুৰ (পঞ্জাব), মাণ্ডি (হিমাচল প্ৰদেশ), প'ৰ্ট ব্লেয়াৰ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ), ডিমাপুৰ (নাগালেণ্ড), আইজল (মিজোৰাম), শ্ৰীগংগানগৰ (ৰাজস্থান), মাদুৰাই (তামিলনাডু), মাংগালুৰু (কৰ্ণাটক) আৰু নাগপুৰত (মহাৰাষ্ট্ৰ) এনচিবি-ৰ ফিল্ড ইউনিট স্থাপনত অনুমোদন জনাইছে।

তদুপৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থা, সীমান্তৰক্ষী বাহিনী আদিৰ মাজত সমন্বয়ৰ সুবিধাৰ বাবে অমৃতসৰ, গুৱাহাটী, চেন্নাই আৰু আহমেদাবাদত উপ-সঞ্চালক প্ৰধানৰ (যুটীয়া সচিব পৰ্য্যায়) নেতৃত্বত ৪ টা মাণ্ডলিক কাৰ্য্যালয় স্থাপন কৰা হৈছে।

  • vii. সীমান্ত আৰু ৰেলপথত বলবৎ কৰাৰ বাবে এনডিপিএছ আইনৰ অধীনত সীমান্তৰক্ষী বাহিনী আৰু ৰেলৱে সুৰক্ষা বাহিনীক ক্ষমতা প্ৰদান কৰা হৈছে।

চৰকাৰে আন্তঃকাৰ্য্যকৰী অপৰাধ ন্যায় ব্যৱস্থাৰ (ICJS) সহযোগত এনচিবি-ৰ দ্বাৰা যুগুত কৰা এটা কেন্দ্ৰীভূত ডিজিটেল ডাটাবেছ ক্ৰমে ৰাষ্ট্ৰীয় সংহত ডাটাবেছ অন এৰেষ্টেড নাৰ্ক’-অফেণ্ডাৰছ (NIDAAN) ৰূপায়ণ কৰিছে।

‘নিদান’ পৰ্টেলত সমগ্ৰ দেশৰ সকলো ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা নাৰ্ক’টিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক ছাবষ্টেন্স (NDPS) অপৰাধীৰ তথ্য একত্ৰিত কৰা হৈছে। ইয়াত পৰিচয়ৰ বিৱৰণ, ফটো, আঙুলিৰ চাপ, গোচৰৰ বিৱৰণ আৰু আদালত সম্পৰ্কীয় তথ্য আদিকো অন্তৰ্ভুক্ত কৰা হৈছে। নিদানে নিজৰ তথ্য অল ইণ্ডিয়া ই কাৰাগাৰ আৰু এনচিবি-ৰ ডাটাবেছৰ পৰা সংগ্ৰহ কৰে। বৰ্তমান এই তথ্যকোষত এনডিপিএছ আইনৰ অধীনত গ্ৰেপ্তাৰ আৰু দোষী সাব্যস্ত হোৱা লোকৰ ৯.৫০ লাখ অনুসন্ধানযোগ্য তথ্য আছে। এই ডাটাবেছ আৰক্ষী থানা পৰ্য্যায়লৈকে আৰু ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী আৰু অপৰাধ আইন প্ৰয়োগকাৰী সংস্থাৰ (CLEA) অনুমোদিত ব্যৱহাৰকাৰীসকলৰ বাবে উপলব্ধ। নিদানে জামিনৰ বিৰোধিতা কৰা, জামিন বাতিল বিচৰা, অপৰাধীক নিৰীক্ষণ কৰাত তদন্তকাৰী সংস্থাসমূহক সুবিধা আগবঢ়ায় আৰু সহায় কৰে।

চৰকাৰে ফৰেনছিক ক্ষমতাৰ আধুনিকীকৰণৰ বাবে ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ (FSL) আধুনিকীকৰণ/ উন্নীতকৰণৰ উপাদানৰ বাবে ৪২০ কোটি টকা মূল্যৰ এখন আঁচনিত অনুমোদন জনাইছে। ইয়াৰ উপৰিও “নাৰ্ক’টিক্স নিয়ন্ত্ৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সাহায্য” আঁচনিৰ অধীনত এনডিপিএছ পদাৰ্থৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিবলৈ বলবৎকাৰী ক্ষমতা শক্তিশালী কৰাৰ বাবে যোগ্য ৰাজ্যসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় (MoSJ&E) হৈছে দেশত ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ন’ডেল মন্ত্ৰালয়। ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চল/ বেচৰকাৰী সংস্থা আৰু স্বেচ্ছাসেৱী সংস্থা, চৰকাৰী চিকিৎসালয় আদিৰ সৈতে ঘনিষ্ঠ সমন্বয়ত সমগ্ৰ দেশতে মন্ত্ৰালয়ে ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্য পৰিকল্পনা (NAPDDR) আৰু নিচা মুক্ত ভাৰত অভিযান (NMBA) ৰূপায়ণ কৰিছে। এনএমবিএ আৰু এনএপিডিডিআৰ আৰু আন-আন সংস্থাসমূহৰ অধীনত জনসচেতনতা, প্ৰভাৱিত লোকসকলক পুনৰ্বাসন সমৰ্থনৰ বাবে গ্ৰহণ কৰা কেতবোৰ ব্যৱস্থা সম্পৰ্কে তলত উল্লেখ কৰা হৈছেঃ -

  1. দেশৰ সকলো জিলাতে নিচা মুক্তি ভাৰত অভিযান (NMBA) আৰম্ভ কৰা হৈছে। এই অভিযানে ৯.৩২ কোটি যুৱক-যুৱতী আৰু ৬.৩৫ কোটি মহিলা আৰু ১৬.০৭ লাখ শৈক্ষিক প্ৰতিষ্ঠানকে প্ৰমুখ্য কৰি ২৫.৮৭ কোটিৰো অধিক লোকক স্পৰ্শ কৰিছে।
  2. এনএমবিএ-ক সমৰ্থন জনোৱা আৰু গণ সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণৰ বাবে আধ্যাত্মিক সংস্থাসমূহৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰা হৈছে।
  3. চৰকাৰে সমগ্ৰ দেশৰে ৩৪৯ টা আসক্তৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ (IRCA), ৪৫ টা কমিউনিটি বেছড পিৰ লিড ইন্টাৰভেনচন (CPLI) চেন্টাৰ, ৭৬ টা আউটৰিচ এণ্ড ড্ৰপ ইন চেন্টাৰ (ODIC), ১৫৪ টা নিচা চিকিৎসা সুবিধা (ATF), ১৪৫ টা জিলা নিচা-মুক্তি কেন্দ্ৰলৈ (DDAC) আৰ্থিক সাহায্য আগবঢ়াইছে।
  4. সহায় বিচৰা ব্যক্তিসকলক প্ৰাথমিক পৰামৰ্শ আৰু তাৎক্ষণিক সহায় প্ৰদানৰ বাবে এটা ট’ল-ফ্ৰী হেল্পলাইন নং ১৪৪৪৬ অব্যাহত আছে।
  5. মাদক-পদাৰ্থ নিষেধ সূচনা কেন্দ্ৰ (MANAS)- কল, এছএমএছ, চাটবট, ইমেইল বা ৱেবৰ জৰিয়তে ড্ৰাগছ-সম্পৰ্কীয় সমস্যা অৱগত কৰিবলৈ ২৪x৭ ট’ল ফ্ৰী হেল্পলাইন (১৯৩৩) স্থাপন কৰা হৈছে।
  6. চাহিদা হ্ৰাস কৰিবলৈ এনচিবি-এ মিছন স্পন্দন আৰম্ভ কৰিছে। আধ্যাত্মিক সজাগতা আৰু সামূহিক কাৰ্য্যৰ জৰিয়তে ড্ৰাগছ সেৱন আৰু মনোৰোগজনক পদাৰ্থৰ প্ৰতি আসক্তিৰ সৈতে মোকাবিলা কৰিবলৈ ০৫ টা সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰা হৈছে।

(vii) নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’য়ে ০৩-০৯-২০২৫ ত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ সৈতে এখনি বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত কৰে। উক্ত বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হৈছে চিবিএছই-ৰ অধীনস্থ বিদ্যালয়সমূহত ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰা।

গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।

*****

RK/PR/PS/SK/SC/SB


(ৰিলিজ আই ডি : 2226348) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी