তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কোচিন প’ৰ্ট ট্ৰাষ্ট আৰু কোচিস্থিত আইচিএআৰ-চিএমএফআৰআই পৰিদৰ্শন অসমৰ মিডিয়া প্ৰতিনিধিৰ
পোষ্ট কৰা হৈছে:
10 FEB 2026 9:00PM by PIB Guwahati
প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (PIB), গুৱাহাটীৰ নেতৃত্বত কোচিত অব্যাহত মিডিয়া ট্যুৰৰ অংশ হিচাপে অসমৰ এটা মিডিয়া প্ৰতিনিধি দলে আজি কেৰালাৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰে। সেই অনুসৰি দলটো ভাৰতৰ অন্যতম সৰ্ববৃহৎ আৰু কৌশলগতভাৱে অতিশয় গুৰুত্বপূৰ্ণ বন্দৰ কোচিন প’ৰ্ট ট্ৰাষ্টত উপস্থিত হয়। প্ৰতিনিধি দলটোৱে বন্দৰৰ সুবিধাসমূহ প্ৰত্যক্ষ কৰি দেশৰ ভিতৰতে সৰ্ববৃহৎ টাৰ্মিনেল আন্তঃৰাষ্ট্ৰীয় কন্টেইনাৰ ট্ৰেন্সশ্বিপমেন্ট টাৰ্মিনেলৰ (ICTT) কাৰ্য্যকলাপৰ চাক্ষুস অভিজ্ঞতা লাভ কৰে।
ইয়াৰ মহা প্ৰৱন্ধক (অপাৰেচন) শ্ৰী কুৰুভিলা জেভিয়াৰ আৰু সহকাৰী প্ৰবন্ধক (বাণিজ্যিক) লিনো ভাৰ্গেজে দলটোক লজিষ্টিকছ কাৰ্য্যকলাপ আৰু ৱেৰহাউছৰ কাৰ্য্যকলাপৰ বিষয়ে সবিশেষ অৱগত কৰে।
প’ৰ্ট ট্ৰাষ্ট ভ্ৰমণৰ সময়ছোৱাত ইয়াৰ ডেপুটি ট্ৰেফিক মেনেজাৰ ডি অনিল কুমাৰে প্ৰতিনিধি দলটোক বন্দৰটোৰ কাম-কাজ, কাৰ্য্যকৰী ব্যৱস্থা আৰু কৌশলগত গুৰুত্ব সম্পৰ্কে অৱগত কৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ সুবিধা প্ৰদান আৰু ভাৰতৰ লজিষ্টিক তথা জাহাজ পৰিবহণ বাতাবৰণক সুদৃঢ় কৰাৰ ক্ষেত্ৰত কোচিন বন্দৰৰ ভূমিকাত আলোকপাত কৰে।
পিছবেলালৈ মিডিয়া প্ৰতিনিধি দলটোৱে কোচিৰ আইচিএআৰ–কেন্দ্ৰীয় সামুদ্ৰিক মীন গৱেষণা প্ৰতিষ্ঠান (ICAR-CMFRI) পৰিদৰ্শন কৰে। ইয়াত আইচিএআৰ-চিএমএফআৰআই ৰ সঞ্চালক ডঃ গ্ৰীনছন জৰ্জে প্ৰতিষ্ঠানটোৰ কৰণীয়, গৱেষণামূলক কাৰ্য্যকলাপ আৰু ভাৰতৰ সামুদ্ৰিক মীন খণ্ডলৈ অৱদানৰ বিষয়ে এক বিস্তৃত আভাস প্ৰদান কৰে।
ইয়াত ডঃ জৰ্জে অৱগত কৰে যে আইচিএআৰ-চিএমএফআৰআই ৰ অন্যতম প্ৰধান কৃতিত্ব হৈছে ভাৰতৰ বিস্তৃত উপকূলত সামুদ্ৰিক মাছৰ আগমনৰ অনুমানৰ বাবে স্তৰিত বহুপৰ্য্যায়ৰ যাদৃচ্ছিক নমুনা সংগ্ৰহ পদ্ধতিৰ বিকাশ সাধন আৰু পৰিশোধন।
তেওঁ কয় যে প্ৰতিষ্ঠানখনিৰ ব্যাপক গৱেষণামূলক প্ৰচেষ্টাৰ ফলশ্ৰুতিত দেশত সামুদ্ৰিক মাছৰ উৎপাদন প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে আৰু জিডিপি বৃদ্ধিত সামুদ্ৰিক মীনপালনে যথেষ্ট অৰিহণা যোগাইছে। ইয়াৰ জৰিয়তে মাছমৰীয়া লোক, মীনপালক, নীতি নিৰ্ধাৰক আৰু মীন পৰিচালকসকল উপকৃত হৈছে।
চিএমএফআৰআই-ৰ প্ৰধান বিজ্ঞানী ডঃ বিপিন কুমাৰ পিভিয়েও মিডিয়া প্ৰতিনিধি দলটোক প্ৰতিষ্ঠানটোৰ অধীনস্থ একাধিক প্ৰকল্পৰ বিষয়ে অৱগত কৰে। তেওঁ জনোৱা মতে, আইচিএআৰ-চিএমএফআৰআই ৰ মণ্ডপম, বিশাখাপট্টনম, মাংগালুৰু আৰু ভিজিঞ্জামত অৱস্থিত চাৰিটা আঞ্চলিক কেন্দ্ৰৰ লগতে ৭ টা আঞ্চলিক ষ্টেচন, পোন্ধৰটা ফিল্ড চেন্টাৰ আৰু দুটা কৃষি বিজ্ঞান কেন্দ্ৰ (KVK) আছে। মিডিয়া প্ৰতিনিধি দলটোৱে ভাৰতৰ চহকী সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য আৰু প্ৰতিষ্ঠানটোৰ গৱেষণা উত্তৰাধিকাৰক থূপাই-প্ৰদৰ্শন কৰা আইচিএআৰ-চিএমএফআৰআই ৰ সংগ্ৰহালয়টো পৰিদৰ্শন কৰে।



***
PG/BM/SB
(ৰিলিজ আই ডি : 2226146)
অতিথি কক্ষ : 29