ৰেচম মন্ত্ৰালয়
পৰম্পৰাগত বস্ত্ৰ ইউনিট
পোষ্ট কৰা হৈছে:
10 FEB 2026 1:50PM by PIB Guwahati
ভাৰত—অষ্ট্ৰেলিয়া অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তিৰ (Ind-Aus ECTA) জৰিয়তে অষ্ট্ৰেলিয়াই সকলো সামগ্ৰীৰ ওপৰত ইয়াৰ শুল্ক আঁতৰ কৰিছিল। ২০২২-ৰ ২৯ ডিচেম্বৰৰ পৰা এয়া কাৰ্য্যকৰী হৈছিল। ২০২২-ৰ ১ মে’ৰ পৰা ৰূপায়ণ হোৱা ভাৰত–ইউএই (ইউনাইটেড আৰব আমিৰাত) চিইপিএ (সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি)-এ গৰিষ্ঠসংখ্যক লাইনত অগ্ৰাধিকাৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল। ইউএই-লৈ হস্তশিল্পকে প্ৰমুখ্য কৰি ভাৰতৰ বস্ত্ৰ আৰু পোছাকৰ ৰপ্তানি মূল্য ২০২৪-২৫ ত ২১৫৬.২৪ নিযুত মাৰ্কিন ডলাৰ হয়। এয়া ২০২৩-২৪ ত ২০১৯.৪১ নিযুত মাৰ্কিন ডলাৰৰ তুলনাত ৬.৮% বৃদ্ধি। অষ্ট্ৰেলিয়ালৈ হস্তশিল্পকে প্ৰমুখ্য কৰি ভাৰতৰ বস্ত্ৰ আৰু পোছাকৰ ৰপ্তানি মূল্য ২০২৪-২৫ ত ৭৩২.০৬ নিযুত মাৰ্কিন ডলাৰ হৈছে ২০২৩-২৪ ত ৬৫৯.৯৯ নিযুত মাৰ্কিন ডলাৰৰ তুলনাত ১০.৯% বৃদ্ধি। ঝান্সী আৰু ললিতপুৰ জিলাকে প্ৰমুখ্য কৰি বুন্দেলখণ্ড অঞ্চলে উক্ত সময়ছোৱাত হস্তশিল্পকে প্ৰমুখ্য কৰি বিশ্বব্যাপী বস্ত্ৰ আৰু পোছাকৰ বৃদ্ধি কাৰ্য্য প্ৰদৰ্শিত কৰিছে।
ভাৰতীয় বস্ত্ৰ আৰু পোছাক খণ্ডৰ অগ্ৰগতি সাধন আৰু দেশৰ পৰা ইয়াৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে চৰকাৰে একাধিক আঁচনি ৰূপায়ণ/পদক্ষেপ গ্ৰহণ কৰি আছে। এনে প্ৰধান আঁচনি/পদক্ষেপসমূহৰ ভিতৰত আছেঃ আধুনিক, সংহত, বিশ্বমানৰ বস্ত্ৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে পিএম মেগা ইন্টিগ্ৰেটেড টেক্সটাইল ৰিজনছ এণ্ড এপাৰেল (PM MITRA) পাৰ্ক আঁচনি; বৃহৎ পৰিসৰৰ উৎপাদনক উদ্দীপনা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে মানৱসৃষ্ট আঁহ (MMF) ফেব্ৰিক, এমএমএফ পোছাক আৰু কাৰিকৰী বস্ত্ৰশিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা উৎপাদন সংযুক্ত প্ৰৰোচনা (PLI) আঁচনি; গৱেষণা উদ্ভাৱন আৰু উন্নয়ন, প্ৰচাৰ তথা বজাৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৰাষ্ট্ৰীয় কাৰিকৰী বস্ত্ৰ অভিযান; সমৰ্থ (SAMARTH) – চাহিদা চালিত, নিয়োগ অভিমুখী, দক্ষতা কাৰ্য্যসূচী প্ৰদান কৰাৰ উদ্দেশ্যেৰে বস্ত্ৰ খণ্ডত সামৰ্থ্য বিকাশৰ আঁচনি; ছেৰিকালচাৰ মূল্য শৃংখলৰ ব্যাপক বিকাশৰ বাবে ছিল্ক সমগ্ৰ-২; হস্ততাঁত খণ্ডৰ বাবে আদিৰ পৰা অন্তলৈ সমৰ্থনৰ বাবে ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্য্যসূচী। বস্ত্ৰ মন্ত্ৰালয়েও হস্তশিল্পৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় হস্তশিল্প উন্নয়ন কাৰ্য্যসূচী আৰু সৰ্বাংগীন হস্তশিল্প ক্লাষ্টাৰ উন্নয়ন আঁচনি ৰূপায়ণ কৰি আছে। পোছাক/গাৰ্মেন্টছ আৰু মেড-আপৰ বাবে ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰ আৰু লেভিৰ ৰেহাই (RoSCTL) তথা আন-আন বস্ত্ৰ সামগ্ৰীৰ বাবে ৰপ্তানিকৃত সামগ্ৰীৰ শুল্ক আৰু কৰ ৰেহাই (RoDTEP) আঁচনি দুখন চৰকাৰে পৰিচালনা কৰি আছে।
বহনক্ষম উৎপাদন আৰ্হি অভিযোজনাৰ ক্ষেত্ৰত বৰ্তমানৰ অৱস্থা আৰু সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিবলৈ উদ্যোগৰ অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হ’বলৈ মন্ত্ৰালয়ে পৰিবেশ, সামাজিক আৰু শাসন (ESG) টাস্ক ফ’ৰ্চ গঠন কৰিছে। চৰকাৰে ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন কাৰ্য্যসূচীৰ অধীনত প্ৰাকৃতিক/শাক-পাচলিৰ ৰঞ্জক পদাৰ্থৰ (dyes) প্ৰচাৰ আৰু ৰঞ্জক পদাৰ্থ গৃহ (Dye houses) স্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে। শূন্য ক্ৰুটি আৰু পৰিবেশৰ ওপৰত শূন্য প্ৰভাৱ সম্পন্ন উচ্চমানৰ হস্ততাঁত সামগ্ৰীৰ ব্ৰেণ্ডিঙৰ বাবে চৰকাৰে ইণ্ডিয়া হেণ্ডলুম ব্ৰেণ্ড (IHB) পদক্ষেপৰ শুভাৰম্ভ কৰিছে।
পাৰিপাৰ্শ্বিকভাৱে অনুকূল সংসাধন মানদণ্ড আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি বস্ত্ৰ উদ্যোগে প্ৰয়োজনীয় পাৰিপাৰ্শ্বিক মানদণ্ড পৰিপূৰণ কৰিবলৈ আৰু বৰ্তমানৰ প্ৰচেছিং ক্লাষ্টাৰসমূহত নতুন কমন এফ্লুৱেন্ট ট্ৰিটমেন্ট প্লান্ট (CETP)/ চিইটিপি-সমূহৰ উন্নীতকৰণৰ লগতে বিশেষভাৱে উপকূলীয় মণ্ডলসমূহত নতুন প্ৰচেছিং পাৰ্কসমূহকো সহায় কৰিবলৈ মন্ত্ৰালয়ে দ্বাদশ এফৱাইপি-ৰ পৰা সংহত সংসাধন উন্নয়ন আঁচনি (IPDS) ৰূপায়ণ কৰি আছে। মন্ত্ৰালয়ে আৰু কিছু সংশোধনেৰে উক্ত আঁচনিখন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৭৫ কোটি টকা ব্যয় সাপেক্ষে অব্যাহত প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ পিআইবি-এ অনুমোদন জনাইছে।
চৰকাৰে বুন্দেলখণ্ড মণ্ডলকে প্ৰমুখ্য কৰি ক্লাষ্টাৰসমূহৰ লাভৰ বাবে আনুমানিক ২০ কোটি টকা ব্যয় সাপেক্ষে এটা মেগা ক্লাষ্টাৰ প্ৰকল্প ৰূপায়ণ কৰিছে। বুন্দেলখণ্ডৰ ০৭ খন জিলাকে সামৰি লোৱা প্ৰকল্পটোৱে ২,০০০-ৰো অধিক শিপিনীক উপকৃত কৰিছে। পিছপৰা আৰু আকাংক্ষী জিলাসমূহৰ ক্ষুদ্ৰ ৰপ্তানিকাৰী আৰু শিপিনীসকলক ভিন্ন মুক্ত বাণিজ্য চুক্তিৰ (FTA) অধীনত বিশ্ব মূল্য শৃংখলত ফলপ্ৰসূভাৱে একত্ৰীকৰণৰ বাবে সহায় কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰি সহায়, আৰ্থিক প্ৰৰোচনা আৰু সমৰ্পিত সমৰ্থন ব্যৱস্থাও প্ৰশস্ত কৰিছে। হস্ততাঁত ৰপ্তানি প্ৰচাৰৰ বাবে হস্ততাঁত ৰপ্তানি প্ৰচাৰ পৰিষদৰ জৰিয়তে আয়োজন কৰা ভিন্ন আন্তঃৰাষ্ট্ৰীয় বিপণন কাৰ্য্যসূচী/মেলা, ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা ক্ৰেতা বিক্ৰেতা বৈঠক, ৰিভাৰ্ছ ক্ৰেতা বিক্ৰেতা বৈঠক, বিগ টিকট কাৰ্য্যসূচী, ভাৰত টেক্স আদিত ক্ষুদ্ৰ ৰপ্তানিকাৰী, পিছপৰা আৰু আকাংক্ষী জিলাসমূহৰ শিপিনীসকলকে প্ৰমুখ্য কৰি সমগ্ৰ ভাৰতৰ হস্ততাঁত ৰপ্তানিকাৰী/ শিপিনীসকলক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হয়।
মন্ত্ৰালয়ে ভাৰতৰ হস্তশিল্পকে প্ৰমুখ্য কৰি বস্ত্ৰ আৰু পোছাক যুক্তৰাষ্ট্ৰ আৰু বিশ্বৰ আন-আন দেশলৈ ৰপ্তানিৰ ক্ষেত্ৰত নিৰীক্ষণ কৰি আছে। ভাৰতৰ বস্ত্ৰ আৰু পোছাক ৰপ্তানি তথা আন-আন প্ৰত্যাহ্বানৰ ওপৰত যুক্তৰাষ্ট্ৰৰ শুল্কৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে মন্ত্ৰালয়ে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগকে (MSME) প্ৰমুখ্য কৰি ৰপ্তানিকাৰীসকলৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰি আছে। ২০২৫-ৰ জানুৱাৰী–ডিচেম্বৰৰ ভিতৰত ভাৰতৰ সামগ্ৰিকভাৱে বস্ত্ৰ আৰু এপাৰেল (হস্তশিল্পকে ধৰি) বিশ্বলৈ ৰপ্তানি ৩৭.৬ বিলিয়ন মাৰ্কিন ডলাৰ আছিল, ইয়াৰ জৰিয়তে বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো খণ্ডটোৱে স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে।
আজি লোকসভাত বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য সদৰী কৰে।
****
MAM/VN/SB
(ৰিলিজ আই ডি : 2225933)
অতিথি কক্ষ : 5