মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
বিশেষভাৱে সক্ষম শিশুসকলৰ পুনৰ্বাসন শক্তিশালী কৰাৰ বাবে গুৱাহাটীত চিএআৰএৰ আঞ্চলিক পৰামৰ্শমূলক কৰ্মশালাৰ আয়োজন
অংশগ্ৰহণকাৰীসকলে সমূহীয়াভাৱে শিশুক দত্তক লোৱাৰ ক্ষেত্ৰত কাৰ্যকৰী পৰামৰ্শ আগবঢ়ায়
পোষ্ট কৰা হৈছে:
31 JAN 2026 9:32AM by PIB Guwahati
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় দত্তক সম্পদ কৰ্তৃপক্ষ (চিএআৰএ)ই আজি (৩০ জানুৱাৰী, ২০২৬) অসমৰ গুৱাহাটীত "বিশেষ প্ৰয়োজনীয়তা থকা শিশু (দিব্যাগং শিশু)ৰ অপ্ৰতিষ্ঠানিক পুনৰ্বাসন প্ৰসাৰ" শীৰ্ষক আঞ্চলিক পৰামৰ্শ কৰ্মশালা সফলতাৰে আয়োজন কৰে।
দিনজোৰা আলোচনা সভাত ৰাজ্যিক দত্তক সম্পদ সংস্থা (এছ এ আৰ এ), বিশেষ দত্তক সংস্থা (এছ এ এ), জিলা শিশু সুৰক্ষা ইউনিট (ডি চি পি ইউ), মুখ্য চিকিৎসা বিষয়া, স্বাস্থ্য বিভাগৰ পেছাদাৰী লোক, শিশু সুৰক্ষা কৰ্মী আৰু বিভিন্ন প্ৰান্তৰ পৰা দত্তক লোৱা ১২২ গৰাকী অংশীদাৰে অংশগ্ৰহণ কৰে। এই বৃহৎ অংশগ্ৰহণে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে দত্তক লোৱা আৰু পুনৰ্বাসন ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক দায়বদ্ধতাৰ শক্তিশালীকৰণক প্ৰতিফলিত কৰিছে।
কৰ্মশালাখনৰ আৰম্ভণিতে বিশেষভাৱে সক্ষম শিশুৰ পৰিয়ালভিত্তিক যত্নক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে চিএআৰএৰ পদক্ষেপসমূহৰ ওপৰত এক আভাস দিয়া হয়, তাৰ পিছত বিশেষভাৱে সক্ষম শিশুসকলক সফলভাৱে দত্তক লোৱাৰ কাহিনী প্ৰদৰ্শন কৰা এখন ছবি প্ৰদৰ্শন কৰা হয়। তদুপৰি এই কাৰ্যসূচীত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিয়ে শিশু দত্তক লোৱা আৰু অপ্ৰতিষ্ঠানিক যত্নৰ সুবিধাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বৰ্তমানৰ প্ৰত্যাহ্বান, উত্তম ব্যৱস্থা আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ ওপৰত নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰে।
নিৰ্দিষ্ট বিষয়ৰ সৈতে জড়িত পৰামৰ্শ প্ৰস্তুত কৰিবলৈ এখন গোট বৈঠক অনুষ্ঠিত কৰা হৈছিল, যাৰ বিষয়ে আগতীয়াকৈ প্ৰতিনিধিসকলক নিৰ্ধাৰিত তথ্য দিয়া হৈছিল। এই আলোচনাত তলত উল্লেখ কৰা বিষয়সমূহ সামৰি লোৱা হয়-
- বিশেষভাৱে সক্ষম শিশুৰ স্বাস্থ্য আৰু চিকিৎসাৰ মূল্যায়ন
- দত্তক গ্ৰহণৰ আইনী আৰু পদ্ধতিগত দিশ
- আৰ্থিক আৰু প্ৰশাসনিক প্ৰত্যাহ্বান
- অভিযোগ নিৰাময় আৰু প্ৰতিষ্ঠানিক সমন্বয়
প্ৰতিটো গোটে চিনাক্তকৰণ, প্ৰমাণীকৰণ, পৰামৰ্শ, নিযুক্তি আৰু দত্তক লোৱাৰ পিছৰ সমৰ্থন ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে কাৰ্যকৰী পৰামৰ্শ উপস্থাপন কৰিছিল। এই কৰ্মশালাত বিশেষভাৱে সক্ষম শিশুক দত্তক লোৱাৰ সৈতে জড়িত কৌশলসমূহৰ ওপৰত আলোচনা কৰা হয়। আন্তঃখণ্ডীয় সমন্বয় বৃদ্ধি, ফ্ৰণ্টলাইন কৰ্মীসকলৰ সামৰ্থ্য গঢ়ি তোলা আৰু সম্ভাব্য দত্তক গ্ৰহণৰ বাবে আগ্ৰহী পিতৃ-মাতৃৰ মাজত জ্ঞাত সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰাত গুৰুত্ব দিয়া হৈছিল।
দিব্যাংগ শিশুৰ ক্ষেত্ৰত ঘৰুৱা দত্তক গ্ৰহণ ব্যৱস্থা প্ৰসাৰিত কৰাৰ, অপ্ৰতিষ্ঠানিক পৰিচৰ্যা ব্যৱস্থা শক্তিশালী কৰা আৰু দত্তক সজাগতা মাহৰ সময়ত সজাগতা প্ৰচেষ্টা তীব্ৰতৰ কৰাৰ বাবে কৌশলগত ৰোডমেপ প্ৰস্তুত কৰাৰ সামূহিক সংকল্পৰে আলোচনা সভাৰ সামৰণি পৰে।
শাৰীৰিক বা বিকাশৰ প্ৰত্যাহ্বান নিৰ্বিশেষে প্ৰতিটো শিশুৱে যাতে নিৰাপদ, লালন-পালন আৰু স্থায়ী পাৰিবাৰিক পৰিৱেশত ডাঙৰ-দীঘল হয়, আৰু শিশুৰ কল্যাণ, স্বচ্ছতা আৰু শিশুৰ উত্তম স্বাৰ্থৰ নীতিৰ দ্বাৰা পৰিচালিত হয় সেয়া চিএআৰএই দত্তক লোৱাৰ ক্ষেত্ৰত নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়তাৰে উল্লেখ কৰে।



***
SS/PC/KD
(ৰিলিজ আই ডি : 2221230)
অতিথি কক্ষ : 7