বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বৰ্ষান্তিক পৰ্যালোচনা ২০২৫: অৰ্থনৈতিক পৰিক্ৰমা বিভাগ

পোষ্ট কৰা হৈছে: 16 JAN 2026 7:22PM by PIB Guwahati

২০২৫ চনত বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ (ডি ই এ)য়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাপনা, বিত্তীয় কৌশল, আৰু বিত্তীয় খণ্ডৰ সমন্বয়ক পথ প্ৰদৰ্শন কৰাৰ লগতে উন্নয়ণ, স্থিতিশীলতা, বিনিয়োগ, আৰু গোলকীয় সংযোগক সমৰ্থন কৰিবলৈ সংস্কাৰমূলক কাৰ্যসূচী ৰূপায়ণ কৰে। সামষ্টিক অৰ্থনীতি, মূলধনী বজাৰ, আন্তঃগাঁথনি, ডিজিটেল বিত্ত আৰু বিনিয়োগকাৰীৰ সুৰক্ষা আৰু সৱলীকৰণ নীতিৰ জৰিয়তে অৰ্থনৈতিক মৌলিক দিশসমূহ শক্তিশালী কৰি তুলিলে আৰু ভাৰতক ভৱিষ্যতৰ স্থায়ী উথ্থানৰ বাবে অৱস্থিতি প্ৰদান কৰিলে।

. ষোড়শ বিত্ত আয়োগ

ষোড়শ বিত্ত আয়োগ-য়ে ২০২৬-২৭ বিত্তীয়বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয়বৰ্ষৰ সময়ছোৱাৰ বাবে যুগুতোৱা প্ৰতিবেদনখন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত ২০২৫ চনৰ ১৭ নৱেম্বৰত দাখিল কৰে। ষোড়শ বিত্ত আয়োগ-য়ে নিজৰ কাৰ্যকালত কেন্দ্ৰীয় আৰু ৰাজ্যসমূহৰ বিত্তীয় পৰিস্থিতিৰ বিষয়ে বিতংভাৱে বিশ্লেষণ কৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন স্তৰৰ স্থানীয় নিকায়, পূৰ্বৰ বিত্ত আয়োগ-ৰ অধ্যক্ষ আৰু সদস্য, বিশিষ্ট শৈক্ষিক প্ৰতিষ্ঠান, বহুপক্ষীয় প্ৰতিষ্ঠান, আয়োগৰ পৰামৰ্শদাতা পৰিষদ, আৰু অন্যান্য ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে ব্যাপক আলোচনাৰ অন্তত এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

সংবিধানৰ ২৮১ নং অনুচ্ছেদৰ অধীনত প্ৰতিবেদনখন কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সংসদত দাখিল কৰাৰ পিছত ৰাজহুৱা মঞ্চসমূহত ইয়াক উপলব্ধ কৰোৱা হ’ব।

. আন্তঃগাঁথনিগত বিনিয়োগ বৃদ্ধিৰ বাবে পদক্ষেপ

আন্তঃগাঁথনি উপখণ্ডৰ সমন্বিত মূল তালিকা সম্পৰ্কীয় বিশেষজ্ঞ সমিতিয়ে ইয়াৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে, আন্তঃগাঁথনি শ্ৰেণীবিভাজনৰ বাবে নতুন নীতিৰ পৰামৰ্শ দিয়ে আৰু ব্যক্তিগত মূলধন আকৰ্ষণ আৰু প্ৰকল্পসমূহৰ ভৰসাযোগ্যতাৰ মান উন্নত কৰাৰ বাবে এক বিস্তৃত বিত্তীয় কাঠামোৰ প্ৰস্তাৱ আগবঢ়ায়।

বছৰটোৰ ভিতৰত সমন্বিত মূল তালিকাৰ পৰিবহণ আৰু লজিষ্টিক বিভাগৰ অধীনত “লাৰ্জ শ্বিপ” নামৰ এটা নতুন উপখণ্ড সংযোজন কৰা হয়।

২০২৪–২৫ বিত্তীয় বৰ্ষত ‘ছ’ভাৰিন গ্ৰীণ বণ্ড’-ৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ পৰিমাণ আছিল ২১,৬৯৭.৪০ কোটি টকা, ইয়াৰ পৰা পোৱা ধন সমগ্ৰ মন্ত্ৰালয়ৰ যোগ্য সেউজ প্ৰকল্পসমূহৰ বাবে আবণ্টন দিয়া হৈছিল। ডি ই এ-ৰ দ্বাৰা মূলধনী ব্যয় নিৰীক্ষণৰ ফলত আন্তঃগাঁথনিমূলক মন্ত্ৰালয়সমূহে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ১০.৪৬ লাখ কোটি টকাৰ ব্যয়-পুঁজি লাভ কৰিবলৈ সক্ষম হয়, যিয়ে সংশোধিত পূৰ্বানুমানক অতিক্ৰম কৰে, আনহাতে আই ই বি আৰ-ৰ ব্যয়েও অতিক্ৰম কৰে নিৰ্দ্ধাৰিত লক্ষ্য।

৩. নিয়ামকৰ সামৰ্থ্যবৰ্দ্ধন

২০২৫-২৬ চনৰ বাজেট ঘোষণাসমূহৰ ৰূপায়ণৰ বাবে ডি ই এ-য়ে বিত্তীয় খণ্ড উন্নয়ন পৰিষদ (এফ এছ ডি চি)ৰ তত্বাৱধানত এক ব্যৱস্থা স্থাপন কৰিছিল যাতে বৰ্তমানৰ বিত্তীয় নিয়ম আৰু সহায়ক নিৰ্দেশনামূহৰ প্ৰভাৱৰ মূল্যায়নৰ লগতে বিত্তীয় খণ্ডৰ উন্নয়নৰ বাবে তেওঁলোকৰ সঁহাৰি বঢ়াব পৰা যায়।

বজাৰৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লগতে নিয়ামক কাঠামো শক্তিশালী কৰাৰ বাবে বহুবোৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছিল। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে প্ৰতিভূতি বিপণনৰ ৰাজহুৱা প্ৰস্তাৱৰ কাঠামো যোগ্যতাৰ মাপকাঠী, বিক্ৰীৰ প্ৰস্তাৱ আৰু জেনেৰেল কৰ্পৰেট পাৰ্পাজ ফাণ্ড-ৰ ক্ষেত্ৰত সীমা, আৰু ঋণ পৰিশোধৰ বাবে আই পি অ’ৰ উপাৰ্জন ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰে কঠোৰ কৰা হৈছিল। ইকুইটী ডেৰাইভেটিভ-ৰ ট্ৰেডিং আৰু বিপদাংশকা নিৰীক্ষণ প্ৰণালী উন্নত কৰা হৈছিল। ম্যাদ উকলি যোৱা দিনৰ অস্থিৰতা ৰোধৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।

ষ্টক ব্ৰোকাৰ-ৰ দ্বাৰা প্ৰতিভূতিৰ অপব্যৱহাৰৰ আশংকা হ্ৰাস কৰিবলৈ পে’আউটৰ বাবে প্ৰতিভূতিসমূহ এতিয়া ক্লিয়াৰিং কৰ্পোৰেশ্যন-য়ে ক্লায়েণ্ট ডিমেট একাউণ্ট-ত পোনপটীয়াকৈ জমা কৰে। ‘এলগৰিদমিক ট্ৰেডিং’-ত খুচুৰা বিনিয়োগকাৰীৰ সুৰক্ষিত অংশগ্ৰহণৰ বাবে কাঠামো প্ৰৱৰ্তন কৰা হৈছে।

. বজাৰৰ উন্নয়নক উত্সাহিত কৰা

ভাৰতৰ প্ৰতিভূতি বজাৰসমূহ গভীৰ আৰু বৈচিত্ৰ্যময় কৰিবলৈ দক্ষতা আৰু অংশগ্ৰহণ উন্নত কৰাৰ বাবে কেন্দ্ৰীভূত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। নিষ্ক্ৰিয় মিউচুৱেল ফাণ্ড আঁচনিৰ বাবে সৰলীকৃত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰদান কৰিবলৈ এম এফ লাইট-ৰ কাঠামো প্ৰৱৰ্তন কৰা হৈছিল, আনহাতে ৰাজহুৱা ঋণৰ প্ৰতিভূতিসমূহ তালিকাভুক্ত কৰাৰ সময়সীমা টি+৬ৰ পৰা টি+৩লৈ হ্ৰাস কৰা হৈছিল। এফপিআইসমূহক প্ৰত্যাৱৰ্তন বা পুনৰ বিনিয়োগৰ বাবে টি+১ ভিত্তিত বিক্ৰীৰ উপাৰ্জন লাভ কৰিবলৈও সক্ষম কৰা হৈছিল।

২০২৫ চনৰ জুন মাহৰ পৰা নিৰ্দেশিত একক ভিডব্লিউএপি-ৰ সৈতে কমন কন্ট্ৰেক্ট নোট (চিচিএন) প্ৰৱৰ্তনৰ জৰিয়তে বজাৰ প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা হৈছিল, যাৰ ফলত প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলৰ বাবে বাণিজ্যৰ পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ সহজ হৈ পৰিছিল।

 

. স্বাচ্ছন্দ্যেৰে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা

অনুপালন প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰিবলৈ, অধিনিয়মসমূহৰ সমন্বয় সাধন কৰিবলৈ, আৰু অনুপালনৰ বোজা হ্ৰাস কৰিবলৈ বহুবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তালিকাভুক্ত সত্তাসমূহৰ এতিয়া এটা একক ফাইলিং ব্যৱস্থা আৰু সংহত ফাইলিং প্ৰতিবেদন আছে, যিয়ে সাময়িক ফাইলিং কম কৰে। প্ৰবাসী ভাৰতীয়সকলৰ বাবে স্বাচ্ছন্দ্যৰে বিনিয়োগ সক্ষম কৰিবলৈ নিৰ্দিষ্ট কৰা হৈছিল যে প্ৰবাসী ভাৰতীয়সকলৰ পদৰ সীমা নিৰীক্ষণৰ বাবে এক্সচেঞ্জ/ক্লিয়াৰিং নিগমসমূহেও পেন-ক এক অনন্য চিনাক্তকৰ্তা হিচাপে ব্যৱহাৰ কৰিব পাৰে। উত্সৰ্গিত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী প্ৰসাৰ গোটে এফপিআই-ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ আৰম্ভ কৰে, আৰু ভাৰতীয় প্ৰতিভূতি বজাৰত প্ৰৱেশ কৰাত সহায় কৰে। তদুপৰি, কিছুমান বিশেষ শ্ৰেণীৰ এফপিআই-ৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া সৰল কৰা হৈছিল। গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিত্ত প্ৰযুক্তি -মহানগৰ - আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ (জিআইএফটি-আইএফএছচি)ত প্ৰতিভূতি বজাৰ সম্পৰ্কীয় কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ পঞ্জীয়নভুক্ত ষ্টক ব্ৰোকাৰসকলে আৰু নিয়ন্ত্ৰকৰ পৰা স্পষ্ট অনুমোদন লোৱাৰ প্ৰয়োজন নাই। বিশেষভাৱে সক্ষম ব্যক্তিসকলকে ধৰি গ্ৰাহকসকলৰ বাবে ডিজিটেল অভিগম্যতা সম্ভৱ কৰিবলৈ মধ্যস্থতাকাৰীসকলক তেওঁলোকৰ সেৱাসমূহ সম্প্ৰসাৰণ কৰাটো বাধ্যমূলক কৰোৱা হয়।

. বিনিয়োগকাৰীৰ সৱলীকৰণ আৰু সুৰক্ষা প্ৰদানৰ দিহা

বিনিয়োগকাৰীসকলৰ সৱলীকৰণ আৰু সুৰক্ষাৰ প্ৰসংগ বছৰটোত বজাৰ সংস্কাৰৰ কেন্দ্ৰীয় বিষয় হৈয়েই থাকিল। মধ্যস্থতাকাৰীসকলৰ মাজত প্ৰতিভূতিসমূহৰ স্বত্বাধিকাৰিত্বৰ এক একত্ৰিত দৃষ্টিভংগী প্ৰদান কৰি এটা ঐক্যবদ্ধ বিনিয়োগকাৰী মোবাইল এপ্লিকেশ্যন আৰম্ভ কৰা হৈছিল। বিনিয়োগৰ প্ৰদৰ্শন সম্পৰ্কীয় বিভ্ৰান্তিকৰ দাবীসমূহৰ সমাধানৰ বাবে, অতীতৰ বিপদ আৰু ৰিটাৰ্ণ পৰীক্ষণ সংস্থাসমূহ (PaRRVA)ক স্বীকৃতি দিয়াৰ বাবে এটা কাঠামো স্থাপন কৰা হৈছিল, আনহাতে নিয়ন্ত্ৰিত সত্তাসমূহক অনিয়ন্ত্ৰিত ‘ফিনফ্লুয়েন্সাৰ’-ৰ সৈতে জড়িত হোৱাত বাধা দিয়া হৈছিল।

বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপসমূহৰ ভিতৰত আছিল প্ৰথমবাৰৰ বাবে বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে “ছোটি এছআইপি”, অৰ্থাৎ ২৫০ টকাৰ এছআইপি মুকলি কৰা হয়। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি-ৰ সহায় লোৱা হৈছিল যাতে ডিজিলকাৰ-ৰ জৰিয়তে মিউচুৱেল ফাণ্ড আৰু ডিমেট ষ্টেটমেণ্ট-ৰ উদ্ধাৰ আৰু সংৰক্ষণ সম্ভৱ হয়। দাবী নকৰা সম্পত্তিসমূহৰ সঞ্চয় ৰোধ কৰিবলৈ ডিমেট একাউণ্ট আৰু মিউচুৱেল ফাণ্ড ফলিঅ’ৰ বাবে মনোনয়ন নীতি সংশোধন কৰা হৈছিল।

ভুৱা-পৰিচিতিৰ এই ক্ৰমবৰ্ধমান সমস্যাটোৰ সমাধান আৰু বিনিয়োগকাৰীসকলৰ আস্থা আৰু বিনিয়োগৰ স্বাচ্ছন্দ্য বৃদ্ধিৰ বাবে ২০২৫ চনৰ ০১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বিনিয়োগকাৰীসকলৰ পৰা ধন সংগ্ৰহ কৰা ‘ছেবি’ পঞ্জীয়নভুক্ত সকলো মধ্যস্থতাৰ বাবে নতুন ইউপিআই ঠিকনা-ৰ গাঁথনি বাধ্যতামূলক কৰা হৈছে। বিনিয়োগকাৰীৰ সৱলীকৰণৰ বাবে ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা এটা নতুন সঁজুলি “ছেবি চেক” মুকলি কৰা হৈছে, যিয়ে বিনিয়োগকাৰীসকলক ইউপিআই আইডি-ৰ সত্যতা পৰীক্ষা কৰিবলৈ আৰু পঞ্জীয়নভুক্ত মধ্যস্থতাকাৰীসকলৰ বেংক একাউণ্ট নম্বৰ আৰু আইএফএছচি-ৰ দৰে বেংকৰ সবিশেষ নিশ্চিত কৰিবলৈ অনুমতি দিব।

ছেবি-য়ে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ সহযোগত খণ্ড উন্নয়ণ পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে তৃণমূল পৰ্যায়ত বিত্তীয় সাক্ষৰতা আৰু বিনিয়োগকাৰীৰ শিক্ষাৰ প্ৰসাৰৰ বাবে দেশজোৰা প্ৰশিক্ষণৰ পদক্ষেপ আৰম্ভ কৰিছে, সমগ্ৰ ভাৰতৰ গ্ৰাম্য জনগোষ্ঠীসমূহক জ্ঞান দিব পৰাকৈ প্ৰতিনিধিসকলক সবল কৰি তুলিছে।

বিনিয়োগকাৰীসকলৰ সুৰক্ষা আৰু প্ৰতিভূতি বজাৰৰ ভিতৰত বিত্তীয় জালিয়াতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সংবাদ মাধ্যমৰে যৌথ অভিযান "ছেবি বনাম কেলেংকাৰী" আৰম্ভ কৰা হৈছিল।

. স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰা আৰু মূলধনী বজাৰ প্ৰোথিত কৰাৰ বাবে ছেবি-ৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

আইপিঅ’-ৰ অংশগ্ৰহণ: ছেবি (আইচিডিআৰ) নিয়মাৱলী, ২০১৮-ৰ সংশোধনীত এতিয়া ঘৰুৱা মিউচুৱেল ফাণ্ডৰ সমান্তৰালভাৱে সংৰক্ষিত মূল অংশত জীৱন বীমা কোম্পানী আৰু পেঞ্চন পুঁজি অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে।

সম্পৰ্কীয় পক্ষৰ লেনদেন: ছেবি (এল অ’ ডি আৰ) নিয়মাৱলী, ২০১৫ সংশোধন কৰি একেধৰণৰ “ভৌতিকতা সীমা”ক “পৰিমাপ-ভিত্তিক সীমা”ৰে প্ৰতিষ্ঠাপিত কৰা হৈছে, কোম্পানীৰ আকাৰৰ ভিত্তিত আনুপাতিক সম্পৰ্কীয় পক্ষৰ লেনদেন(আৰ পি টি)ৰ নিয়ন্ত্ৰণ নিশ্চিত কৰা হৈছে।

স্বাগত-ফি(SWAGAT-FI) কাঠামো: বিশ্বাসযোগ্য আৰু পৰীক্ষিত এফপিআই আৰু এফভিচিআইসমূহৰ বাবে  ছিংগল-উইণ্ডো অভিগমনে সহজ উপস্থাপনৰ সুবিধা প্ৰদান কৰে, পুনৰবৃত্তি, খৰচ, আৰু অনুপালনৰ বোজা হ্ৰাস কৰে।

ইনভিআইটি/আৰইআইটি( InvITs/REITs)-ত কৌশলগত বিনিয়োগকাৰী: কিউআইবি, পৰিয়ালৰ ন্যাস, এফপিআই, আৰু এনবিএফচি-ক অন্তৰ্ভুক্ত কৰিবলৈ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে; মিউচুৱেল ফাণ্ডৰ অংশগ্ৰহণ আৰু বিনিয়োগৰ সীমা বৃদ্ধি কৰিবলৈ আৰইআইটিসমূহক ইকুইটী হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰা হৈছে।

স্বীকৃতিপ্ৰাপ্ত বিনিয়োগকাৰী: বৃহৎ মূল্যৰ পুঁজিৰ বাবে “কেৱল এআই আঁচনি” আৰু অতিৰিক্ত কাৰ্যকৰী নমনীয়তা প্ৰৱৰ্তন কৰা হৈছে।

আই এফ এছ চি খুচুৰা আঁচনিসমূহ: অধিনিয়মসমূহৰ সমন্বয় সাধনৰ লগতে অনুপালন সহজ কৰি আৱাসী ভাৰতীয় অব্যক্তিগত পৃষ্ঠপোষক/পৰিচালকসকলক এফ পি আই হিচাপে ১০% পৰ্যন্ত অৱদানৰ অনুমতি প্ৰদান কৰা হৈছিল।

ইলেক্ট্ৰনিক লেনদেনৰ আদেশ: তালিকাভুক্ত সত্তাসমূহে এতিয়া ডিজিটেল লেনদেনক প্ৰসাৰিত কৰি কেৱল ইলেক্ট্ৰনিকভাৱে লভ্যাংশ, সুত, ৰিডেম্পশ্যন, বা পুনৰ পৰিশোধ কৰিব লাগিব।

আই এফ এছ চি-ত এফ পি আই: আই এফ এছ চি-ৰ জৰিয়তে অধিক বিদেশী পুঁজি আকৰ্ষণ কৰি আৱাসী ভাৰতীয়সকলৰ অংশগ্ৰহণ শিথিল কৰিবলৈ ছেবি (এফ পি আই) নিয়মাৱলী, ২০১৯ সংশোধন কৰা হৈছে।

বিশেষ টকা বস্ত্ৰ একাউণ্ট (এছ আৰ ভি এ): ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি এছ আৰ ভি এ-ত উদ্বৃত্ত টকা কৰ্পৰেট ঋণত বিনিয়োগ কৰা, বিত্তীয় স্থিতিশীলতা বৃদ্ধি কৰি আৰু আই এন আৰ দ্বিপাক্ষিক বাণিজ্য নিষ্পত্তিক প্ৰসাৰিত কৰাৰ অনুমতি দিবলৈ আৰ বি আই-ক অনুমোদন দিয়া হৈছে।

৮. ন’ ইয়ৰ ক্লায়েণ্ট (KYC) প্ৰক্ৰিয়া-ৰ সৰলীকৰণ

ন’ ইয়ৰ ক্লায়েণ্ট(কেওৱাইচি) প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ বাবে ভাৰতে কৰা যাত্ৰাৰ বিষয়ে একাধিক বাজেট ঘোষণাত প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ ২০২৫-২৬ বিত্তীয় বৰ্ষত চৰকাৰে কেওৱাইচি প্ৰক্ৰিয়াটো সৰল কৰি ৰাখিবলৈ আৰু ইয়াৰ সময়ে সময়ে উন্নীতকৰণ (ৰি-কেওৱাইচি) সুশৃংখলিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত বিত্তীয় খণ্ডৰ সকলো নিয়ন্ত্ৰিত সত্তা (আৰ ই)ৰ বাবে এটা সাধাৰণ কেন্দ্ৰীয় কে ওৱাই চি ৰেকৰ্ড পঞ্জীয়ন (চি কে ওৱাই চি আৰ আৰ) টেমপ্লেট স্থাপন কৰা হৈছে, প্ৰতিটো বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰকে কে ওৱাই চি মাষ্টাৰ চাৰ্কুলাৰ বা নিৰ্দেশনা জাৰি কৰিছে আৰু ছেবি-ৰ অধীনত কে ওৱাই চি পঞ্জীয়ন কৰ্তৃপক্ষ (কে আৰ এ)কো চি কে ওৱাই চি আৰ আৰ-ৰ সৈতে আন্তঃকাৰ্যক্ষমতাৰ বাবে অধিসূচিত কৰা হৈছে। ২০২৪ চনৰ জুলাই মাহৰ পিএমএল মেইণ্টেনেন্স অব ৰেকৰ্ড অধিনিয়ম সংশোধনী অনুসৰি, আৰবিআই-য়ে ২০২৫ চনৰ জুন মাহত নিয়ন্ত্ৰিত সত্তা (আৰই)সমূহক কেওৱাইচি আৰু ৰি-কেওৱাইচি-ৰ বাবে গ্ৰাহকৰ পৰিচয় নিশ্চিত কৰাৰ বাবে, য’তেই উপলব্ধ ত’তেই চিকেওৱাইচিআৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল।

৯. একাউণ্ট এগ্ৰিগেটৰ-ৰ পৰিমাপন

একাউণ্ট এগ্ৰিগেটৰ (এ এ) কাঠামো হৈছে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ এটা মূল স্তম্ভ, যিয়ে নিয়ন্ত্ৰিত সত্তাসমূহৰ মাজত বিত্তীয় তথ্যৰ সুৰক্ষিত, সন্মতিভিত্তিক আৰু আন্তঃকাৰ্যকৰী সহভাগ সক্ষম কৰে। একাউণ্ট এগ্ৰিগেটৰ (এএ) কাঠামোৱে বিত্তীয় তথ্য প্ৰদানকাৰী আৰু ব্যৱহাৰকাৰী (এফআইপি আৰু এফআইইউ)সকলৰ অংশগ্ৰহণৰ অবিৰত বৃদ্ধিৰ তথ্য পঞ্জীভূক্ত কৰিছে, আৰু ডিজিটেল ঋণ আৰু ব্যক্তিগত বিত্তীয় ব্যৱহাৰৰ বাবে বিত্তীয় তথ্য আহৰণ কৰিবলৈ লাখ লাখ ব্যৱহাৰকাৰীৰ সন্মতি আদায় কৰিছে। গতিকে, নিয়ন্ত্ৰণমূলক তদাৰকীৰ সৈতে পৰিপূৰকভাৱে কাম কৰা প্ৰতিষ্ঠানিক আত্মনিয়ন্ত্ৰণ হৈছে দায়িত্বশীল আচৰণ, কাৰ্যকৰী সামঞ্জস্যতা আৰু গ্ৰাহকৰ আস্থা নিশ্চিত কৰাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত এ এ পৰিতন্ত্ৰৰ বাবে স্ব-নিয়ন্ত্ৰিত সংস্থা (এছ আৰ অ')ক নীতিগতভাৱে অনুমোদন দিয়া হৈছে, যাতে শাসন ব্যৱস্থা, প্ৰামাণিককৰণ আৰু কাঠামোৰ ওপৰত আস্থা বৃদ্ধি পায়।

১০. ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (UPI-ৰ আন্তৰ্জাতিকীকৰণ

দেশৰ সীমা অতিক্ৰমী সমস্তৰৰ পৰা সমস্তৰ (পি টু পি)লৈ আৰু ব্যক্তিৰ পৰা ব্যৱসায়ী(পি টু এম)লৈ কৰা লেনদেনৰ বাবে অন্য দেশৰ সৈতে ভাৰতে ইয়াৰ দ্ৰুত লেনদেন প্ৰণালী (এফ পি এছ) অৰ্থাৎ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ পি আই)ৰ মাজত আন্তঃকাৰ্যক্ষমতা বিকাশৰ দিশত কাম কৰি আছে। ২০২৫  কেলেণ্ডাৰ বৰ্ষত এই ক্ষেত্ৰত তিনিটা উল্লেখযোগ্য কৃতিত্ব লাভ কৰা হৈছে, য’ত ই-কমাৰ্চৰ বাবে ইউপিআই গ্ৰহণযোগ্যতা আৰু ছিংগাপুৰৰ দুটা নতুন সত্তাৰ সৈতে কিউআৰ পেমেণ্ট আৰু কাটাৰ নেশ্যনেল বেংক-ৰ সৈতে ব্যৱসায়িক স্থানত কিউআৰ ভিত্তিক ইউপিআই গ্ৰহণযোগ্যতা সক্ষম কৰা হৈছে। এই কৌশলগত সম্প্ৰসাৰণে কাটাৰক ইউপিআই পৰিতন্ত্ৰৰ সৈতে পোনপটীয়াকৈ একত্ৰিত হোৱা অষ্টমখন ৰাষ্ট্ৰ হিচাপে চিহ্নিত কৰিছে। বিদেশী ব্যৱসায়িক স্থানত ইউপিআই এপ্-ৰ অভিগ্ৰহণ ইতিমধ্যে ভূটান, ফ্ৰান্স, মৰিচাছ, নেপাল, ছিংগাপুৰ, শ্ৰীলংকা, আৰু ইউএইত পোনপটীয়াকৈ প্ৰচলিত হৈছে।

১১. ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজি (এন আই আই এফ)

আন্তঃগাঁথনি আৰু মূল ৰাষ্ট্ৰীয় খণ্ডসমূহৰ বাবে দীৰ্ঘম্যাদী পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজি (এন আই আই এফ) গুৰুত্বপূৰ্ণ হৈয়েই আছে। ২০২৪ চনত এন আই আই এফ-য়ে ১ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্য কোষৰ সৈতে দ্বিতীয়টো ব্যক্তিগত বজাৰ পুঁজি (পি এম এফ-দ্বিতীয়) আৰম্ভ কৰে। ২০২৫ চনৰ হিচাপত এই পুঁজিয়ে ইতিমধ্যে জিঅ’আই-ৰ পৰা ৪৯ মিলিয়ন মাৰ্কিন ডলাৰ, নিউ ডেভেলপমেণ্ট বেংক-ৰ পৰা ১০ মিলিয়ন মাৰ্কিন ডলাৰ আৰু ৪ টা বিনিয়োগকাৰী (১ টা বৰ্তমানৰ বিনিয়োগকাৰী, ২ টা ঘৰুৱা বীমা কোম্পানী আৰু ১ টা জাপানী বিনিয়োগকাৰী অৰ্থাৎ জাপানৰ ডেভেলপমেণ্ট বেংক)ৰ ১৬ মিলিয়ন মাৰ্কিন ডলাৰৰ সৈতে ৭৫ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰতিশ্ৰুতিৰ নিশ্চয়তা আদায় কৰিছে। বিভিন্ন খণ্ডত বিনিয়োগ আৰু শক্তিশালী বিত্তীয় লাভ উপলব্ধি কৰাৰ লক্ষ্যৰে চলিত বছৰত এই পুঁজি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব।

আয়ানা পাৱাৰ-ৰ পৰা প্ৰথমবাৰৰ বাবে নৱীকৰণযোগ্য শক্তি খণ্ডত সম্পাদিত অন্যতম বৃহৎ আন্তঃগাঁথনিমূলক লেনদেন সম্পূৰ্ণ কৰি বছৰটোৰ ভিতৰত এন আই আই এফ মাষ্টাৰ ফাণ্ড-য়ে গুৰুত্বপূৰ্ণ সাফল্যসমূহ অৰ্জন কৰে। ভাৰত চৰকাৰ আৰু অন্যান্য বিনিয়োগকাৰীসকলৰ উভয়ৰে বাবে ইতিবাচক আৰ্থিক লাভ নিশ্চিত কৰি এই পুঁজিয়ে পাঁচটা পথ-সম্পত্তিৰ তিনিটাৰ বিক্ৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে।

১২. স্বামী বিনিয়োগ পুঁজি (SWAMIH)

চাপগ্ৰস্ত গৃহ নিৰ্মাণ প্ৰকল্পসমূহৰ সমাধান আৰু ৰিয়েল এষ্টেট খণ্ড-ত ক্ৰেতাৰ আস্থা পুনৰুদ্ধাৰ কৰাত স্বামী বিনিয়োগ পুঁজি-য়ে এক ধ্বজাবাহী হস্তক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা ৫টা বছৰত স্বামী পুঁজি-য়ে ভাৰতৰ ৰিয়েল এষ্টেট পৰিতন্ত্ৰত অনুঘটকীয় ভূমিকা পালন কৰিছে আৰু উদ্দেশ্য-চালিত পুঁজিয়ে কি লাভ কৰিব পাৰে তাৰ প্ৰমাণ দাঙি ধৰিছে। ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰ পৰ্যন্ত স্বামী পুঁজিয়ে ১৩,৭৯৯ কোটি টকাৰ সামগ্ৰিক পৰ্টফলিঅ’ প্ৰতিশ্ৰুতিৰে ১৩৯টা বিনিয়োগৰ বাবে পুঁজি আগবঢ়াইছে, যিবোৰ ১২খন ৰাজ্যৰ ২০খন চহৰত বিস্তৃত হৈ আছে, যাৰ ফলত প্ৰকল্পসমূহৰ ব্যয়ৰ ৪৪,৬৫৪ কোটি টকাতকৈয়ো অধিক ধন মুকলিৰ পথ প্ৰশস্থ হৈছে। স্বামী পুঁজি-ৰ পৰ্টফলিঅ’ত থকা ৯৪,২০৮টাতকৈয়ো অধিক ঘৰৰ মুঠ লক্ষ্যৰ ভিতৰত ৫৮,৫৯৬টা ঘৰ সফলতাৰে সম্পূৰ্ণ হৈছে। ৫০টা বিনিয়োগত সম্পূৰ্ণৰূপে আৰু ৪১টা বিনিয়োগত আংশিকভাৱে স্বামী পুঁজি-ৰ ধন মোকলাই দিয়া হৈছে, যিয়ে ইয়াৰ সমাধান কৌশলৰ উল্লেখযোগ্য অগ্ৰগতি প্ৰতিফলিত কৰিছে। উল্লেখযোগ্য যে স্বামী পুঁজিয়ে ইতিমধ্যে বিনিয়োগকাৰীসকলৰ পৰা আহৰণ কৰা মূলধনৰ ~৫০% ঘূৰাই দিছে, যিয়ে ইয়াৰ কাৰ্যক্ষমতা আৰু বিত্তীয় অনুশাসন দুয়োটাতে আলোকপাত কৰিছে।

স্বামী পুঁজি-ৰ এই সাফল্যৰ ভিত্তিত সমগ্ৰ ভাৰতত অতিৰিক্তভাৱে ১ লাখ চাপগ্ৰস্ত গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে ১৫,০০০ কোটি টকা পৰ্যন্ত লক্ষ্য প্ৰতিশ্ৰুতিৰে স্বামী পুঁজি-দ্বিতীয় কেন্দ্ৰীয় বাজেট ২০২৫-২৬ত ঘোষণা কৰা হৈছে।

১৩. বিত্তীয় সুস্থিৰতা

অৰ্থনৈতিক পৰিক্ৰমা বিভাগ-য়ে নিয়ন্ত্ৰক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় সাধনেৰে বিত্তীয় সুস্থিৰতা সুৰক্ষিত কৰি ৰাখিছিল। এয়া অন্যান্য সকলৰ লগতে বিত্তীয় সুস্থিৰতা আৰু উন্নয়ন পৰিষদ (FSDC) আৰু ইয়াৰ উপ-সমিতি (FSDC-SC)ৰ জৰিয়তে কৰা হয়, যিয়ে অৰ্থনীতিৰ সামষ্টিক-বিচক্ষণ তত্বাৱধান নিৰীক্ষণ কৰে আৰু বিত্তীয় স্থিতিশীলতা, বিত্তীয় খণ্ডৰ উন্নয়ন, আন্তঃনিয়ন্ত্ৰণমূলক সমন্বয়, বিত্তীয় সাক্ষৰতা, আৰু বিত্তীয় অন্তৰ্ভুক্তিক সামৰি লোৱা প্ৰসংগভিত্তিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত এফ এছ ডি চি-য়ে ২০২৫ চনৰ ১০ জুনত ২৯ সংখ্যক বৈঠক অনুষ্ঠিত কৰে আৰু ২০২৫ চনৰ ৪ ছেপ্টেম্বৰত এফ এছ ডি চি-এছ চি-ৰ ৩২ সংখ্যক বৈঠক অনুষ্ঠিত হয়, য’ত বিশ্ব আৰু ঘৰুৱা সামষ্টিক অৰ্থনৈতিক আৰু বিত্তীয় খণ্ডৰ ডাঙৰ ডাঙৰ উন্নয়নসমূহৰ পৰ্যালোচনা কৰা হয়।

১৪.বিত্তীয় খণ্ডত চাইবাৰ সুৰক্ষা

ডি ই এ-য়ে বিত্তীয় সুস্থিৰতা আৰু উন্নয়ন পৰিষদ (এফ এছ ডি চি)ৰ কাঠামোৰ অধীনত প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তুলিছে আৰু আন্তঃসংস্থা সমন্বয় বৃদ্ধি কৰিছে।

ডি ই এ-ৰ অধীনত স্থাপিত বিত্তীয় খণ্ডৰ বাবে কম্পিউটাৰ ছিকিউৰিটি ইঞ্চিডেণ্ট ৰেচপন্স টিম (চি এছ আই আৰ টি-ফিনে)য়ে ৰেনছমৱেৰ, লেনদেনৰ জালিয়াতি, আৰু যোগান শৃংখল আক্ৰমণৰ সৈতে জড়িত খণ্ডব্যাপী চাইবাৰ সুৰক্ষা অনুশীলন চলাই আৰু সময়ে সময়ে চাইবাৰ সুৰক্ষা লেণ্ডস্কেপ প্ৰতিবেদন জাৰি কৰি আহিছে।

তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ অধীনত বেংকিং, লেনদেন, প্ৰতিভূতি, আৰু বীমাৰ ১০০টাতকৈয়ো অধিক জটিল বিত্তীয় ব্যৱস্থাক সুৰক্ষিত ব্যৱস্থা হিচাপে অধিসূচিত কৰা হৈছে। এই প্ৰণালীসমূহে এতিয়া উন্নত সুৰক্ষা নিয়ন্ত্ৰণ, অবিৰত নিৰীক্ষণ, আৰু সময়ে সময়ে কৰা অডিটৰ অধীনত কাম কৰে, যিয়ে RTGS, NEFT, UPI, আৰু ছিকিউৰিটিজ ডিপ'জিটৰী-ৰ দৰে প্লেটফৰ্মসমূহৰ কাৰ্যকৰী স্থিতিস্থাপকতা শক্তিশালী কৰে।

১৫. কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC)

কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাৰ পোনপটীয়া পৰীক্ষণ বিশাল পৰিসৰত চলোৱা বিশ্বৰ কেইখনমান দেশৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে ভাৰত। খুচুৰা ডিজিটেল টকাৰ সম্প্ৰসাৰিত পৰীক্ষণটোৱে ২০২৫ চনৰ নৱেম্বৰ মাহ পৰ্যন্ত দেশজুৰি ৮২ লাখ ব্যৱহাৰকাৰী আৰু ১১ লাখ ব্যৱসায়ীক সামৰি লৈছিল। চিবিডিচি-ক ইউপিআই-ৰ সৈতে আন্তঃকাৰ্যকৰী কৰি তোলা হৈছিল, যাৰ ফলত ব্যৱহাৰকাৰীসকলে সমগ্ৰ দেশতে যিকোনো ইউপিআই কিউআৰ কোড স্কেন কৰিব পৰা হৈছে।

নিৰ্বাচিত প্ৰত্যক্ষ লাভ হস্তান্তৰণ আঁচনিৰ বাবে প্ৰগ্ৰেমেবল চিবিডিচি পৰীক্ষণ প্ৰকল্প ৰূপায়ণ কৰা হৈছিল, আনহাতে ইণ্টাৰনেট সংযোগ অবিহনে লেনদেন সক্ষম কৰা অফলাইন চিবিডিচি পৰীক্ষণসমূহ বৰ্তমানে নিৰীক্ষণ কৰি থকা হৈছে।

পাইকাৰী চিবিডিচি পৰীক্ষণ প্ৰকল্পই চৰকাৰী প্ৰতিভূতি আৰু কল মানি মাৰ্কেট-ৰ লেনদেনৰ নিষ্পত্তিৰ সুবিধা প্ৰদান কৰিছিল, য’ত বেংক আৰু অনা বেংক প্ৰাথমিক ডিলাৰসকলে অংশগ্ৰহণ কৰিছিল। দেশৰ সীমা অতিক্ৰমী কৰা লেনদেনৰ বাবে আৰ বি আই-য়ে আন্তঃৰাষ্ট্ৰীয় লেনদেনত খৰচ, গতি, আৰু স্বচ্ছতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক আৰু বহুপক্ষীয় চিবিডিচি-ৰ সংযোগ অনুসৰণ কৰিছে। বৰ্তমান ভাৰতে অংশীদাৰ দেশসমূহৰ সৈতে উন্নত দ্বিপাক্ষিক আলোচনাত লিপ্ত হৈছে আৰু বিআইএছ ইনোভেশ্যন হাব-ৰ নেতৃত্বত বহুপক্ষীয় চিবিডিচি প্ৰকল্পসমূহত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে।

 

১৬. বহুপক্ষীয় আৰু দ্বিপাক্ষিক উন্নয়নমূলক সাহায্য

বছৰটোত বহুপক্ষীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে ভাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছিল। ২০২৪ চনৰ ডিচেম্বৰ মাহত দক্ষিণ কোৰিয়াত অনুষ্ঠিত আইডিএ-২১ প্ৰতিশ্ৰুতি অধিৱেশনত ভাৰতে বিশ্ব বেংক-ৰ ছফ্ট লেণ্ডিং আৰ্ম-ক ২৩.২১ বিলিয়ন টকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ২০২৪ চনৰ জুন আৰু ২০২৫ চনৰ মাৰ্চৰ ভিতৰত ডি ই এ-য়ে ২.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ ২৭টা আন্তঃৰাষ্ট্ৰীয় বিত্ত নিগম (আই এফ চি)ৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন জনায়। ২০২৫ চনৰ মাৰ্চ মাহ পৰ্যন্ত ভাৰতত আই এফ চি-ৰ বৰ্তমানৰ পুঁজিগত স্থিতি হৈছে ১০ বিলিয়ন মাৰ্কিন ডলাৰ৷ ভাৰতে ষোড়শ সাধাৰণ কোটাৰ পৰ্যালোচনাৰ অধীনত আই এম এফ-ৰ কোটা ১৯,৬৭১.৬ মিলিয়ন এছ ডি আৰ-লৈ বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰে। ২০১৪ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৫ চনৰ আগষ্টলৈকে বিশ্ব বেংক-ৰ সৈতে ৩৫.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ ১৫৮টা ঋণ স্বাক্ষৰ কৰা হৈছিল, যিটো পৰিসংখ্যা ২০০৩–২০১৪ চনৰ ভিতৰত ২৯.৯ বিলিয়ন মাৰ্কিন ডলাৰৰ ১১৭টা ঋণৰ আছিল।

ভাৰতে আন্তঃৰাষ্ট্ৰীয় কৃষি উন্নয়ন পুঁজি (আইএফএডি)ৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে, যিয়ে ভাৰতৰ ৩৬টা প্ৰকল্পক প্ৰায় ১৪৬২.৭ মিলিয়ন মাৰ্কিন ডলাৰৰ সঞ্চিত সাহায্যৰে সহায় কৰিছে, য’ত গ্ৰাম্য উন্নয়ন, জনজাতীয় কল্যাণ, মহিলা সৱলীকৰণ, আৰু ক্ষুদ্ৰ বিত্তীয় সাহায্যত গুৰুত্ব আৰোপ কৰা হৈছে। যোৱা এঘাৰ বছৰত ৯খন ৰাজ্যত প্ৰায় ৫৪৭ মিলিয়ন মাৰ্কিন ডলাৰৰ ১০টা প্ৰকল্প ৰূপায়ণ কৰা হৈছে। বৰ্তমান আইএফএডি-ৰ বিত্তীয় সাহায্যৰ বাবে ১৩২ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায়) দুটা সাৰ্বভৌম প্ৰকল্প বিবেচনাধীন হৈ আছে।

১৭. জি-২০ সহভাগিতা আৰু আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতা

২০২৩ চনত ভাৰতৰ জি-২০ সভাপতিত্বৰ পিছত ২০২৪ চনত ব্ৰাজিলৰ সভাপতিত্বত অনুষ্ঠিত জি-২০ ট্ৰ’ইকাৰ অংশ হিচাপে আৰু ২০২৫ চনত দক্ষিণ আফ্ৰিকাৰ সভাপতিত্বৰ সময়ত জি-২০ৰ সদস্য হিচাপে দেশখনে সক্ৰিয় ভূমিকা অব্যাহত ৰাখিছিল। জি-২০ নেতৃবৃন্দৰ নতুন দিল্লী ঘোষণাপত্ৰ আৰু ২০২৩ চনৰ অক্টোবৰৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰৰ বিবৃতি-ত উল্লেখ কৰা প্ৰাথমিকতাসমূহৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ বাবে ভাৰতে ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ সভাপতিত্বৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিল।

ফাইনেন্স ট্ৰেক এজেণ্ডা-ই বহুপক্ষীয় উন্নয়ন বেংক (এমডিবি)ৰ সংস্কাৰ, ঋণৰ দুৰ্বলতাসমূহ মোকাবিলা কৰা, আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত উদীয়মান বজাৰ আৰু উন্নয়নশীল অৰ্থনীতিৰ কণ্ঠ আৰু প্ৰতিনিধিত্ব বৃদ্ধি কৰা, আৰু জলবায়ু বিত্তৰ সংগঠিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আছিল। ভাৰতৰ উত্তৰাধিকাৰিত্বত নিৰ্ভৰ কৰি, উন্নত, বৃহৎ, আৰু অধিক ফলপ্ৰসূ এমডিবি-ৰ বাবে জি-২০ ৰোডমেপক ২০২৪ চনত নেতাসকলে সমৰ্থন কৰিছিল, ২০২৫ চনতো এটা নিৰীক্ষণ আৰু প্ৰতিবেদন কাঠামো প্ৰস্তুত কৰাৰ দিশত আৰু ৰোডমেপখনৰ ৰূপায়ণ অনুসৰণ কৰিবলৈ উদ্বোধনী অগ্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ দিশত কাম অব্যাহত আছে।

 

********

NB/KB


(ৰিলিজ আই ডি : 2218723) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी