নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় ভাৰতৰ আভ্যন্তৰীণ জলপথৰ বৃদ্ধিৰ পৰৱৰ্তী পৰ্যায়ৰ তালিকা প্ৰস্তুত কৰিবলৈ আই ডব্লিউ ডি চি ৩.০ বৈঠক

আই ডব্লিউ ডি চি ৩.০ত অসমৰ বাবে ব্ৰহ্মপুত্ৰই দিব সেউজ পৰিবহণৰ নেতৃত্ব

प्रविष्टि तिथि: 20 JAN 2026 6:13PM by PIB Guwahati

আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ (আই ডব্লিউ ডি চি) তৃতীয়খন বৈঠক ২০২৬ চনৰ ২৩ জানুৱাৰীত কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব। এই সন্মিলনৰ  উদ্দেশ্য হৈছে আভ্যন্তৰীণ জল পৰিবহণ (আই ডব্লিউ টি) খণ্ডৰ সাফল্যসমূহৰ বিষয়ত আলোকপাত কৰা আৰু ইয়াৰ ভৱিষ্যত দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ  দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া দিনজোৰা অধিৱেশনত বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰৰ লগতে বিভিন্ন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলো উপস্থিত থাকিব।

বৈঠকত  বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণৰ অধিক উন্নতিৰ বাবে নতুন পদক্ষেপ আৰম্ভ কৰিব। আই ডব্লিউ টি প্ৰকল্পৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতা শক্তিশালী কৰি কেইবাখনো ৰাজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আই ডব্লিউ ডি চি ৩.০ কাৰ্যসূচীত এক স্থিতিস্থাপক নগৰীয়া জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা, মাল পৰিবহণৰ কাৰ্যক্ষমতা বৃদ্ধি, যাত্ৰী পৰিবহণৰ বাবে সেউজ জাহাজৰ প্ৰচাৰ, নদী ক্ৰুজ পৰ্যটনক আগুৱাই নিয়া আৰু ডিজিটেল আৰু বহনক্ষম পদ্ধতি ৰূপায়ণৰ বিষয়ত  অন্তৰ্ভুক্ত কৰা হৈছে। এই বৈঠকত আভ্যন্তৰীণ জলপথৰ বাবে নিয়ন্ত্ৰণ কাঠামো পৰ্যালোচনা কৰা হ’ব আৰু চলি থকা আৰু প্ৰস্তাৱিত আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ সৈতে জড়িত ৰাজ্যসমূহে উত্থাপন কৰা উদ্বেগসমূহৰ সমাধান কৰা হ’ব। ভাৰতে আভ্যন্তৰীণ জলপথৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে বছৰি ১৪৫ মিলিয়ন টনতকৈ অধিক সামগ্ৰী স্থানান্তৰ কৰা হয়। যিয়ে ইন্ধন-দক্ষ আৰু পৰিৱেশ অনুকূল পৰিবহণৰ সুবিধা আগবঢ়ায়। আভ্যন্তৰীণ জলপথসমূহে অতিমাত্ৰা বোজাই কৰা ৰে'ল আৰু পথ নেটৱৰ্কৰ পৰিপূৰক আৰু ৰোল-অন-ৰোল-অফ (ৰ’-ৰ’) বাহন পৰিবহণ আৰু নদী ক্ৰুজ পৰ্যটনৰ দৰে পদক্ষেপসমূহৰ সুবিধা প্ৰদান কৰে। ২৩খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ১১১টা ৰাষ্ট্ৰীয় জলপথৰ ভিতৰত ৩২টা বৰ্তমান মালবাহী আৰু যাত্ৰী চলাচলৰ বাবে কাৰ্যক্ষম হৈ উঠিছে । বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে  এই জলপথসমূহৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধ হৈ আছে । ৰাষ্ট্ৰীয় জলপথত সামগ্ৰীৰ চলাচল ২০১৩-১৪ চনত ১ কোটি ৮০ লাখ টনৰ পৰা ২০২৪-২৫ চনত ১৪৫.৮৪ মিলিয়ন টনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২০২৪-২৫ চনত যাত্ৰীবাহী যাতায়ত ৭.৬৪ কোটিলৈ বৃদ্ধি পাইছে। এই গতি আৰু অধিক ত্বৰান্বিত হৈছে।  ‘জলৱাহক’ কাৰ্গো প্ৰমোচন আঁচনি, জাহাজ চলোৱাসকলক পথ আৰু ৰে’লৰ পৰা জলপথলৈ সামগ্ৰী স্থানান্তৰিত কৰিবলৈ উদগনি  যোগোৱা  আৰু ‘জল সমৃদ্ধি’, যিয়ে টাৰ্মিনেল উন্নয়ন আৰু পৰিচালনাত ব্যক্তিগত খণ্ডৰ শক্তিশালী অংশগ্ৰহণক প্ৰসাৰিত কৰা হৈছে।

“মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আই ডব্লিউ ডি চি প্ৰকৃততে সহযোগিতামূলক ৰাষ্ট্ৰীয় মঞ্চত পৰিণত হৈছে। যিয়ে বিভিন্ন ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ নীতি নিৰ্ধাৰক আৰু প্ৰতিনিধিক একত্ৰিত কৰি আভ্যন্তৰীণ জলপথৰ ভৱিষ্যত গঢ়ি তুলিছে। ফলত এক সেউজ, অধিক কাৰ্যক্ষম পৰিবহণ পৰিৱেশতন্ত্ৰ আগুৱাই নিয়া সম্ভৱ হৈছে ।

আন্তঃগাঁথনি উন্নয়নৰ সৈতে বহনক্ষমতা আৰু সমাজৰ অংশগ্ৰহণৰ সংমিশ্ৰণ ঘটাই পৰিষদে ভাৰতৰ নদীৰ ঐতিহ্যক পুনৰুজ্জীৱিত কৰি তুলিছে আৰু  সামগ্ৰী  তথা যাত্ৰীৰ বাবে পছন্দৰ পৰিবহণ পদ্ধতি হিচাপে আভ্যন্তৰীণ জলপথসমূহ পুনৰ সংযোজন কৰিছে। কোচিত আমি ২০২৪ চনত আই ডব্লিউ ডি চি ১.০ আৰু ২০২৫ চনত আই ডব্লিউ ডি চি ২.০ৰ পিছত হোৱা অগ্ৰগতি একত্ৰিত কৰাৰ লক্ষ্য স্থিৰ কৰিছো।প্ৰকল্পৰ নিষ্পাদন ত্বৰান্বিত কৰা তথা ৰাজ্যসমূহৰ সৈতে ঘনিষ্ঠ অংশীদাৰিত্বৰে সেউজ, প্ৰযুক্তি-চালিত অভ্যন্তৰীণ জলপথসমূহ পৰিমাপ  কৰা হৈছে’- আই ডব্লিউ আইৰ অধ্যক্ষ সুনীল পালিৱালে  এইদৰে কয়।

 অসম আই ডব্লিউ ডি চি ৩.০

অসমৰ আভ্যন্তৰীণ জলপথৰ যাতায়তৰ অবিৰত বৃদ্ধিয়ে বিগত দুবছৰত আই ডব্লিউ ডি চিয়ে  গ্ৰহণ কৰা নীতিগত সিদ্ধান্তসমূহৰ  স্পষ্ট ফলাফল দিবলৈ সক্ষম হৈছে।  সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠা  ৰাষ্ট্ৰীয় জলপথ ২ , পাণ্ডু আৰু যোগীঘোপাত মাল্টিম’ডাল টাৰ্মিনেল ,  ব্ৰহ্মপুত্ৰ, ধুবুৰী আৰু বগীবিলত স্থায়ী টাৰ্মিনেল, একাধিক ভাসমান টাৰ্মিনেল আৰু বাংলাদেশ সীমান্তৰ পৰা শদিয়ালৈকে জলপথৰ  ৰক্ষণাবেক্ষণৰ  ব্যৱস্থাসমূহে  উত্তৰ-পূব অঞ্চলত বহনক্ষম পৰিবহণক  পুনৰ সংজ্ঞায়িত কৰিছে। ৰাষ্ট্ৰীয় জলপথ ২- এ অসমৰ আভ্যন্তৰীণ জলপথৰ জৰিয়তে  ৯৮%তকৈ অধিক সামগ্ৰী, যান-বাহন,  সামগ্ৰী  আৰু নিৰ্মাণ সামগ্ৰীৰ পৰিবহনত সহায় কৰি আহিছে।

আই ডব্লিউ ডি চি নেতৃত্বাধীন সমন্বয়ৰ  বিষয়ত ভিত্তি কৰি চৰকাৰে ২০২৫ চনৰ পৰা ২০৩০ চনৰ ভিতৰত উত্তৰ-পূবৰ আভ্যন্তৰীণ জলপথ উন্নয়নৰ বাবে ৫,০০০ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰিছে।প্ৰায় ১১৫২ কোটি টকাৰ প্ৰকল্প ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে।  বাকী থকা খিনিৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন  প্ৰস্তুত হৈ আছে। আগন্তুক আই ডব্লিউ ডি চি ৩.০ বৈঠকত ডিব্ৰুগড়ৰ আঞ্চলিক উৎকৃষ্টতা কেন্দ্ৰ (আৰ চি অ’ ই)ক  কাৰ্যকৰী কৰি তোলা , পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধা সম্পূৰ্ণ কৰি তোলা  আৰু সেউজ জাহাজৰ পৰিচালনা বৃদ্ধি কৰা, সমন্বিত তথা  বহনক্ষম আভ্যন্তৰীণ জলপথ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ হিচাপে আই ডব্লিউ ডি চিৰ ভূমিকাক শক্তিশালী কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে।  অঞ্চলটোৰ জলপথত ৮৫খন জেটী গঢ়ি তোলাৰ পৰিকল্পনা কৰাৰ  সমান্তৰালভাৱে বৈঠকৰ সময়ত বগীবিল নদী বন্দৰলৈ যোৱা পথ তথা  উজানবজাৰ ঘাটৰ  বাবে এটা পৰ্যটন জেটি ঘোষণা কৰাৰো সম্ভাৱনা আছে। কোচিত অনুষ্ঠিত হ’বলগীয়া আই ডব্লিউ ডি চি ৩.০ বৈঠকখন  আভ্যন্তৰীণ জল পৰিবহণ খণ্ডৰ সম্ভাৱনা তথা  সুবিধাসমূহৰ মূল্যায়ন আৰু ইয়াৰ ভৱিষ্যতৰ বিকাশৰ  লগতে সম্প্ৰসাৰণৰ  স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰাৰ এক গতিশীল মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

****

PN/IY/DM


(रिलीज़ आईडी: 2216692) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी