নৌ-পৰিবহন মন্ত্ৰালয়
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
07 JAN 2026 7:39PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যুক ব্যক্তিগত ক্ষতি তথা অসমৰ ৰাজনৈতিক জীৱনৰ এক বৃহৎ শূন্যতা আখ্যা দিয়ে।
সোণোৱালে কয়, ‘জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ জীৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হৈছো ।তেওঁ নিস্বাৰ্থ সেৱাৰ মাপকাঠী স্থাপন কৰি তৃণমূল পৰ্যায়ৰ পৰা সংগঠনটোক গঢ়ি তোলাৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।’
তেওঁ কয় যে পুৰকায়স্থৰ জীৱন সেৱা আৰু সমৰ্পণৰ এক উজ্জ্বল নিদৰ্শন আছিল। তেওঁ লগতে কয়, “মোৰ দৰে হাজাৰ হাজাৰ কৰ্মকৰ্তাৰ বাবে তেওঁৰ যাত্ৰা আৰু পথ প্ৰদৰ্শন অহৰহ প্ৰেৰণাৰ উৎস হৈ আহিছে।তেওঁ আছিল সাহস, ভক্তি, পোহৰৰ বাট প্ৰদৰ্শক আৰু সঁচাকৈয়ে মোৰ বাবে পিতৃস্বৰূপ ব্যক্তিত্ব।”
সোণোৱালে কয় যে পুৰকায়স্থৰ মৃত্যুৱে এনে এক শূন্যতা সৃষ্টি থৈ গৈছে, যিটো পূৰণ কৰাটো কঠিন হ’ব। সোণোৱালে প্ৰয়াত পুৰকায়স্থৰ পুত্ৰ কানাড পুৰকায়স্থ, পৰিয়ালৰ সদস্য আৰু অনুগামীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
*****
PN/IY/DM
(ৰিলিজ আই ডি : 2212312)
অতিথি কক্ষ : 28