ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ৰ পূৰ্বে গুৱাহাটীত হিউমেন কেপিটেল ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ আয়োজন
प्रविष्टि तिथि:
04 JAN 2026 6:24PM by PIB Guwahati
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) ইণ্ডিয়াএআই-এ অসম চৰকাৰ আৰু আইআইটি-গুৱাহাটীৰ সহযোগত অহা ৫-৬ জানুৱাৰীত আইআইটি-গুৱাহাটী চৌহদত হিউমেন কেপিটেল ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ আয়োজন কৰিছে। এই ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষতা কৰিছে হিউমেন কেপিটেল ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ এআইচিটিই-ৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক টি. জি. সীতাৰামে। দুদিনীয়া এই বৈঠকত জ্যেষ্ঠ নীতি নিৰ্ধাৰক, শৈক্ষিক নেতৃবৃন্দ, উদ্যোগ বিশেষজ্ঞ আৰু প্ৰেকটিচনাৰসকল একত্ৰিত হৈ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিক্ষা, দক্ষতা আৰু কৰ্মশক্তিৰ প্ৰস্তুতিৰ ভৱিষ্যৎ সন্দৰ্ভত আলোচনা কৰিব।
এই কাৰ্য্যসূচীত অসম চৰকাৰৰ বিশেষ মুখ্য সচিব শ্ৰী চ্যেদৈন আব্বাচী (আইএএছ), অসম চৰকাৰৰ প্ৰধান সচিব (আইটি) শ্ৰী কে. এছ. গোপীনাথ নাৰায়ণ (আইএএছ), অসম চৰকাৰৰ আইটি বিভাগৰ সঞ্চালক শ্ৰী অশ্বিনী কুমাৰ (আইএএছ), আইআইটি-গুৱাহাটীৰ সঞ্চালক অধ্যাপক জলিহাল, আইআইটি-গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক অধ্যাপক গৌতম বৰুৱা, মন্ত্ৰালয়ৰ ইণ্ডিয়াএআই-ৰ যুটীয়া সঞ্চালক শ্ৰীমতী শিখা দহিয়া আৰু আন-আন চৰকাৰী বিষয়া, শিক্ষাবিদ তথা গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। উদ্বোধনী অধিবেশনত অধ্যাপক টি. জি. সীতাৰামে উক্ত সন্মিলনৰ ভাষণ প্ৰদানেৰে ইণ্ডিয়া এআই ইম্পেক্ট ছামিটৰ কাঠামোৰ অধীনত হিউমেন কেপিটেলৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিব।
এআই-ক ৰাজহুৱা উপযোগিতা হিচাপে গণ্য কৰাৰ উদ্দেশ্যৰে এই ৱৰ্কিং গ্ৰুপৰ বৈঠকত এআই-চালিত কৰ্মশক্তিৰ পৰিৱৰ্তনৰ বাবে অন্তৰ্ভুক্ত, স্কেলেবল আৰু দায়িত্বশীল পদ্ধতিৰ ডিজাইনত গুৰুত্ব আৰোপ কৰা হ’ব। এআই-ৰ অভিযোজনাই মানৱ সম্ভাৱনাক স্থানচ্যুত কৰাৰ পৰিৱৰ্তে সুদৃঢ় কৰাটো নিশ্চিতকৰণৰ অৰ্থে আলোচনাত শিক্ষা সংস্কাৰ, লিংগ-প্ৰতিক্ৰিয়াশীল এআই কৌশল আৰু মানৱ সামৰ্থ্যৰ ডমেইন-নিৰ্দিষ্ট সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।
ইয়াৰ কাৰ্য্যসূচীয়ে এআই পৰিৱৰ্তনৰ বাবে লিংগ-প্ৰতিক্ৰিয়াশীল কৌশল, জ্ঞানভিত্তিক যুগৰ বাবে শিক্ষাৰ পুনৰ সংজ্ঞা নিৰূপণ, ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ কাঠামো, এখনি অন্তৰ্ভুক্ত আৰু শক্তিশালী ভাৰত গঢ়ি তোলা তথা এআই শিক্ষাৰ ৰিভাৰ্ছ অভিযান্ত্ৰিক পদ্ধতি সন্দৰ্ভত বিশেষজ্ঞৰ পেনেল আলোচনাকো সামৰি লৈছে। এই অধিবেশনসমূহে একেলগে ভাৰতে কেনেকৈ এটি এআই-সক্ষম অৰ্থনীতিৰ বাবে নাগৰিকসকলক সাজু কৰিবলৈ শিক্ষণ ব্যৱস্থা, ভাষাৰ উপলব্ধতা আৰু দক্ষতাৰ পথসমূহ পুনৰ কল্পনা কৰিব পাৰে, সেয়া পৰীক্ষা-নিৰীক্ষা কৰিব।
এইদৰে গুৱাহাটী বৈঠক ২০২৬-ৰ ১৫ – ২০ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিতব্য ইণ্ডিয়া এআই ইম্পেক্ট ছামিট, ২০২৬-ৰ এক মূল আঞ্চলিক আৰু বিষয়ভিত্তিক প্ৰাক-কাৰ্য্যসূচী হিচাপে পৰিগণিত হ’ব। ইয়াত ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী অংশীদাৰসকল একত্ৰিত হৈ সৰ্বাংগীন, দায়িত্বশীল আৰু প্ৰভাৱ-চালিত এআই-ৰ ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰিব।
হিউমেন কেপিটেল ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ ফলাফলসমূহৰ সন্মিলনৰ আলোচনাত পোনপটীয়াভাৱে অৱতাৰণা কৰা হ’ব। যিয়ে স্থিতিস্থাপক, ভৱিষ্যতৰ বাবে সাজু আৰু এআইৰ সমান্তৰালভাৱে লাভৱান হ’বলৈ সক্ষম ভাৰতৰ এটি কৰ্মশক্তি গঢ়ি তোলাৰ অংগীকাৰক সুদৃঢ় কৰিব।
****
MSZ/SB
(रिलीज़ आईडी: 2211360)
आगंतुक पटल : 17