নৌ-পৰিবহন মন্ত্ৰালয়
“গায়ন-বায়নৰ মধুৰ ছন্দই শান্তি আৰু আধ্যাত্মিক শক্তিৰ সঞ্চাৰ কৰে”: সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত ‘মৃদঙ্গীয়া গায়ন-বায়ন সংস্থা’ৰ ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ কৰে
সৰ্বানন্দ সোণোৱালে গায়ন-বায়ন পৰম্পৰালৈ বৰঙণি আগবঢ়োৱা বংশী বকলিয়ালক সম্বৰ্ধনা জনায়
সৰ্বানন্দ সোণোৱালে প্ৰযুক্তি-চালিত যুগত আধ্যাত্মিক আৰু সাংস্কৃতিক প্ৰমূল্যবোধক সংৰক্ষণৰ আহ্বান জনায়
प्रविष्टि तिथि:
04 JAN 2026 9:08PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী (MoPSW) সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ ৰাজগড়ত অনুষ্ঠিত হোৱা ‘মৃদঙ্গীয়া গায়ন-বায়ন সংস্থা, অসম’ৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিবেশনৰ লগতে দিনজোৰা অখণ্ড ভাগৱত পাঠ আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ আনুষ্ঠানিক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।
সভাত ভাষণ প্ৰদানেৰে সৰ্বানন্দ সোণোৱালে মৃদঙ্গীয়া গায়ন-বায়ন পৰম্পৰাৰ চৰ্চা, সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সংস্থাটোৱে স্থায়ী অৱদান আগবঢ়াই অহা কাৰ্য্যক প্ৰশংসা কৰি ইয়াক অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰে।
সর্বানন্দ সোণোৱালে কয়, “মৃদঙ্গীয়া গায়ন-বায়ন পৰম্পৰা অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংগ। স্থায়ী চৰ্চা আৰু সমৰ্পণৰ জৰিয়তে ই আমাৰ সাংস্কৃতিক বাতাবৰণক সমৃদ্ধ কৰাৰ লগতে নৱ প্রজন্মক আমাৰ ধ্ৰুপদী আৰু লোক পৰম্পৰাৰে সংযুক্ত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিছে।“
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশিক্ষণ, পৰিবেশন আৰু অনুশাসিত অনুশীলনৰ জৰিয়তে পৰম্পৰাক নৱ প্ৰজন্মৰ সৈতে সংযোগ কৰি অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অবিৰত বিকাশৰ ক্ষেত্ৰত মৃদঙ্গীয়া গায়ন-বায়ন সংস্থাৰ দৰে সংগঠনসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
সৰ্বানন্দ সোণোৱালে আৰু কয়, “এই বিশাল সাংস্কৃতিক প্ৰতিচ্ছবিখন আজি স্ব-চক্ষুৰে দেখিবলৈ পাই মই সঁচাকৈয়ে অভিভূত হৈছো। অনাদি কালৰে পৰাই আমাৰ গাঁৱে-ভূঞে গায়ন-বায়ন পৰম্পৰাৰ চৰ্চা অব্যাহত আছে। ময়ো গাঁৱৰ ল’ৰা। শৈশৱৰ পৰাই আমাৰ নামঘৰসমূহৰ পৰা ভাঁহি অহা খোল আৰু মৃদঙ্গৰ ধ্বনি শুনি ডাঙৰ হৈছো। মৃদঙ্গ হৈছে প্ৰাচীন ভাৰতৰ অন্যতম প্ৰধান পবিত্ৰ বাদ্যযন্ত্ৰ। পৌৰাণিক আখ্যানত ইয়াক ‘দেৱ বাদ্য’ বুলি অভিহিত কৰা হৈছে। ইয়াৰ কোনো লিখিত লিপি বা পাঠ্যপুস্তিকা নাই; ইয়াৰ পৰিৱৰ্তে এয়া এক সুকীয়া পৰম্পৰা আৰু শৈলীৰ জৰিয়তে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বিকশিত আৰু স্থায়ী হৈ আহিছে। অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ থকা গায়ন-বায়ন পৰম্পৰাক এইদৰে এখন মঞ্চত একত্ৰিত কৰাটো পৰম সন্তুষ্টি আৰু গৌৰৱৰ বিষয়। আজি এই কাম সম্ভৱ কৰি তোলাৰ বাবে এই কাৰ্য্যসূচীৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”
এই অনুষ্ঠানতে সোণোৱালে ডিব্ৰুগড় জিলাৰ কমাৰচুক গাঁৱৰ বিশিষ্ট বায়ন শিল্পী বংশী বকলিয়ালক মৃদঙ্গীয়া গায়ন-বায়নৰ চৰ্চা, প্ৰশিক্ষণ আৰু পৰিবেশনৰ প্ৰতি তেওঁৰ কেইবা দশকজোৰা নিষ্ঠাৰ মনোভাৱৰ স্বীকৃতি স্বৰূপে সম্বৰ্ধনা জনায়। সোণোৱালে অসমৰ এই পৰম্পৰাগত কলা ৰূপৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আয়োজকসকলে গ্ৰহণ কৰি অহা অবিৰত প্ৰচেষ্টাৰ বাবে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰে।
ইয়াৰ স্পন্দনশীল সাংস্কৃতিক অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী, অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তি, সংস্কৃতিৰ সাধক আৰু জনসাধাৰণে অংশগ্ৰহণ কৰে।

****
PN/IY/SB
(रिलीज़ आईडी: 2211354)
आगंतुक पटल : 9