উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সভাপতিত্বত ‘উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি, লজিষ্টিক ব্যয় আৰু সংযোগ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী’ৰ তৃতীয় বৈঠক
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি, লজিষ্টিক আৰু সংযোগক আগুৱাই নিয়াৰ বাবে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ কৰ্মবাহিনীৰ বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই
ভাৰতৰ ‘গ্ৰ’থ ইঞ্জিন’ আৰু ‘দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ’ হ’বলৈ সাজু হৈছে উত্তৰ-পূৰ্বাঞ্চল
प्रविष्टि तिथि:
22 DEC 2025 7:49PM by PIB Guwahati
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক (ড°) মাণিক সাহাৰ সভাপতিত্বত উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি, লজিষ্টিক ব্যয় আৰু সংযোগ সম্পৰ্কীয় উচ্চস্তৰীয় কৰ্মবাহিনী (এইচ এল টি এফ)ৰ তৃতীয়খন বৈঠক ২২ ডিচেম্বৰ, ২০২৫ তাৰিখে অনুষ্ঠিত হয়। বৈঠকত মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰী লালডুহোমাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

এইচ এল টি এফ-য়ে আঞ্চলিক লজিষ্টিক আৰু সংযোগৰ প্ৰত্যাহ্বানসমূহ পৰ্যালোচনা কৰে, হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী আন্তঃগাঁথনিৰ প্ৰথমিকতাসমূহৰ মূল্যায়ন কৰে আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা আৰু আন্তঃমন্ত্ৰালয় সমন্বয়ৰ সন্দৰ্ভত আলোচনা কৰে।
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লজিষ্টিক, মাল্টিম’ডেল সংযোগ, সীমা অতিক্ৰম কৰা বাণিজ্য কৰিড’ৰ, ডিজিটেল আৰু শক্তি সক্ষমকাৰী, আৰু প্ৰতিষ্ঠানিক আৰু বিত্তীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এক বিস্তৃত, পৰ্যায়ভিত্তিক পথ-পৰিকল্পনা দাখিল কৰে। উত্তৰ-পূবক এক ঐক্যবদ্ধ অঞ্চল হিচাপে গণ্য কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেওঁ স্থলপথ আৰু ঘাইপথকে ধৰি ৰেলৱে; অসামৰিক বিমান পৰিবহণ; বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ; শক্তি; আই টি আৰু টেলিকম আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ দৰে মূল কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ পোষকতা কৰে। তেওঁ বন আৰু পৰিৱেশ সংক্ৰান্তীয় অনুমোদন সন্দৰ্ভত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সক্ৰিয় সমাধানৰ প্ৰয়োজনীয়তাতো আলোকপাত কৰে।

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে এক্ট ইষ্ট পলিচীৰ অধীনত মিজোৰামে চুবুৰীয়া দেশৰ আঞ্চলিক প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব পাৰে বুলি আলোকপাত কৰে। তেওঁ কালাডান মাল্টি মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্পৰ দৰে মূল সংযোগকাৰী প্ৰকল্পসমূহৰ প্ৰসংগত ত্বৰান্বিত আলোচনাৰ পৰামৰ্শ দিয়ে। তেওঁ কৰ্মবাহিনীৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ দিশত সীমান্ত বাণিজ্য, লজিষ্টিক আৰু প্ৰতিষ্ঠানিক সহায়ৰ গুৰুত্বপূৰ্ণ ভূমিকাl অধিক গুৰুত্ব আৰোপ কৰে।

উত্তৰ-পূৰ্বাঞ্চলত লজিষ্টিক আৰু সংযোগ বৃদ্ধিৰ বাবে এক ব্যাপক কৌশল হিচাপে এইচ এল টি এফ-ৰ অন্যান্য সদস্য ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি মুখ্যমন্ত্ৰী ত্ৰিপুৰাই প্ৰস্তাৱ কৰা পথ-পৰিকল্পনাৰ শলাগ লোৱাৰ লগতে ইয়াৰ ফলপ্ৰসূ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু এন ই আৰৰ ৰাজ্য চৰকাৰসমূহৰ মাজত সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন হ’ব বুলি পৰ্যবেক্ষণ কৰেদাঙি ধৰে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী গৰাকীয়ে। তেওঁ পৰামৰ্শ দি কয় যে কৰ্মবাহিনীয়ে প্ৰস্তাৱ কৰা কাঠামোৰ বহুখণ্ডীয় প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি বাহিনীৰ প্ৰতিবেদন চূড়ান্ত কৰাৰ পূৰ্বে স্থলপথ আৰু ঘাইপথকে ধৰি ৰেল মন্ত্ৰালয়কে সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰলগতে নীতি আয়োগ-ৰ পৰামৰ্শ বিচাৰিব পৰা যায়।

চলিত বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী (এমডিঅ’এনইআৰ) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ তিনিগৰাকী মুখ্যমন্ত্ৰীক সদস্য হিচাপে লৈ আঠটা উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী গঠন কৰা হৈছিল, প্ৰত্যেকৰে নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ একোখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল। ২০২৪ চনৰ ২১ ডিচেম্বৰত আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সময়ত এক ঐকমত্যৰ পৰাই এই পদক্ষেপৰ উদ্ভৱ হৈছিল।
****
PS/KB
(रिलीज़ आईडी: 2207605)
आगंतुक पटल : 4