উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ
प्रविष्टि तिथि:
17 DEC 2025 4:45PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে (এমড’নাৰ) উত্তৰ-পূব অঞ্চলৰ বাণিজ্য আৰু বিনিয়োগক অনুঘটক হিচাপে কাম কৰাৰ উদ্দেশ্যে ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ আয়োজন কৰে। উত্তৰ-পূব অঞ্চলত বিনিয়োগ আকৰ্ষণৰ বাবে চিনাক্ত কৰা শীৰ্ষ সন্মিলনৰ কেন্দ্ৰবিন্দু খণ্ডসমূহ আছিল পৰ্যটন আৰু আতিথ্য; কৃষি-খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সংশ্লিষ্ট খণ্ড; বস্ত্ৰশিল্প, হস্ততাঁত আৰু হস্তশিল্প; স্বাস্থ্যসেৱা; শিক্ষা আৰু দক্ষতা বিকাশ; আইটি/আইটিইএছ; মনোৰঞ্জন আৰু ক্ৰীড়া; আন্তঃগাঁথনি আৰু লজিষ্টিক; আৰু শক্তি। সামূহিকভাৱে, শীৰ্ষ সন্মিলন আৰু ইয়াৰ প্ৰি-ইভেণ্ট ৰোডশ্ব'সমূহে মেম'ৰেণ্ডা অফ আণ্ডাৰষ্টেণ্ডিং (এমঅ’ইউ), উদ্দেশ্য পত্ৰ, আৰু ব্যক্তিগত বিনিয়োগকাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰধান ঔদ্যোগিক সংঘৰ পৰা যোগ্যতাসম্পন্ন লিডৰ জৰিয়তে ৪.৪৮ লাখ কোটি টকাৰ বিনিয়োগৰ স্বাৰ্থ লাভ কৰে। এই বিনিয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষমতা বৃদ্ধি কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰিব। বিনিয়োগৰ স্বাৰ্থৰ ভিত্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰসমূহে সকলো বিনিয়োগকাৰীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকে। তদুপৰি বিনিয়োগৰ সুবিধাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, য’ত অন্যান্য বিষয়ৰ ভিতৰত আছে একক খিৰিকীৰ অনুমোদন, বিনিয়োগ প্ৰসাৰ সংস্থা স্থাপন, ভূমি বেংক সৃষ্টি, বিনিয়োগৰ বাবে প্ৰৰোচনা আদি।
ঔদ্যোগিক পৰিৱেশ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উত্তৰ-পূব অঞ্চলত ব্যক্তিগত বিনিয়োগক আকৰ্ষণ কৰাৰ বাবে ভাৰত চৰকাৰে উত্তৰ পূৰৱা ট্ৰেন্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন (উন্নতি) আঁচনি ৰূপায়ণ কৰিছে। উন্নতি আঁচনিৰ অধীনত প্ৰদান কৰা প্ৰৰোচনাসমূহ হ’ল (i) মূলধনী বিনিয়োগ প্ৰৰোচনা; (ii) কেন্দ্ৰীয় মূলধনী সুত ৰাজসাহায্য প্ৰৰোচনা; আৰু (iii) উৎপাদন আৰু সেৱা সংযুক্ত প্ৰৰোচনা।
এই তথ্য আজি লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে দিয়ে।
******
PS/আআ
(रिलीज़ आईडी: 2205660)
आगंतुक पटल : 7