নৌ-পৰিবহন মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক নামৰূপ ভ্ৰমণৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
অসমবাসীৰ বহুদিনীয়া আশা-আকাংক্ষাক বাস্তৱ ৰূপ দি অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (বি ভি এফ চি এল)ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এম'নিয়া-ইউৰিয়া কমপ্লেক্স -- নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব
১০,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ উৎপাদন ক্ষমতা হ'ব প্ৰতি বছৰে ১২.৫ লাখ মেট্ৰিক টন
"কংগ্ৰেছ চৰকাৰে আমাৰ বহুদিনীয়া দাবীক কোনো গুৰুত্বই প্ৰদান কৰা নাছিল, বৰঞ্চ অৱহেলাহে কৰিছিল": সোণোৱাল
পোষ্ট কৰা হৈছে:
14 DEC 2025 7:29PM by PIB Guwahati
অসমৰ ঔদ্যোগিক খণ্ডত সূচনা হ'ব আন এক নতুন দিগন্তৰ। অসমবাসীৰ বহুদিনীয়া আশা-আকাংক্ষাক বাস্তৱ ৰূপ দি অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড (বি ভি এফ চি এল)ৰ বৰ্তমানৰ চৌহদত ১০,০০০ কোটি টকাৰো অধিক বিনিয়োগেৰে নতুন ব্ৰাউনফিল্ড এম'নিয়া-ইউৰিয়া কমপ্লেক্স -- নামৰূপৰ চতুৰ্থ সাৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিব।
এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী তথা স্থানীয় সাংসদ সৰ্বানন্দ সোণোৱালে আজি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ সবিশেষ পৰ্যালোচনা কৰে আৰু অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰীৰ আগন্তুক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট সকলোকে পূৰ্ণোদ্যমে কাম কৰিবলৈ আহ্বান জনায় সোণোৱালে।
সোণোৱালে কয়, "এই অভিলাষী প্ৰকল্পটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰিব আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিৰে কৃষকসকলক উপকৃত কৰিব। তদুপৰি, ইয়াৰ জৰিয়তে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব আৰু ঔদ্যোগিক আন্তঃগাঁথনি টনকিয়াল হ'ব। এই প্ৰকল্পৰ উৎপাদন ক্ষমতা হ'ব প্ৰতি বছৰে ১২.৫ লাখ মেট্ৰিক টন। এই প্ৰকল্পটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ এক অন্যতম শক্তিশালী ঔদ্যোগিক প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ দিশত নতুন গতি দিব।"
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, "সৰ্বজনপ্ৰিয় নেতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই উল্লেখযোগ্য পদক্ষেপ লোৱাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ চিৰকৃতজ্ঞ হৈ থাকিব। দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে নামৰূপত চতুৰ্থটো গোট নিৰ্মাণ কৰাৰ বাবে দাবী জনায় আহিছিল, কিন্তু কংগ্ৰেছ চৰকাৰে দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো এই দাবীক অলপো গুৰুত্ব নিদি সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে আৰু শাসনত থাকিও একো কৰিব নোৱাৰিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিগত ১১ বছৰতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিলে আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোক আন্তৰিকতাৰে লৈ চতুৰ্থ গোটটো নিৰ্মাণ কৰাৰ বাবে ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিলে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ৰূপান্তৰৰ পৰা আৰম্ভ কৰি ছেমিকণ্ডাক্টৰলৈকে বিভিন্ন নতুন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰাত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে, যাৰ যোগেদি যুৱক-যুৱতী, খেতিয়ক, শ্ৰমিক, আৰ্থিকভাৱে পিছপৰা পৰিয়াল সকলোৱে আজি উপকৃত হৈছে। অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নামৰূপলৈ আহি চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন কৰিব। অসমৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাত নিৰন্তৰ ভূমিকা পালন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এইছেগতে আন্তৰিক ধন্যবাদ জনাইছোঁ। স্থানীয় সাংসদ হিচাপে মই বিশেষ আনন্দ অনুভৱ কৰিছোঁ, কিয়নো মই সদৌ অসম ছাত্ৰ সন্থাত থকাৰ দিনৰ পৰাই এই প্ৰকল্পটোৰ বাবে নামৰূপৰ ৰাইজৰ লগত লগ লাগি সংগ্ৰাম কৰি আহিছিলোঁ। কিন্তু কংগ্ৰেছ চৰকাৰে আমাৰ বহুদিনীয়া দাবীক কোনো গুৰুত্বই প্ৰদান কৰা নাছিল, বৰঞ্চ অৱহেলাহে কৰিছিল। অৱশেষত অসমবাসীৰ এই দীৰ্ঘদিনীয়া আশা পূৰণ কৰাৰ ক্ষেত্ৰত দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগভাগ লৈ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে। আগন্তুক দিনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে এই উদ্যোগটোৰ জৰিয়তে বিশ্বৰ বজাৰত স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হ'ব আৰু খেতিয়কৰ আয় দুগুণৰ পৰা তিনি গুণলৈ বৃদ্ধি কৰাৰ বাবে যি লক্ষ্য আগত ৰখা হৈছে, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। স্থানীয় বিধায়ক তৰংগ গগৈয়েও এই প্ৰকল্পটোৰ বাবে নিৰন্তৰভাৱে লাগি আছে। তেখেতকো ধন্যবাদ জনাইছোঁ।"
এই সময়ছোৱাত সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মহন, বিধায়কসকল- তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, ভাস্কৰ শৰ্মা, ধৰ্মেশ্বৰ কোঁৱৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমুখ্যে সতীৰ্থসকল।
(ৰিলিজ আই ডি : 2203944)
অতিথি কক্ষ : 38