গৃহ মন্ত্ৰালয়
এলডব্লিউই প্ৰভাৱিত অঞ্চলসমূহত নিৰাপত্তা আন্তঃগাঁথনি সম্পৰ্কীয় আঁচনি
प्रविष्टि तिथि:
09 DEC 2025 5:42PM by PIB Guwahati
ভাৰতীয় সংবিধানৰ সপ্তম অনুসূচী অনুসৰি আৰক্ষী আৰু জনশৃংখলাৰ বিষয়ক ৰাজ্য চৰকাৰসমূহৰ ওপৰত ন্যস্ত কৰা হৈছে। কিন্তু ভাৰত চৰকাৰে বাওঁ-পন্থী উগ্ৰবাদ (LWE)-ৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে। এলডব্লিউই সমস্যাটোক সামগ্ৰিকভাৱে সমাধান কৰিবলৈ ২০১৫-ত “এলডব্লিউই-ৰে মোকাবিলাৰ অৰ্থে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্য্য পৰিকল্পনা”-ত অনুমোদন জনোৱা হৈছিল। ইয়াত নিৰাপত্তা সম্পৰ্কীয় ব্যৱস্থা, উন্নয়ন হস্তক্ষেপ, স্থানীয় সমাজৰ অধিকাৰ আৰু প্ৰাপ্য নিশ্চিতকৰণ আদিৰে জড়িত বহুমুখী কৌশলৰ কল্পনা কৰা হৈছে। জনজাতীয় আৰু দুৰ্গম অঞ্চলসমূহৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্ব আৰোপ কাৰ্য্যই নক্সালবাদৰ মূল কাৰণটোৰ সৈতেই মোকাবিলা কৰিছে। আন্তঃগাঁথনিত বিনিয়োগৰ লগতে উন্নত আইন-শৃংখলা আৰু নিৰাপত্তাৰ পৰিস্থিতিয়ে ৰাজহুৱা/ ব্যক্তিগত বিনিয়োগ বৃদ্ধিকে প্ৰমুখ্য কৰি বৰ্ধিত অৰ্থনৈতিক উন্নয়নৰ বাবে এক অনুকূল বাতাবৰণৰ সৃষ্টি কৰিছে।
-
- নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে (GoI) কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বেটেলিয়ন আগবঢ়াই আৰু ভাৰত সংৰক্ষিত বেটেলিয়নৰ অনুমোদনেৰে তথা হেলিকপ্টাৰ সমৰ্থন, শিবিৰৰ আন্তঃগাঁথনি, প্ৰশিক্ষণৰ সম্প্ৰসাৰণ, ৰাজ্যিক আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ বাবে পুঁজি, সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ, চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান, ফৰ্টিফাইড আৰক্ষী থানা স্থাপন আদি ব্যৱস্থাৰে এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহৰ চৰকাৰক সহায় কৰে।
-
-
- ২০১৪-১৫ ৰ পৰা ৰাজ্যসমূহৰ সামৰ্থ্য বিকাশৰ বাবে নিৰাপত্তা সম্পৰ্কীয় ব্যয় (SRE) আঁচনিৰ অধীনত নিৰাপত্তা বাহিনীৰ কাৰ্য্যকৰী ব্যয় আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা, আত্মসমৰ্পণ কৰা এলডব্লিউই কেডাৰৰ পুনৰ্বাসন, এলডব্লিউই হিংসাত নিহত সাধাৰণ নাগৰিক/শ্বহীদ নিৰাপত্তা বাহিনীৰ জোৱানৰ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ আগবঢ়াবলৈ এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহলৈ ৩৫২৩.৪৮ কোটি টকা মুকলি কৰি দিয়া হৈছে। ৰাজ্যৰ বিশেষ বাহিনী, ৰাজ্যিক চোৰাংচোৱা শাখা (SIB), জিলা আৰক্ষীক সুদৃঢ়কৰণ আৰু বিশেষ আন্তঃগাঁথনি আঁচনিৰ (SIS) অধীনত ফৰ্টিফাইড আৰক্ষী থানা (FPS) স্থাপনৰ অৰ্থে এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহলৈ ১৭৫৭ কোটি টকা অনুমোদন জনোৱা হৈছে।
-
-
- ৰাজ্যসমূহে নিজ-নিজ আৰক্ষী বাহিনীক সজ্জিত আৰু আধুনিকীকৰণৰ বাবে কৰা প্ৰচেষ্টাক “আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সাহায্য” আঁচনিৰ অধীনত সমৃদ্ধ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰসমূহক অস্ত্ৰ-শস্ত্ৰ, তথ্য প্ৰযুক্তি, যোগাযোগ, প্ৰশিক্ষণ, আৰক্ষী থানা স্থাপন, ম’বিলিটি আৰু আৰক্ষীৰ আৱাস তথা আন-আন আৰক্ষী আন্তঃগাঁথনি নিৰ্মাণ আদিৰ বাবে কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়।
-
-
- এলডব্লিউই-ৰ আৰ্থিক শ্বক আৰু চিপিআই (মাওবাদী) তথা ইয়াৰ আৰ্থিক সমৰ্থকৰ মাজৰ সম্পৰ্ক উদঘাটন কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এলডব্লিউই-লৈ পুঁজি আৰু আন-আন সম্পদ প্ৰৱাহৰ পথ ৰুদ্ধ কৰাৰ দিশত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ভিন্ন উপায়েৰে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰিছে।
-
-
- চৰকাৰে নিৰাপত্তা আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। যোৱা দশকটোত ৬৫৬ খন ফৰ্টিফাইড থানা স্থাপন কৰা হৈছে। যোৱা ছবছৰত এলডব্লিউই প্ৰভাৱিত মূল অঞ্চলসমূহত ৩৭৭ টা নতুন নিৰাপত্তা শিবিৰ স্থাপন কৰা হৈছে। এলডব্লিউই প্ৰভাৱিত অঞ্চলসমূহত স্থাপন কৰা নিৰাপত্তা শিবিৰসমূহৰ বছৰ-ভিত্তিক বিৱৰণৰ সবিশেষ পৰিশিষ্ট I-ত উল্লেখ কৰা হৈছে।
-
- উন্নয়নৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ (GoI) ধ্বজাবাহী আঁচনিসমূহৰ বাহিৰেও একাধিক এলডব্লিউই প্ৰভাৱিত অঞ্চলত পথ নেটৱৰ্কৰ সম্প্ৰসাৰণ, দূৰসংযোগ সংযোগৰ অগ্ৰগতি সাধন, শিক্ষা, দক্ষতা বিকাশ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপেৰে নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। গ্ৰহণ কৰা প্ৰচেষ্টাসমূহ সময়ে-সময়ে নিৰীক্ষণ, মূল্যায়ন আৰু সালসলনি কৰি ফলাফলসমূহ অনুকূল কৰি তোলা হয়। ইয়াৰে কেইটামান পদক্ষেপৰ কথা তলত উল্লেখ কৰা হৈছেঃ
-
-
- পথ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে ০২ এলডব্লিউই নিৰ্দিষ্ট আঁচনিৰ অধীনত ১৪,৯৭৮ কিলোমিটাৰ নিৰ্মাণ কৰা হৈছে। আঁচনি দুখন হৈছেঃ পথ প্ৰয়োজনীয়তা পৰিকল্পনা (RRP) আৰু এলডব্লিউই প্ৰভাৱিত অঞ্চলৰ বাবে পথ সংযোগ প্ৰকল্প (RCPLWEA)।
- এলডব্লিউই প্ৰভাৱিত অঞ্চলসমূহত টেলিকম সংযোগৰ অগ্ৰগতি সাধনৰ বাবে ৯,০৫০ টা টাৱাৰ কাৰ্য্যক্ষম হৈ উঠিছে।
- দক্ষতা বিকাশৰ বাবে ৪৬ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI) আৰু ৪৯ দক্ষতা বিকাশ কেন্দ্ৰ (SDC) কাৰ্য্যক্ষম হৈ উঠিছে।
- জনজাতীয় অঞ্চলসমূহত গুণগত শিক্ষাৰ বাবে ১৭৯ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (EMRS) কাৰ্য্যক্ষম হৈ উঠিছে।
- বিত্তীয় অন্তৰ্ভুক্তিৰ বাবে ডাক বিভাগে এলডব্লিউই প্ৰভাৱিত জিলাসমূহত বেংকিং সেৱাৰ সৈতে ৬,০২৫ টা ডাকঘৰ মুকলি কৰিছে। অতিশয় এলডব্লিউই প্ৰভাৱিত জিলাসমূহত ১৮০৪ টা বেংক শাখা আৰু ১৩২১ টা এটিএম মুকলি কৰা হৈছে।
- উন্নয়নক ত্বৰান্বিত কৰিবলৈ বিশেষ কেন্দ্ৰীয় সাহায্য (SCA) আঁচনিৰ অধীনত অধিক এলডব্লিউই প্ৰভাৱিত জিলাতে ৰাজহুৱা আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ ব্যৱধান পূৰণৰ বাবে পুঁজিৰ ব্যৱস্থা কৰা হৈছে। ২০১৭-ত আঁচনিখনৰ আৰম্ভণিৰ পিছৰে পৰা এতিয়ালৈকে ৩,৮৪৮.৪৯ কোটি টকা মুকলি কৰা হৈছে।
-
- ৰাষ্ট্ৰীয় নীতি আৰু একচন প্লেন, ২০১৫-ৰ দৃঢ় ৰূপায়ণৰ ফলশ্ৰুতিত ধাৰাবাহিকভাৱে হিংসাৰ ঘটনা হ্ৰাস পাইছে আৰু ভৌগোলিক বিস্তাৰৰ সংকোচন ঘটিছে। ৰাষ্ট্ৰৰ অভ্যন্তৰীণ নিৰাপত্তাৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হোৱা এলডব্লিউই-ক শেহতীয়াকৈ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ কৰা হৈছে আৰু মাত্ৰ কেইটামান পকেটতহে সংকুচিত কৰা হৈছে। নক্সাল-প্ৰভাৱিত জিলাৰ পৰিসংখ্যা এপ্ৰিল-২০১৮ ত ১২৬-ৰ পৰা ৯০ খন, জুলাই- ২০২১ ত ৭০ খন, এপ্ৰিল-২০২৪ ত ৩৮ খন, এপ্ৰিল-২০২৫ ত ১৮ খন আৰু অক্টোবৰ-২০২৫ ত মাত্ৰ ১১ খনলৈ হ্ৰাস পাইছে। এতিয়া মাত্ৰ ৩ খন জিলাক অধিক এলডব্লিউই প্ৰভাৱিত জিলা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। কিন্তু শেহতীয়াকৈ এলডব্লিউই-ৰ প্ৰভাৱ দূৰ কৰা অঞ্চলসমূহত চিপিআই (মাওবাদী)ক উভতি অহাত বাধা দিবলৈ ২৭ খন জিলাক নিৰাপত্তা সম্পৰ্কীয় ব্যয় আঁচনিৰ পৰিসৰত ‘লিগেচি আৰু থ্ৰাষ্ট জিলা’ হিচাপে ৰখা হৈছে।
-
- এলডব্লিউই সম্পৰ্কীয় হিংসাৰ ঘটনা ২০১০-ত ১৯৩৬-ৰ সৰ্বাধিকৰ পৰা ৮৯% হ্ৰাস পাই ২০২৫-ত ২১৮-লৈ হ্ৰাস পাইছে। ফলস্বৰূপে সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ মৃত্যুৰ ঘটনাও ২০১০-ত ১০০৫-ৰ পৰা ৯১% হ্ৰাস পাই ২০২৫-ত ৯৩-লৈ হ্ৰাস পাইছে। ২০২৫-ত (০১ ডিচেম্বৰলৈকে) নিৰাপত্তা বাহিনীয়ে ৩৩৫ টা নক্সালক নিধন, ৯৪২ টাক গ্ৰেপ্তাৰ কৰাৰ লগতে ২১৬৭ ক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছে। এনে কাৰ্য্যকৰী কৃতিত্বৰ সবিশেষ পৰিশিষ্ট II-ত উল্লেখ কৰা হৈছে।
******
পৰিশিষ্ট I
২০১৯-ৰ পৰা এলডব্লিউই প্ৰভাৱিত ৰাজ্যসমূহত স্থাপন কৰা এছএফ শিৱিৰ
|
বৰ্ষ
|
শিৱিৰৰ সংখ্যা
|
|
২০১৯
|
২৪
|
|
২০২০
|
৪০
|
|
২০২১
|
৫১
|
|
২০২২
|
৬৬
|
|
২০২৩
|
৫১
|
|
২০২৪
|
৭১
|
|
২০২৫
|
৭৪
|
|
মুঠ
|
৩৭৭
|
------
পৰিশিষ্ট II
এলডব্লিউই-বিৰোধী অভিযানৰ সাফল্য
|
বৰ্ষ
|
এলডব্লিউই নিধন
|
এলডব্লিউই গ্ৰেপ্তাৰ
|
এলডব্লিউই আত্মসমৰ্পণ
|
|
২০১৯
|
১৪৫
|
১২৭৬
|
৪৪০
|
|
২০২০
|
১০৩
|
১১১০
|
৪৭৫
|
|
২০২১
|
১২৬
|
১১৫৩
|
৭৩৬
|
|
২০২২
|
৫৭
|
৮১৬
|
৪৯৬
|
|
২০২৩
|
৫০
|
৯২৪
|
৩৭৬
|
|
২০২৪
|
২৯০
|
১০৯০
|
৮৮১
|
|
২০২৫
|
৩৩৫
|
৯৪২
|
২১৬৭
|
|
মুঠ
|
১১০৬
|
৭৩১১
|
৫৫৭১
|
লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই তথ্য সদৰী কৰে।
***
RK/RR/PR/PS/SB
(रिलीज़ आईडी: 2203461)
आगंतुक पटल : 7