বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

চাৰিখন ৰাজ্যৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ৮০ কোটি মাৰ্কিন ডলাৰৰ ঋণ আৰু ১০ লাখ ডলাৰৰ কাৰিকৰী সাহায্য অনুদানত স্বাক্ষৰ ভাৰত চৰকাৰ আৰু এডিবিৰ

কৃষি সৌৰশক্তিৰ বাবে মহাৰাষ্ট্ৰ বিদ্যুৎ বিতৰণ বৃদ্ধি কাৰ্যসূচী (৫০ কোটি মাৰ্কিন ডলাৰ), ইন্দোৰ মেট্ৰ’ ৰে’ল প্ৰকল্প (প্ৰায় ১৯৬ মিলিয়ন ডলাৰৰ সমতুল্য), গুজৰাট দক্ষতা বিকাশ কাৰ্যসূচী (১০৯.৯৭ মিলিয়ন মাৰ্কিন ডলাৰ) আৰু অসমত বহনক্ষম জলাশয় আৰু সংহত জলজ কৃষি ৰূপান্তৰ (SWIFT) প্ৰকল্পৰ বাবে ১ মিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তি সম্পন্ন

प्रविष्टि तिथि: 29 NOV 2025 4:35PM by PIB Guwahati

ভাৰত চৰকাৰ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকে কালি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, আৰু গুজৰাটৰ প্ৰকল্পৰ বাবে মুঠ ৮০ কোটি মাৰ্কিন ডলাৰৰ তিনিখন ঋণ চুক্তিত স্বাক্ষৰ কৰে।

ঋণ চূড়ান্ত কৰাৰ বাবে ভাৰত চৰকাৰে এডিবিৰ সৈতে অংশীদাৰিত্ব কৰিছিল অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব (এডিবি আৰু জাপান)ৰ নেতৃত্বত ঋণ স্বাক্ষৰ প্ৰক্ৰিয়াক আগবঢ়ায় নিয়ে।

সেই অনুসৰি মহাৰাষ্ট্ৰ বিদ্যুৎ বিতৰণ বৃদ্ধি কাৰ্যসূচী কৃষি সৌৰায়ন (৫০ কোটি মাৰ্কিন ডলাৰ), ইন্দোৰ মেট্ৰ’ ৰে’ল প্ৰকল্প (১৯৬ মিলিয়ন ডলাৰৰ সমতুল্য) আৰু গুজৰাট দক্ষতা বিকাশ কাৰ্যসূচী (১০৯.৯৭ মিলিয়ন মাৰ্কিন ডলাৰ)ৰ ঋণ চুক্তিত ভাৰত চৰকাৰৰ হৈ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা  বিভাগৰ উপ সচিব শ্ৰী সৌৰভ সিং আৰু এডিবিৰ হৈ ভাৰত আৱাসী মিছনৰ দেশ সঞ্চালক শ্ৰীমতী মিও ওকাই স্বাক্ষৰ কৰে।

তদুপৰি, অসমৰ জলাশয় পৰিস্থিতিতন্ত্ৰ আৰু মীন পালনৰ উন্নতিৰ বাবে ৰাজ্যখনত ৰূপায়ণ কৰা বহনক্ষম জলাশয় আৰু সংহত জলজ কৃষি ৰূপান্তৰ (SWIFT) প্ৰকল্পত সহায় আগবঢ়োৱাৰ বাবে ১০ লাখ মাৰ্কিন ডলাৰৰ কাৰিকৰী সাহায্য (টিএ)ৰ অনুদানত স্বাক্ষৰ কৰা হয়।

ভাৰত চৰকাৰ-এডিবিৰ দলটোৱে অসমৰ জলাশয় পৰিস্থিতিতন্ত্ৰ আৰু মীন পালনৰ উন্নতিৰ বাবে অসমৰ বহনক্ষম জলাশয় আৰু সংহত জলজ কৃষি ৰূপান্তৰ (SWIFT) প্ৰকল্পৰ বাবে ১০ লাখ মাৰ্কিন ডলাৰৰ কাৰিকৰী সাহায্য (টিএ) অনুদানত স্বাক্ষৰ কৰাৰ মুহুৰ্ত

মহাৰাষ্ট্ৰত এডিবি সমৰ্থিত এই ৫০ কোটি মাৰ্কিন ডলাৰৰ কাৰ্যসূচীৰ লক্ষ্য হৈছে গ্ৰাম্য বিদ্যুৎ আন্তঃগাঁথনি আধুনিকীকৰণ, বিতৰণ কৰা নবীকৰণযোগ্য শক্তি উৎপাদনক প্ৰসাৰিত কৰা, আৰু কৃষকসকলক জলসিঞ্চনৰ বাবে দিনৰ ভাগত সৌৰশক্তি প্ৰদান কৰি কৃষি উৎপাদনশীলতা উন্নত কৰা। ২০২৮ চনৰ ভিতৰত এই কাৰ্যসূচীৰ লক্ষ্য হৈছে কমেও ৯ লাখ কৃষি গ্ৰাহকক দিনৰ ভাগত বিদ্যুৎ যোগান ধৰা। ইয়াৰ মূল উপাদানসমূহৰ ভিতৰত নবীকৰণযোগ্য শক্তি সংহতিৰ বাবে মহাৰাষ্ট্ৰৰ শক্তি বিতৰণ নেটৱৰ্ক আধুনিকীকৰণ, উপকেন্দ্ৰ উন্নীতকৰণ, ট্ৰেন্সফৰ্মাৰ স্থাপন, উচ্চ আৰু নিম্ন চাপৰ লাইন নিৰ্মাণ আৰু ৫০০ মেগাৱাট ঘণ্টাৰ বেটাৰী সংৰক্ষণ ক্ষমতা স্থাপন আদি অন্তৰ্ভুক্ত।

ইন্দোৰ মেট্ৰ’ প্ৰকল্পৰ বাবে জাপানী য়েন ঋণ (১৯৬ মিলিয়ন মাৰ্কিন ডলাৰৰ সমতুল্য) ব্যৱহাৰ কৰি ইন্দোৰৰ জনবহুল অঞ্চলসমূহক বিমানবন্দৰৰ সৈতে সংযোগ কৰা ৮.৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভূগৰ্ভস্থ মেট্ৰ’ লাইন নিৰ্মাণ কৰা হ’ব, য’ত সাতটা ষ্টেচন থাকিব। প্ৰকল্পটোত বৰ্তমানৰ বাছ আৰু ফিডাৰ সেৱাৰ সৈতে বহু-আৰ্হিয় সংহতি আৰু শিক্ষানুষ্ঠান আৰু বজাৰত উন্নত প্ৰৱেশ অন্তৰ্ভুক্ত কৰা হৈছে। মধ্যপ্ৰদেশ মেট্ৰ’ ৰে’ল কৰ্পৰেশ্যন লিমিটেডে এই প্ৰকল্পটো ৰূপায়ণ কৰিব আৰু ২০৩০ চনৰ জানুৱাৰী মাহৰ ভিতৰত ই কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে।

গুজৰাটত ১০৯.৯৭ মিলিয়ন মাৰ্কিন ডলাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ লক্ষ্য হৈছে ৰাজ্যখনৰ কৰ্মশক্তিক উদ্যোগ-সংলগ্ন, উন্নত দক্ষতাৰে সজ্জিত কৰা যিয়ে উচ্চ বৃদ্ধিৰ খণ্ডত চাকৰিৰ প্ৰস্তুতি বৃদ্ধি কৰে। এই খণ্ডসমূহৰ ভিতৰত লজিষ্টিক, অটোমোটিভ, উৎপাদন, তথ্য প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি, স্বাস্থ্যসেৱা আৰু কৃষি প্ৰযুক্তি আদি অন্তৰ্ভুক্ত। ৰাজ্যখনৰ শ্ৰম, দক্ষতা বিকাশ আৰু নিয়োগ বিভাগে কৌশল: দক্ষতা বিশ্ববিদ্যালয় (কে এছ ইউ)ৰ সহযোগত পৰিচালিত এই কাৰ্যসূচীয়ে ১১টা মেগা আই টি আই উন্নীতকৰণত সহায় কৰিব।

****

NB/KMN/DB


(रिलीज़ आईडी: 2196512) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati