নৌ-পৰিবহন মন্ত্ৰালয়
"NE (এন ই) মানে এতিয়া মাত্ৰ নৰ্থ-ইষ্ট নহয়, NE (এন ই) মানে হ'ল নতুন ভাৰতৰ নিউ ইঞ্জিন": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সন্মিলন ২০২৫ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে
"ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ত মালবাহী পৰিবহণ দ্ৰুতগতিত বঢ়াটোৱে প্ৰমাণ কৰিছে যে- আমাৰ নদীসমূহ অৰ্থনৈতিক বৃদ্ধিৰো ইঞ্জিন": সোণোৱাল
"কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭%, ৰাষ্ট্ৰীয় জলপথত মাল পৰিবহণৰ পৰিমাণ ৬৩৫% বৃদ্ধি, ৰাষ্ট্ৰীয় জলপথত বিনিয়োগ ২৩৩% বৃদ্ধিৰ সৈতে মাল্টিম’ডেল টাৰ্মিনেলত ৬২% বৃদ্ধি হৈছে": সোণোৱাল
"উত্তৰ-পূবক হাইড্ৰ'কাৰ্বন হাবলৈ ৰূপান্তৰিত কৰিবলৈ গুণগত কৰ্মশক্তিৰ প্ৰয়োজন হ’ব": সোণোৱাল
प्रविष्टि तिथि:
20 NOV 2025 8:43PM by PIB Guwahati
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ উদ্যোগত গুৱাহাটীত আয়োজিত উত্তৰ-পূব তেল আৰু গেছ সন্মিলন ২০২৫ত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ভাৰতৰ শক্তি সুৰক্ষা আৰু হাইড্ৰ’কাৰ্বনৰ এক শক্তিশালী প্ৰাণকেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কিদৰে দ্ৰুতগতিত উত্থান হৈছে, সেই বিষয়ে অনুষ্ঠানত তেখেতে আলোকপাত কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰয়, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব বিনোদ চেচান, মুখ্য আয়োজক চি আই আই অসম তেল আৰু গেছৰ অধ্যক্ষ এছ. কে. বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় কৈ আহিছে যে উন্নত পৰিবহণ অবিহনে পৰিৱৰ্তন কেতিয়াও সম্ভৱ নহয়। উত্তৰ-পূৰ্বাঞ্চলত হাইড্ৰ'কাৰ্বনৰ উৎপাদিত সামগ্ৰীসমূহ ভালদৰে পৰিবহণ কৰাৰ লগতে পৰিবহণ ব্যয় যিমানে পৰা যায় কম কৰিব লাগিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অমৃতকালত এটা লক্ষ্য স্থিৰ কৰি লৈছে যে ২০৪৭ চনৰ ভিতৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ বিকশিত আৰু আত্মনিৰ্ভৰ দেশ হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ বাবে দেশৰ সকলো নাগৰিকৰে যথেষ্ট দায়িত্ব আছে। আমাৰ উত্তৰ-পূৰ্বাঞ্চল গোটেই দক্ষিণ-পূব এছিয়াৰ ভিতৰতে বিনিয়োগৰ কাৰণে আটাইতকৈ আকৰ্ষণীয় এটা অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে। এন ই মানে এতিয়া মাত্ৰ নৰ্থ-ইষ্ট নহয়, এন ই মানে হ'ল নতুন ভাৰতৰ নিউ ইঞ্জিন। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায়ে কয় যে উত্তৰ-পূৰ্বাঞ্চল হৈছে দেশৰ অষ্টলক্ষ্মী। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলে এতিয়া ঐতিহাসিক ৰূপান্তৰৰ সাক্ষী হৈছে, এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি আছে আৰু সংযোগ তথা 'পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন'ৰ এক নতুন যুগত প্ৰৱেশ কৰিছে। নুমলীগড় শোধনাগাৰৰ বাবে গধুৰ যন্ত্ৰপাতি নদীপথেৰে পৰিবহণ কৰাৰপৰা আৰম্ভ কৰি শিলঘাট আৰু গুইজানত বিশেষ জেটি স্থাপনলৈকে – উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় জলপথসমূহ এতিয়া দেশৰ শক্তিখণ্ডৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে। ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ত মালবাহী পৰিবহণ দ্ৰুতগতিত বাঢ়িছে, যিয়ে প্ৰমাণ কৰিছে যে- আমাৰ নদীসমূহ অৰ্থনৈতিক বৃদ্ধিৰো ইঞ্জিন। কেৱল উত্তৰ-পূবতেই জলপথ প্ৰকল্পত ১,০০০ কোটি টকাতকৈও অধিক বিনিয়োগ কৰি আমাৰ চৰকাৰে নিশ্চিত কৰিছে যে- অঞ্চলটোৰ অগ্ৰগামী কাহিনী উন্নয়নৰ আৰু প্ৰগতিৰ ঢৌত লিপিবদ্ধ কৰা হ’ব।"
সোণোৱালে লগতে কয়, "দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা এঘাৰ বছৰত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰো অভাৱনীয় ৰূপান্তৰ লক্ষ্যণীয় হৈছে। আমাৰ ৰাজ্যখনত প্ৰচুৰ পৰিমাণে তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে। লগতে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডতো যিমান পৰিমাণৰ প্ৰাকৃতিক সম্পদ আছে, সেয়াই অনাগত দিনবোৰত দেশৰ বাবে উদ্যোগ, যুৱক-যুৱতীৰ বাবে চাকৰি আৰু ভাৰতবৰ্ষৰ শক্তি ক্ষেত্ৰৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। আমি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে ভৱিষ্যতে এই শক্তিৰ দ্বাৰা উদ্যোগীকৰণৰ ক্ষেত্ৰখনত অতি শক্তিশালী ভূমিকা পালন কৰিব পাৰিম আৰু উত্তৰ-পূৰ্বাঞ্চল শক্তি ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠিব। উত্তৰ-পূৰ্বাঞ্চল হৈছে সম্পদৰ ভঁৰাল আৰু সম্ভাৱনাৰ আকৰ৷ উত্তৰ-পূবক হাইড্ৰ'কাৰ্বন হাবলৈ ৰূপান্তৰিত কৰিবলৈ গুণগত কৰ্মশক্তিৰ প্ৰয়োজন হ’ব। পূৰ্বতে বাঘজানকে ধৰি বিভিন্ন ঠাইত হোৱা বিজুতিৰ সময়ত বাহিৰৰ পৰা বিশেষজ্ঞ আনিবলগীয়া হৈছিল। সেয়ে গুণগত কৰ্মশক্তি আৰু দক্ষতা গঢ়ি তুলি আত্মনিৰ্ভৰ ভাৰত গঢ়াত সবল ভূমিকা পালন কৰিবলৈ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীক আহ্বান জনালোঁ। পৰিৱৰ্তনৰ বাবে যাতায়াত সুলভ আৰু সুগম হ’ব লাগিব আৰু এইক্ষেত্ৰত আমাৰ চৰকাৰে উত্তৰ-পূবক বিশেষ অগ্ৰাধিকাৰ দিছে।"
সোণোৱালে উল্লেখ কৰে, "বিগত বছৰকেইটাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্প গ্ৰহণ কৰা হৈছে। ২০২৭ চনৰ ভিতৰত ৭৬টা ৰাষ্ট্ৰীয় জলপথ কাৰ্যকৰী হিচাপে পৰিগণিত হ'ব। ৰাষ্ট্ৰীয় জলপথত কাৰ্গ' পৰিচালনাৰ ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক যোৱা বছৰত ১৪৬ মিলিয়ন টনলৈ বৃদ্ধি হৈছে। পূৰ্বতে এই সংখ্যা মাত্ৰ ১৮ মিলিয়ন টনতে সীমাবদ্ধ আছিল। বিগত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত ভাৰতীয় অন্তৰ্দেশীয় জলপথ প্ৰাধিকৰণে সৰ্বমুঠ ৪০,০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে, যাৰ দ্বাৰা জল পৰিবহণ সুচল অধিক হৈ উঠিব। কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭%, ৰাষ্ট্ৰীয় জলপথত মাল পৰিবহণৰ পৰিমাণ ৬৩৫% বৃদ্ধি, ৰাষ্ট্ৰীয় জলপথত বিনিয়োগ ২৩৩% বৃদ্ধিৰ সৈতে মাল্টিম’ডেল টাৰ্মিনেলত ৬২% বৃদ্ধি - এই বৃদ্ধি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।"



GDH/PN/HK
(रिलीज़ आईडी: 2192411)
आगंतुक पटल : 4