উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূৰ্বাঞ্চলৰ উন্নত প্ৰদৰ্শনমূলক ক্ৰীড়াৰ উন্নয়ন আৰু দুগ্ধ, কণী, মাছ, মাংস আদিত স্বাৱলম্বীতাৰ ওপৰত দুখন উচ্চ পৰ্যায়ৰ টাস্ক ফৰ্চৰ বৈঠকত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াৰ
ক্ৰীড়াত ৬০-৪০ আৰ্হি গ্ৰহণ কৰা হ’ব, য’ত ৬০% মানৱ সম্পদ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হ’ব: সিন্ধিয়া
ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ ক্ৰীড়া চেম্পিয়ন প্ৰস্তুত কৰিবলৈ এক সংহত উত্তৰ-পূবৰ ক্ৰীড়া কৌশল প্ৰস্তুত কৰা হ’বঃ সিন্ধিয়া
আঞ্চলিক খাদ্য প্ৰণালীৰ কৌশলৰ এক সংহত পদ্ধতিৰ প্ৰয়োজন
Posted On:
19 NOV 2025 6:40PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী(ড’নাৰ) শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বিত, অংশগ্ৰহণমূলক আৰু প্ৰভাৱশালী বিকাশৰ অৰ্থে চৰকাৰৰ কৌশলৰ অংশ হিচাপে ১৯ নৱেম্বৰ, ২০২৫ত দুখন উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত অংশগ্ৰহণ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সন্মতিৰ ভিত্তিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ নেতৃত্বত ৮টা উচ্চস্তৰীয় টাস্ক ফ’ৰ্চ (এইচএলটিএফ) গঠন কৰা হয়।
মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় কুমাৰ ভল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত এইচএলটিএফৰ ক্ৰীড়া বৈঠকত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী ৰক্ষা খাদছে; মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী শ্ৰী. লালংহিংলোভা হ’মাৰ; মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী শ্ৰী শকলিয়াৰ ৱাৰজৰি; ড'নাৰ মন্ত্ৰালয়ৰ সচিব আৰু অসম চৰকাৰ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে।
এই বৈঠকত 'এক ক্ৰীড়া, এক ৰাজ্য'ৰ দৃষ্টিভংগী শক্তিশালী কৰা হয়। প্ৰতিখন অংশগ্ৰহণকাৰী ৰাজ্যই সামগ্ৰিক, সম্পূৰ্ণ বিকাশৰ বাবে এটা মূল শাখা নিৰ্বাচন কৰে। এই পৰিকাঠামোৰ ওপৰত ভিত্তি কৰি মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰী ৰাজ্যসমূহক মিজোৰাম (ফুটবল), মণিপুৰ (বক্সিং আৰু ভাৰোত্তোলন), ত্ৰিপুৰা (জুডো), মেঘালয় (আৰ্চাৰী), নাগালেণ্ড (আৰ্চাৰী আৰু টাইকোৱাণ্ডো) আৰু ছিকিম (টাইকোৱাণ্ডো) ৰ দৰে নিৰ্বাচিত শাখাসমূহৰ সৈতে সংলগ্ন হৈ থকা ক্ষুদ্ৰ প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ ভাৱে কাম কৰি এই প্ৰস্তাৱসমূহ ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী আৰু সচিবসকলে যুটীয়াভাৱে প্ৰস্তুত কৰিব লাগিব আৰু ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী খাদছে আৰু ছাইৰ সঞ্চালকপ্ৰধানৰ সমন্বয়, মালিকানা আৰু বহনক্ষমতা নিশ্চিত কৰিব।
মন্ত্ৰীগৰাকীয়ে এই দিশত গুৰুত্ব আৰোপ কৰি কয় যে এই ৰোডমেপে ৰাজ্যসমূহৰ মাজত ফুটবল, ভাৰোত্তোলন, জুডো, আৰ্চাৰী আৰু টাইকোৱানডো আদিৰ দৰে সাদৃশ্যসমূহ চিনাক্ত কৰি অঞ্চলটোৰ প্ৰাকৃতিক শক্তিৰ ব্যৱহাৰ কৰিব লাগিব আৰু মন্ত্ৰীৰ স্পষ্ট দায়বদ্ধতাৰে ক্ৰীড়াকেন্দ্ৰিক কৌশল প্ৰস্তুত কৰিব লাগিব। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰস্তাৱটোত ৬০-৪০ আৰ্হি গ্ৰহণ কৰিব লাগিব য'ত ৬০% মানৱ সম্পদ বিকাশ, বিশ্বমানৰ প্ৰশিক্ষণ, প্ৰতিভা সন্ধান আৰু প্ৰযুক্তিসক্ষম প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু কেৱল ৪০% শাৰীৰিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ'ব। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আন্তঃগাঁথনি থকাৰ পাছতো প্ৰকৃত ক্ৰীড়া উৎকৃষ্টতাৰ বাবে উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা, ক্ৰীড়াবিদকেন্দ্ৰিক পদ্ধতি আৰু অত্যাধুনিক প্ৰযুক্তিৰ সংহতকৰণৰ প্ৰয়োজন। মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে, "এই কৌশলৰ আধাৰত আমি এক স্পষ্ট আৰু লক্ষ্য নিৰ্ধাৰিত প্ৰস্তাৱ প্ৰস্তুত কৰিব লাগিব। এই ক্ষেত্ৰত এটা ৬০-৪০ বিভাজন হ'ব লাগে, য'ত ৬০ শতাংশ কোচিং আৰু প্ৰযুক্তি সক্ষম গাইডেন্স প্ৰদানকাৰীৰ বাবে উৎসৰ্গিত হ'ব লাগে, আৰু মাত্ৰ ৪০ শতাংশ আন্তঃগাঁথনিৰ বাবে উৎসৰ্গিত হ'ব লাগে। সমগ্ৰ দেশতে সুবিধাসমূহ আছে যদিও প্ৰকৃত অগ্ৰাধিকাৰ হৈছে উচ্চমানৰ প্ৰশিক্ষণ আৰু ফলপ্ৰসূ মানৱ হস্তক্ষেপ। এইটো অতি প্ৰয়োজনীয় কাৰণ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ পিছতো, খেলুৱৈসকলে প্ৰায়ে উন্নত, মানৰ প্ৰশিক্ষণ নাপায় যি তেওঁলোকক আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰয়োজন। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে এই লক্ষ্যত উপনীত হ'বলৈ পূৰ্ণ সহযোগিতা আগবঢ়াব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিখন ৰাজ্যকে প্ৰাক-বিদ্যালয়, বিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি আন্তঃৰাজ্যিক প্ৰদৰ্শনী, প্ৰতিযোগিতা আৰু বিনিময় কাৰ্যসূচীকে ধৰি ব্লক পৰ্যায়ৰ প্ৰতিযোগিতালৈকে এক বিস্তৃত ক্ৰীড়া কেলেণ্ডাৰ প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। তেওঁ উত্তৰ-পূবৰ ৰাজ্যসমূহে চিনাক্ত কৰা ক্ৰীড়াক প্ৰসাৰিত কৰাৰ বাবে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ আহ্বান জনায়, এই দৃষ্টিভংগীৰে যে অনাগত বছৰবোৰত অঞ্চলটোৰ পৰা অন্ততঃ এটা খেল ৰাষ্ট্ৰীয় কেছ ষ্টাডী হিচাপে আত্মপ্ৰকাশ কৰিব। শ্ৰী সিন্ধিয়াই লগতে কয় যে এই ৰণনীতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এক বৃহৎ দৃষ্টিভংগীৰ সৈতে প্ৰতিখন ৰাজ্যৰে এক নিৰ্বাচিত শাখাত এক ক্ষুদ্ৰ, গভীৰ দৃষ্টিভংগীৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি তৃণমূল পৰ্যায়ৰ পৰা উচ্চতম পৰ্যায়লৈ উৎকৃষ্টতাক উন্নীত কৰিব লাগে।
এই আলোচনাসমূহে সমন্বিত পৰিকল্পনা, প্ৰতিভা বিকাশ আৰু লক্ষ্য বিনিয়োগৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া সম্ভাৱনা মুকলি কৰাৰ বাবে চৰকাৰৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰে, যাৰ ফলত অঞ্চলটোৱে উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়াৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ পথ প্ৰশস্ত হোৱাৰ লগতে ২০৪৭ৰ ভিতৰত বিকশিত ভাৰতৰ দৃষ্টিভংগীত উল্লেখযোগ্য অৱদান আগবঢ়াব।
দুগ্ধ, কণী, মাছ, মাংসত স্বাৱলম্বীতা সম্পৰ্কীয় এইচএলটিএফৰ বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ সভাপতিত্ব কৰে। বৈঠকত ড'নাৰ মন্ত্ৰালয়ৰ সচিব আৰু নাগালেণ্ডৰ মীন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে।
টাস্ক ফ’ৰ্চে আঠখন ৰাজ্যৰ বাবে বিশদ চাহিদা-যোগান বিশ্লেষণ চলাই একমাত্ৰিক দৃষ্টিভংগীৰ ঊৰ্ধ্বত এক সামগ্ৰিক কাঠামোৰ আধাৰ স্থাপন কৰে। আলোচনাত সংযোগ আৰু লজিষ্টিক, আন্তঃগাঁথনি আৰু মূল্য শৃংখল, মানৱ সম্পদ, উৰ্বৰতা আৰু উৎপাদনশীলতা বৃদ্ধি আৰু ঋণৰ সুবিধা আৰু ব্যক্তিগত বিনিয়োগ সম্প্ৰসাৰণৰ সুযোগ আদি অন্তৰ্ভুক্ত কৰা হয়। এই সংহত পদ্ধতি অঞ্চলটোৰ খাদ্য ব্যৱস্থাৰ কৌশলৰ বাবে অতি প্ৰয়োজনীয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে, "আমাৰ লক্ষ্য হৈছে উত্তৰ-পূবৰ বাবে এক সংযুক্ত, দক্ষ আৰু সুস্থিৰ খাদ্য পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা যিয়ে জীৱিকা শক্তিশালী কৰে, বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰে আৰু প্ৰতিজন নাগৰিকৰ বাবে উন্নত পুষ্টি নিশ্চিত কৰে।"
দ্ৰুত অগ্ৰগতি নিশ্চিত কৰিবলৈ এই বৈঠকত দুগ্ধ, কণী আৰু হাঁহ-কুকুৰা, মাংস, আৰু মীনপালনৰ সৈতে জড়িত প্ৰতিটো সামগ্ৰীৰ শ্ৰেণীৰ বাবে দুখন ৰাজ্যত হস্তক্ষেপ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয। ইয়াৰ ফলত সঠিক সময়ৰ অভিজ্ঞতা সৃষ্টি হ’ব যিবোৰক সমগ্ৰ অঞ্চলটোত এক মাত্ৰা প্ৰদান কৰি অধিক সঠিক আৰু প্ৰমাণভিত্তিক বিকাশ নিশ্চিত কৰিব পৰা যাব।
বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্যিক বিভাগ আৰু ব্যক্তিগত অংশীদাৰসকলৰ সমন্বিত অংশগ্ৰহণৰ সৈতে এক স্পষ্ট ৰূপায়ণ গাঁথনিৰো ৰূপৰেখা প্ৰস্তুত কৰা হয়। প্ৰতিটো হস্তক্ষেপ মূল্য শৃংখলৰ নিৰ্দিষ্ট পৰ্যায়ৰ সৈতে সংযুক্ত কৰা হ’ব, যাৰ ফলত উৎপত্তিৰ পৰা শেষ গ্ৰাহকলৈকে স্পষ্টভাৱে নিৰ্ধাৰিত দায়িত্ব নিশ্চিত কৰা হ’ব। তিনিটা অংশীদাৰৰ যৌথ অৱদানৰ সৈতে এই পৰীক্ষামূলক প্ৰকল্পসমূহৰ বাবে বিত্তীয় উপাদানসমূহো একেদৰেই গঠন কৰা হ’ব।
আলোচনাত উত্তৰ-পূৰ্বাঞ্চলক এক সংহত বজাৰ হিচাপে চোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উদ্বৃত্ত অঞ্চলৰ পৰা ঘাটি অঞ্চললৈ যোগানৰ প্ৰবাহৰ উন্নতি, প্ৰতিখন ৰাজ্যৰ প্ৰতিযোগিতামূলক শক্তিৰ স্বীকৃতি আৰু ৰাজ্যৰ ভিতৰত আৰু ৰাজ্যৰ মাজত শক্তিশালী বাণিজ্যিক সংযোগ আদিয়ে অঞ্চলটোৰ এক সংহত খাদ্য অৰ্থনীতি হিচাপে কাম কৰাৰ ক্ষমতাক শক্তিশালী কৰিব। সময়ৰ লগে লগে এই সংহত বজাৰ পদ্ধতিয়ে দক্ষ লজিষ্টিক, বিস্তৃত বজাৰ প্ৰৱেশ আৰু অধিক অৰ্থনৈতিক সুযোগৰ পোষকতা কৰিব।
মন্ত্ৰী সিন্ধিয়াই প্ৰতিখন ৰাজ্যৰ অন্তৰ্দৃষ্টিৰ পৰা শক্তি আহৰণ কৰি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞতাৰ সৈতে একত্ৰিত কৰি সামগ্ৰিক পন্থা গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। অধিবেশনৰ সামৰণিত তেওঁ কয়, “উৎপাদন শক্তিশালী, মূল্য শৃংখল উন্নীত আৰু লজিষ্টিক দিশত উন্নত কৰি আমি এনে ভৱিষ্যতৰ ভেটি স্থাপন কৰিছো, য’ত উত্তৰ-পূবৰ খাদ্য অৰ্থনীতি আত্মনিৰ্ভৰশীল, বজাৰ-প্ৰস্তুত আৰু অংশীদাৰী সমৃদ্ধিৰ দ্বাৰা পৰিচালিত হ’ব।”






******
Prashant Sharma(AD)/DB
(Release ID: 2191938)
Visitor Counter : 5