ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
পেঞ্চনাৰসকলক ডিজিটেলভাৱে সবলীকৰণৰ অৰ্থে অসমকে প্ৰমুখ্য কৰি ২,০০০ খন চহৰত ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৪.০-ৰ শুভাৰম্ভ
Posted On:
02 NOV 2025 1:02PM by PIB Guwahati
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ (DoPPW)-ৰ ২০২৫-ৰ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে ৰাষ্ট্ৰজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) অভিযান ৪.০ অব্যাহত আছে। চেচুৰেচন-ভিত্তিক আউটৰিচ পদ্ধতিৰ জৰিয়তে প্ৰায় দুই কোটি পেঞ্চনাৰৰ কাষ চপাৰ লক্ষ্যৰে ২,০০০-ৰো অধিক চহৰ আৰু নগৰত এই অভিযান অনুষ্ঠিত হ’ব। অসমতো এই অভিযানৰ শুভাৰম্ভ হ’ব। ইয়াৰ অংশস্বৰূপে নগাঁও আৰু গুৱাহাটীত ডিএলচি কেম্পৰ আয়োজন কৰা হ’ব। মন্ত্ৰালয়ৰ জ্যেষ্ঠ সঞ্চালক (আইটি) শ্ৰী অনিল বানচালে ক্ৰমে ৩ আৰু ৪ নৱেম্বৰ, ২০২৫-ত উক্ত শিবিৰসমূহ ভ্ৰমণেৰে ব্যৱস্থাসমূহৰ পৰ্য্যালোচনা, পেঞ্চনাৰসকলৰ সৈতে মত-বিনিময় আৰু বেংক, ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংক (ডাক বিভাগ), ইউআইডিএআই, এনআইচি তথা স্থানীয় পেঞ্চনাৰ কল্যাণ সংস্থাসমূহৰ মাজৰ সমন্বয়ৰ তদাৰক কৰি কেম্পসমূহৰ ফলপ্ৰসূ কাৰ্য্যপন্থা নিশ্চিত কৰিব।
ডিএলচি অভিযান ৪.০ হৈছে চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আৰু ইজ অৱ লিভিং দৃষ্টিভংগীৰে সংগতি ৰাখি পেঞ্চনাৰসকলৰ ডিজিটেল সবলীকৰণক প্ৰসাৰিতকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা এক ধ্বজাবাহী পদক্ষেপ। ইয়াত আধাৰ-ভিত্তিক ফেচ প্ৰমাণীকৰণ প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত পেঞ্চনাৰসকলে কোনো বাঅ’মেট্ৰিক ডিভাইচৰ প্ৰয়োজনীয়তা অবিহনেই নিজৰ জীৱন প্ৰমাণপত্ৰ ডিজিটেলভাৱে জমা দিব পাৰে। ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংকৰ দুৱাৰদলিতে ডিএলচি সেৱাৰ জৰিয়তে বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে-সক্ষম পেঞ্চনাৰসকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত সকলোৰে বাবে সুগমতা আৰু সুবিধা নিশ্চিত হৈছে।
এই অভিযানৰ অধীনত বেংক, ইণ্ডিয়া প’ষ্ট পেমেন্টছ বেংক, ইউআইডিএআই, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY), এনআইচি, চিজিডিএ, ৰেলৱে আৰু পেঞ্চনাৰ কল্যাণ সংস্থাসমূহকে প্ৰমুখ্য কৰি মূল-মূল অংশীদাৰসকল একত্ৰিত হৈ পেঞ্চনাৰসকলৰ ডিজিটেল অন্তৰ্ভুক্তিৰ অৰ্থে গভীৰ সমন্বয়ৰে কাম কৰিছে। এনআইচি ডিএলচি পৰ্টেলে অভিযানৰ সময়ছোৱাত ভিন্ন সংস্থাই সৃষ্টি কৰা ডিজিটেল লাইফ চাৰ্টিফিকেটসমূহৰ বাস্তৱ-সময়ৰ নিৰীক্ষণ ব্যৱস্থা প্ৰশস্ত কৰিছে।
*****
PG/SB
(Release ID: 2185628)
Visitor Counter : 4