নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫-এ সেউজ বিকাশ, বন্দৰ আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা জাহাজ নিৰ্মাণ অংশীদাৰিত্বক থূপাই-প্ৰদৰ্শন কৰিছে

“ভাৰতে নেট জিৰ’ ভিজনৰ অধীনত ২০৪৭-ৰ ভিতৰত প্ৰতি টন কাৰ্গ’ত ৭০% কাৰ্বন নিৰ্গমন হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে”: সৰ্বানন্দ সোণোৱাল

ভাৰতে ছিংগাপুৰ, ৰটাৰডেমৰ সৈতে সেউজ জাহাজ পৰিবহণ কৰিডৰৰ শুভাৰম্ভ; বন্দৰৰ নিৰ্গমন ৰোধৰ বাবে প্ৰথম ৰাষ্ট্ৰীয় তীৰ শক্তি মানদণ্ড মুকলি কৰিছে

ভাৰতে আইএমডব্লিউ, ২০২৫-ত সেউজ জাহাজ, জাহাজ নিৰ্মাণ আৰু প্ৰযুক্তি সহযোগিতা বৃদ্ধিৰ বাবে নৰৱে, ছুইডেনৰ সৈতে সামুদ্ৰিক সম্পৰ্ক গভীৰ কৰিছে

ভাৰতীয় নৌসেনাৰ বাবে লেণ্ডিং প্লেটফৰ্ম ডক স্থাপনৰ অৰ্থে মাজাগাঁও ডক আৰু শ্বোৱান ডিফেন্সৰ মাজত ভাৰতৰ প্ৰথমখন বৃহৎ পিপিপি চুক্তি সম্পন্ন হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আইএমডব্লিউ-ত গ্ল’বেল মেৰিটাইম লিডাৰ্ছ কনক্লেভ সম্বোধন কৰিব

Posted On: 28 OCT 2025 7:47PM by PIB Guwahati

ভাৰত সামুদ্ৰিক সপ্তাহ (IMW), ২০২৫ হৈছে ভাৰত চৰকাৰে বহনক্ষমতা, উদ্ভাৱন, নিৰাপত্তা আৰু সামুদ্ৰিক ৰূপান্তৰৰ প্ৰতি দায়বদ্ধতা পুনৰ দৃঢ়কৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ইয়াত বন্দৰৰ আন্তঃগাঁথনি, সেউজ শক্তি আৰু প্ৰতিৰক্ষা জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নীতি-নিৰ্ধাৰক, চিন্তাশীল নেতৃত্ব আৰু সামুদ্ৰিক বিশেষজ্ঞসকলৰ আলোচনা কাৰ্য্যই প্ৰযুক্তি, সহযোগিতা আৰু জলবায়ু দায়বদ্ধতাৰ জৰিয়তে বিশ্ব সামুদ্ৰিক ৰূপান্তৰৰ নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ উচ্চাকাংক্ষাকে সূচিত কৰিছে। আজি গ্ৰীন মেৰিটাইম, অভ্যন্তৰীণ জলপথ, সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা, ক্ৰুজ আৰু যাত্ৰী অৰ্থনীতি তথা বিশ্ব যোগান শৃংখলক সুদৃঢ়কৰণ আদি বিষয়ক অধিৱেশন অনুষ্ঠিত হয়।

সেউজ সামুদ্ৰিক দিৱসঃ নেট জিৰ’-ৰ প্ৰতি ভাৰতৰ অংগীকাৰ

সেউজ সামুদ্ৰিক দিৱসৰ অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বহনক্ষম আৰু স্থিতিস্থাপক সামুদ্ৰিক ভৱিষ্যৎ গঢ়ি তুলিবলৈ অটল মনোনিৱেশ কাৰ্য্যত আলোকপাত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “সেউজ সামুদ্ৰিক দিৱস হৈছে গ্লবেল শ্বিপিঙৰ এক স্বচ্ছ আৰু অধিক বহনক্ষম ভৱিষ্য গঢ়ি তুলিবলৈ আমাৰ উমৈহতীয়া সংকল্পক সুদৃঢ়কৰণৰ এটা দিন।”

সোণোৱালে উল্লেখ কৰে যে ভাৰতৰ সামুদ্ৰিক খণ্ড ইয়াৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে পৰিগণিত হৈছে। আয়তনৰ হিচাপত ৰাষ্ট্ৰৰ ৯৫%-ৰো অধিক বাণিজ্য সাগৰেদি সম্পন্ন হয়। ২০৭০-ৰ ভিতৰত নেট জিৰ’ লক্ষ্যৰ দিশত ভাৰতে ২০৩০-ৰ ভিতৰত প্ৰতি টন কাৰ্গ’ত ৩০% কাৰ্বন নিৰ্গমন আৰু ২০৪৭-ৰ ভিতৰত ৭০% হ্ৰাসৰ পৰিকল্পনা কৰিছে। ইয়াৰ ফলশ্ৰুতিত খণ্ডটো জলবায়ু কাৰ্য্যৰ মূল চালিকাশক্তি হিচাপে পৰিগণিত হৈছে।

সোণোৱালে কয় যে সাগৰমালা কাৰ্য্যসূচী, সামুদ্ৰিক ভাৰত দৃষ্টিভংগী-২০৩০, হৰিৎ সাগৰ গাইডলাইন আৰু সামুদ্ৰিক অমৃত কাল দৃষ্টিভংগী, ২০৪৭-ৰ দৰে ধ্বজাবাহী পদক্ষেপৰাজিয়ে ভাৰতৰ সামুদ্ৰিক বিকাশৰ মূলতে বহনক্ষমতা, উদ্ভাৱন আৰু জলবায়ু দায়বদ্ধতাক প্ৰোথিত কৰিছে।

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ জৰিয়তে ভাৰতে ভিঅ’চি, পাৰাদ্বীপ আৰু দীনদয়াল বন্দৰক সেউজ হাইড্ৰজেন হাব হিচাপে নিৰ্ধাৰণেৰে স্বচ্ছ ইন্ধন অৰ্থনীতিৰ ভেটি স্থাপন কৰিছে। সমগ্ৰ দেশতে ১২ নিযুত মেট্ৰিক টনৰো অধিক সেউজ হাইড্ৰজেন-ভিত্তিক ই-ইন্ধন ক্ষমতা ঘোষণা কৰা হৈছে, বন্দৰসমূহে উৎপাদন, বাংকাৰিং আৰু ৰপ্তানিৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ ফলশ্ৰুতিত ঔদ্যোগিক বিকাশ আৰু সেউজ নিয়োগৰ সৃষ্টি হৈছে।

সৰ্বানন্দ সোণোৱালে কয়, “আমি অমৃত কাল, ২০৪৭-ৰ অভিমুখে অগ্ৰসৰ হোৱাৰ লগে-লগে আমি কেৱল সামুদ্ৰিক ক্ষমতা সম্প্ৰসাৰণেই নহয়, বৰঞ্চ ইয়াক সেউজ, স্মাৰ্ট আৰু অধিক স্থিতিস্থাপক কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ মূল বিশ্বব্যাপী বাণিজ্যিক পথসমূহত স্বচ্ছ শক্তি বাণিজ্যৰ জৰিয়তে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহক সংযোগ কৰি ভাৰত সেউজ জাহাজ পৰিবহণৰ কৰিডৰৰ কেন্দ্ৰ হ’বলৈ সাজু হৈছে।”

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় তীৰ-শক্তি মানদণ্ডই জাহাজসমূহক ডক হৈ থকাৰ সময়ত স্বচ্ছ বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম কৰিব, ইয়াৰ ফলশ্ৰুতিত বন্দৰৰ কাষৰ নিৰ্গমন বহু পৰিমাণে হ্ৰাস পাব। জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষৰ দৰে বন্দৰসমূহে বেটাৰী-চালিত ট্ৰাক আৰু বৈদ্যুতিক লজিষ্টিক ব্যৱস্থাৰে শূন্য-নিৰ্গমন কাৰ্য্যকলাপৰ দিশত এই পৰিৱৰ্তনক আগুৱাই নিছে।

সৰ্বানন্দ সোণোৱালে কয়, “সামুদ্ৰিক ৰূপান্তৰৰ অৰ্থে চৰকাৰ, উদ্যোগ, অৰ্থদাতা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অগ্ৰদূতসকলৰ মাজত অংশীদাৰিত্বৰ আৱশ্যক। আমি একেলগে আমাক সংযোগ কৰা সাগৰসমূহে আমাক উদ্দেশ্যৰ ক্ষেত্ৰটো একত্ৰিত কৰাটো নিশ্চিত কৰিব পাৰোঁ— আমি এনে এটা ভৱিষ্য গঢ়ি তুলিব লাগিব, যিয়ে সামুদ্ৰিক বাণিজ্যই সমৃদ্ধি আৰু বহনক্ষমতা উভয়কে আগুৱাই নিয়ে

ইয়াত পাঁচ গুৰুত্বপূৰ্ণ প্ৰতিবেদন উন্মোচন কৰা হয়, ইয়াত সেউজ হাইড্ৰজেন, ই-ইন্ধন, শূন্য-নিৰ্গমন ট্ৰাকিং, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু সেউজ বন্দৰৰ কৰ্মক্ষমতাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ছুইডেন দেশৰ অধিৱেশনত এআই-চালিত স্বয়ংক্ৰিয়কৰণ, এলএনজি আৰু সেউজ ইন্ধন তথা স্মাৰ্ট বন্দৰ পৰিচালনাত গুৰুত্ব আৰোপেৰে উদ্ভাৱন-নেতৃত্বাধীন বিকাশ আৰু স্বচ্ছ শক্তি পৰিৱৰ্তনক চালিত কৰা অংশীদাৰিত্বত মনোনিৱেশ কৰা হয়। ছুইডেনে বৈদ্যুতিক জাহাজ, এআই-ভিত্তিক স্বয়ংক্ৰিয়কৰণ আৰু স্মাৰ্ট বন্দৰ ব্যৱস্থাত সহযোগিতা আগবঢ়াইছে। এই কাৰ্য্যই সেউজ আৰু ডিজিটেল সামুদ্ৰিক ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপক সূচিত কৰিছে।

২০২৫-ত শুভাৰম্ভ কৰা ছিংগাপুৰ আৰু ৰটাৰডেমৰ সৈতে ভাৰতৰ সেউজ আৰু ডিজিটেল জাহাজ কৰিডৰ (GDSC)-এ বহনক্ষম সামুদ্ৰিক বাণিজ্যৰ বাবে বিশ্বব্যাপী অংশীদাৰিত্বক অধিক গভীৰ কৰিব আৰু সেউজ আন্তঃগাঁথনিত বিনিয়োগক ত্বৰান্বিত কৰিব। নৰৱে আৰু ছুইডেন দেশ অধিৱেশনৰ জৰিয়তে উত্তৰ ইউৰোপৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক কূটনীতি প্ৰদৰ্শন কৰা হয়। ইয়াত জাহাজৰ মালিক, প্ৰযুক্তি সংস্থা আৰু উদ্ভাৱন সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

এই অধিৱেশনত ভাষণ প্ৰদানেৰে সৰ্বানন্দ সোণোৱালে কয়, “মূল বিশ্বব্যাপী বাণিজ্যিক পথসমূহত স্বচ্ছ শক্তি বাণিজ্যৰ জৰিয়তে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহক সংযোগ কৰি ভাৰত সেউজ জাহাজ পৰিবহণৰ কৰিডৰৰ কেন্দ্ৰ হ’বলৈ সাজু হৈছে। এই সুযোগৰ সদ্ব্যৱহাৰৰ বাবে ভাৰতে ছিংগাপুৰ আৰু নেদাৰলেণ্ডৰ সৈতে সেউজ আৰু ডিজিটেল জাহাজ কৰিডৰ (GDSC) আৰম্ভ কৰিছে। এনে অংশীদাৰিত্বই বিনিয়োগৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব আৰু বিশ্ব বাণিজ্য তথা বহনক্ষম বিকাশৰ মাজত সেতুবন্ধনেৰে ভাৰতৰ স্থিতিক সুদৃঢ় কৰিব।”

প্ৰতিৰক্ষা জাহাজ নিৰ্মাণ খণ্ডত ভাৰতীয় নৌসেনাৰ বাবে লেণ্ডিং প্লেটফৰ্ম ডক (LPD) স্থাপনৰ বাবে মাজাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড আৰু শ্বোৱান ডিফেন্স এণ্ড হেভী ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মাজত এখনি গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ অধীনত ৰাজহুৱা খণ্ডৰ উত্তৰাধিকাৰৰ সৈতে ব্যক্তিগত খণ্ডৰ সামৰ্থ্যৰ সংমিশ্ৰণেৰে প্ৰতিৰক্ষা জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত এয়াই হৈছে প্ৰথম বৃহৎ ৰাজহুৱা–ব্যক্তিগত (PPP) সহযোগিতা।

ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫ আগবঢ়াৰ লগে-লগে অংশীদাৰিত্ব আৰু নীতি ঘোষণাসমূহে একেলগে ভাৰতৰ সামুদ্ৰিক ৰূপান্তৰৰ বাবে এক বিস্তৃত ৰূপৰেখা নিৰ্ধাৰণ কৰিছে— যি বহনক্ষম, অন্তৰ্ভুক্ত আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক।

সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ সামুদ্ৰিক নৱজাগৰণ বহনক্ষমতা, উদ্ভাৱন আৰু সহযোগিতা আধাৰিতআজি ঘোষণা কৰা পদক্ষেপসমূহে ভাৰতৰ সামুদ্ৰিক বিকাশে যাতে অৰ্থনীতি আৰু পৰিবেশ উভয়কে উপকৃত কৰে, তাৰ প্ৰতি আমাৰ দায়বদ্ধতাকে পুনৰ দৃঢ় কৰিছে। ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫-ৰ দ্বিতীয় দিনটোত ভাৰতৰ বহনক্ষম, প্ৰযুক্তি-চালিত সুনীল অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান নেতৃত্ব সন্দৰ্ভত আলোকপাত কৰা হয়।

বন্দৰসমূহ ৰূপান্তৰৰ ইঞ্জিন” শীৰ্ষক কাৰিকৰী অধিৱেশনত বন্দৰসমূহক ঔদ্যোগিক বিকাশ, উদ্ভাৱন, আৰু আঞ্চলিক সংযোগৰ অনুঘটক হিচাপে অভিহিত কৰা হয়। আলোচনাসমূহৰ জৰিয়তে ডিজিটেল প্ৰযুক্তিসমূহক একত্ৰিত কৰা, জলবায়ু-স্থিতিস্থাপক আন্তঃগাঁথনিৰ বিকাশ সাধন আৰু বন্দৰ-চালিত ঔদ্যোগিক কৰিডৰসমূহক উন্নীত কৰিবলৈ মাল্টি-মডেল সংযোগক সুদৃঢ়়কৰণত গুৰুত্ব আৰোপ কৰা হয়।

“অভ্যন্তৰীণ বাণিজ্যৰ পুনৰুজ্জীৱন”-ত বিশেষজ্ঞসকলে লজিষ্টিক ব্যয় হ্ৰাস কৰা আৰু সেউজ পৰিবহণৰ প্ৰসাৰত অভ্যন্তৰীণ জলপথসমূহৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (IWAI) আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু কাৰ্গ’ অনুকূলনত গুৰুত্ব আৰোপেৰে ৰাষ্ট্ৰীয় জলপথত কাৰ্য্যকলাপ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে।

সাগৰৰ ৰক্ষক” অধিৱেশনে সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তাক বহনক্ষম সাগৰীয় শাসনৰ কেন্দ্ৰবিন্দু হিচাপে অভিহিত কৰে। আইএমঅ’ আৰু ৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিসকলে চাইবাৰ ভাবুকি আৰু স্বায়ত্তশাসিত জাহাজ নিয়ন্ত্ৰণকে প্ৰমুখ্য কৰি উদীয়মান বিপদাশংকাসমূহৰ সম্পৰ্কে আলোচনাৰ লগতে সু-সংহত সুৰক্ষা পদ্ধতিৰ বাবে এইচএছএছচি ব্যৱস্থাপনা মানদণ্ড প্ৰকাশ কৰে।

ক্ৰুজ আৰু যাত্ৰী অৰ্থনীতি” বিষয়ক অধিৱেশনে উপকূলীয় আৰু নদী ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাৰাজি সম্পৰ্কে অন্বেষণ কৰে। ইয়াত সু-শৃংখলিত নীতি-নিয়ম, উন্নত বন্দৰ-চহৰৰ আন্তঃগাঁথনি আৰু দ্ৰুত প্ৰকল্প অনুমোদনৰ বাবে একক-খিৰিকী ব্যৱস্থাৰ আহ্বান জনোৱা হয়। কৰ্ডেলিয়া ক্ৰুজে ২০৩১-ৰ ভিতৰত ১০ খন জাহাজলৈ সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কথা ঘোষণাৰে কোচিন আৰু ভিজাগক নতুন ঘৰুৱা বন্দৰ হিচাপে সংযোজন কৰে।

ইফালে, “বিশ্ব যোগান শৃংখলক সুদৃঢ়কৰণ”-এ বন্দৰ আৰু লজিষ্টিক নেটৱৰ্কসমূহৰ মাজেৰে ডিজিটেল সংহতিত গুৰুত্ব আৰোপ কৰে। ইয়াত স্থিতিস্থাপকতা আৰু বহনক্ষমতাৰ বাবে স্মাৰ্ট আৰু সেউজ বাণিজ্যিক কৰিডৰৰ পোষকতা কৰা হয়।

আলোচনাত ডিজিটাইজেচন, ডিকাৰ্বনাইজেচন, দক্ষতা বিকাশক ভাৰতৰ সামুদ্ৰিক ৰূপান্তৰৰ মূল স্তম্ভ হিচাপে গুৰুত্ব আৰোপ কৰা হয়। কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক অধিৱেশনত বন্দৰ, মীন, লজিষ্টিক আৰু জাহাজ নিৰ্মাণৰ মাজেৰে আঞ্চলিক সামুদ্ৰিক সুযোগ প্ৰদৰ্শনেৰে ভাৰতৰ সুনীল অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ ভূমিকাত আলোকপাত কৰা হয়।

দ্বিতীয় দিনটোৰ সামৰণিৰ লগে-লগে ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫-এ প্ৰযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাৰ দ্বাৰা পৰিচালিত সুনীল অৰ্থনীতিৰ প্ৰতি দেশৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ইয়াত ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ সৈতে বিশ্বব্যাপী উত্তম পদ্ধতিসমূহৰ সংমিশ্ৰণেৰে স্বচ্ছ, অধিক স্থিতিস্থাপক ভৱিষ্যতৰ পোষকতা কৰা হয়।

আইএমডব্লিউ, ২০২৫-ৰ তৃতীয় দিনা প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল মেৰিটাইম লিডাৰ্ছ কনক্লেভ সম্বোধন কৰিব।

* * *

PIB Mumbai | JPS / PN / DR/SB
 


(Release ID: 2183619) Visitor Counter : 3