গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে ‘অনুপ্ৰৱেশ, জনগাঁথনিগত পৰিৱৰ্তন, আৰু গণতন্ত্ৰ’ বিষয়ক ‘নৰেন্দ্ৰ মোহন সোঁৱৰণী বক্তৃতা’ প্ৰদান কৰে

হিন্দু, শিখ, খ্ৰীষ্টান, বৌদ্ধ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰাটো দেশৰ নেতাসকলে দিয়া প্ৰতিশ্ৰুতি আছিল, যিটো মোদী জীয়ে চিএএৰ জৰিয়তে পূৰণ কৰিছিল

বিৰোধী দলসমূহে চিএএক লৈ মিছা কথা প্ৰচাৰ কৰিছিল যদিও মোদী জীয়ে চিএএ আনি দশক দশক ধৰি চলি অহা শাসনৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিছিল

স্বাধীনতাৰ পিছত পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা প্ৰতিজন সংখ্যালঘুৰ ভাৰতত আশ্ৰয় গ্ৰহণ কৰাৰ অধিকাৰ আছে

শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীৰ মাজত যথেষ্ট পাৰ্থক্য আছে; তেওঁলোকক কেনেকৈ একেদৰে চাব পাৰি?

শৰণাৰ্থী হ’ল ধৰ্মীয় নিৰ্যাতনৰ বাবে অহা লোক, আনহাতে অনুপ্ৰৱেশকাৰী হ’ল অৰ্থনৈতিক বা অন্যান্য কাৰণত অবৈধভাৱে প্ৰৱেশ কৰা লোক

অবৈধভাৱে দেশত প্ৰৱেশ কৰা কোনো লোকক বাধা দিয়াটো আমাৰ কৰ্তব্য, কাৰণ ভাৰত এখন দেশ , ধৰমশালা নহয়

এই দেশৰ প্ৰতি ভাৰতীয়ৰ যিমান অধিকাৰ আছে, পাকিস্তান আৰু বাংলাদেশৰ হিন্দুৰো ইয়াত সমান অধিকাৰ আছে

গুজৰাট আৰু ৰাজস্থানো সীমান্তৱৰ্তী ৰাজ্য, কিন্তু অনুপ্ৰৱেশৰ কেন্দ্ৰবিন্দু হৈছে ভোট-বেংক ৰাজনীতিৰ দ্বাৰা পৰিচালিত পশ্চিম বংগ

কিছুমান ৰাজনৈতিক দলে অনুপ্ৰৱেশকাৰীক দেশৰ বাবে ভাবুকি বুলি নাভাবে বৰঞ্চ ভোটবেংক বুলিহে ভাবে

Posted On: 10 OCT 2025 10:06PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীত ‘অনুপ্ৰৱেশ, জনগাঁথনিগত পৰিৱৰ্তন আৰু গণতন্ত্ৰ’ বিষয়ক ‘নৰেন্দ্ৰ মোহন সোঁৱৰণী বক্তৃতা’ প্ৰদান কৰাৰ লগতে জাগৰণ সাহিত্য সৃজন বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে শোভা বৰ্ধন কৰে । এই উপলক্ষে  আয়োজিত অনুষ্ঠানত বহু গণ্য-মান্য  ব্যক্তি উপস্থিত থাকে।

 

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে অনুপ্ৰৱেশ, জনগাঁথনি পৰিৱৰ্তন আৰু গণতন্ত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। তেওঁ  কয় যে যেতিয়ালৈকে প্ৰতিজন ভাৰতীয়, বিশেষকৈ দেশৰ যুৱক-যুৱতীসকলে এই বিষয়সমূহ বুজি নাপায় আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা সমস্যাসমূহৰ প্ৰতি সচেতন নহয়, তেতিয়ালৈকে আমি আমাৰ দেশ, সংস্কৃতি, ভাষা, স্বাধীনতাৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰো। তেওঁ লগতে কয় যে এই তিনিটা বিষয় গভীৰভাৱে আন্তঃসংলগ্ন।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰতত ১৯৫১, ১৯৭১, ১৯৯১, আৰু ২০১১ চনত লোকপিয়ল কৰা হৈছিল, য’ত আৰম্ভণিৰে পৰাই ধৰ্মৰ বিষয়ে অনুসন্ধান কৰাৰ পৰম্পৰা আছিল। তেওঁ উল্লেখ কৰে যে ১৯৫১ চনত যেতিয়া এই সিদ্ধান্ত লোৱা হৈছিল তেতিয়া তেওঁৰ দলটোও গঠন হোৱা নাছিল। দেশৰ বিভাজন নহ’লে হয়তো ধৰ্মৰ ওপৰত ভিত্তি কৰি লোকপিয়ল চলোৱাৰ প্রয়োজন নাথাকিলহেঁতেন বুলিও তেওঁ কয়৷ কিন্তু যিহেতু এই বিভাজন ধৰ্মীয় ভিত্তিত সংঘটিত হৈছিল, সেয়েহে তেতিয়াৰ শাসকীয় দলৰ নেতাসকলে ১৯৫১ চনৰ লোকপিয়লত ধৰ্মক অন্তৰ্ভুক্ত কৰাটো উপযুক্ত বুলি বিবেচনা কৰিছিল। শ্ৰী শ্বাহে আলোকপাত কৰে যে ১৯৫১ চনৰ লোকপিয়লত হিন্দু জনসংখ্যা ৮৪ শতাংশ, আনহাতে মুছলমান জনসংখ্যা ৯.৮ শতাংশ। ১৯৭১ চনলৈকে হিন্দু জনসংখ্যা ৮২ শতাংশলৈ হ্ৰাস পালে, আৰু মুছলমান জনসংখ্যা ১১ শতাংশলৈ বৃদ্ধি পালে। ১৯৯১ চনত হিন্দু জনসংখ্যা ৮১ শতাংশ, আৰু মুছলমান জনসংখ্যা ১২.২ শতাংশলৈ বৃদ্ধি পায়। ২০১১ চনলৈকে হিন্দু জনসংখ্যা আৰু অধিক হ্ৰাস পাই ৭৯ শতাংশ হ’ল, আনহাতে মুছলমান জনসংখ্যা ১৪.২ শতাংশ হ’ল। এইদৰে হিন্দু জনসংখ্যাৰ যথেষ্ট হ্ৰাস পোৱা গৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে মুছলমান জনসংখ্যা ২৪.৬ শতাংশ হাৰত বৃদ্ধি পোৱাৰ বিপৰীতে হিন্দু জনসংখ্যা ৪.৫ শতাংশ হ্ৰাস পাইছে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই হ্ৰাস প্ৰজননৰ হাৰৰ বাবে নহয় , বৰঞ্চ অনুপ্ৰৱেশৰ বাবেহে হৈছে। যেতিয়া ভাৰত বিভাজন হৈছিল তেতিয়া ধৰ্মৰ ওপৰত ভিত্তি কৰি দুয়োপক্ষই পাকিস্তান গঠন হৈছিল আৰু পিছলৈ বাংলাদেশ আৰু পাকিস্তানলৈ বিভক্ত হৈছিল। তেওঁ উল্লেখ কৰে যে দুয়োপক্ষৰ অনুপ্ৰৱেশৰ ফলত জনসংখ্যাৰ ইমান উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। শ্ৰী শ্বাহে কয় যে ১৯৫১ চনৰ পৰা ২০১১ চনলৈকে লোকপিয়লত পৰ্যবেক্ষণ কৰা সকলো ধৰ্মৰ জনসংখ্যা বৃদ্ধিৰ বৈষম্যৰ মূল কাৰণ হৈছে অনুপ্ৰৱেশ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমি আমাৰ চুবুৰীয়া দেশ পাকিস্তান আৰু বাংলাদেশৰ পৰিস্থিতিৰ প্ৰতিও গুৰুত্ব দিব লাগিব। তেওঁ কয় যে ১৯৫১ চনত পাকিস্তানত হিন্দু জনসংখ্যা ১৩ শতাংশ হোৱাৰ বিপৰীতে আন সংখ্যালঘু লোকৰ সংখ্যা ১.২ শতাংশ। এতিয়া পাকিস্তানত হিন্দু জনসংখ্যা হ্ৰাস পাইছে মাত্ৰ ১.৭৩ শতাংশলৈ। তেওঁ আৰু কয় যে বাংলাদেশত ১৯৫১ চনত হিন্দু জনসংখ্যা ২২ শতাংশ আছিল, যিটো বৰ্তমান ৭.৯ শতাংশলৈ হ্ৰাস পাইছে। শ্ৰী শ্বাহে লগতে কয় যে আফগানিস্তানত সেই সময়ত ২.২ লাখ হিন্দু আৰু শিখ আছিল, যিটো এতিয়া মাত্ৰ ১৫০ জনলৈ হ্ৰাস পাইছে।গৃহমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে যে এই দেশসমূহত হিন্দু জনসংখ্যা হ্ৰাস পোৱাটো ধৰ্মান্তৰকৰণৰ বাবে হোৱা নাই; তেওঁলোকৰ বহুতেই ভাৰতত আশ্ৰয় লৈছে। আনহাতে ভাৰতত মুছলমান জনসংখ্যা বৃদ্ধিৰ কাৰণ প্ৰজনন হাৰৰ বাবে নহয় বৰঞ্চ দেশত মুছলমান ব্যক্তিৰ বৃহৎ পৰিসৰৰ অনুপ্ৰৱেশৰ বাবেহে।

 

শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া ভাৰত বিভাজন হৈছিল তেতিয়া দুয়োখন দেশে সকলো ধৰ্ম পালনৰ স্বাধীনতা নিশ্চিত কৰিব বুলি একমত হৈছিল। তেওঁ কয় যে ভাৰতত এই স্বাধীনতা ৰক্ষা কৰা হৈছে, সংবিধানৰ ১৯ ​​আৰু ২০ নং অনুচ্ছেদে সকলোকে সুৰক্ষা প্ৰদান কৰিছে। কিন্তু পাকিস্তান আৰু বাংলাদেশে নিজকে ইছলামিক দেশ বুলি ঘোষণা কৰি ইছলামক নিজৰ ৰাজ্যিক ধৰ্ম হিচাপে গ্ৰহণ কৰে। তেওঁ আলোকপাত কৰে যে তাত অসংখ্য অত্যাচাৰ আৰু নিৰ্যাতনৰ দৃষ্টান্ত সংঘটিত হৈছিল, যাৰ ফলত হিন্দুসকলে পলায়ন কৰি ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হৈছিল। তেওঁ আৰু কয় যে স্বাধীনতাৰ লগে লগে সকলো ভাৰতীয় নেতাই প্ৰতিশ্ৰুতি দিছিল যে চলি থকা বিশৃংখলতা আৰু বৃহৎ পৰিসৰৰ সংঘৰ্ষৰ বাবে তৎক্ষণাত মানুহ আহিব নালাগে। অৱশ্যে যেতিয়াই তেওঁলোকে পিছত আহিবলৈ বাছি লৈছিল, তেতিয়াই ভাৰতে তেওঁলোকক গ্ৰহণ কৰিছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে এই প্ৰতিশ্ৰুতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰিত নেহৰু-লিয়াকট চুক্তিৰ অংশ আছিল। এইসকল লোক ভাৰতত উপস্থিত হোৱাৰ সময়ত তেওঁলোকক শৰণাৰ্থী হিচাপে গ্ৰহণ কৰা হৈছিল যদিও নাগৰিকত্ব প্ৰদান কৰা হোৱা নাছিল। শ্ৰী শ্বাহে লগতে কয় যে চাৰিটা প্ৰজন্মৰ পাছতো তেওঁলোকে নাগৰিকত্ব লাভ কৰা নাই। গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে যেতিয়া তেওঁৰ দলে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেতিয়া নাগৰিকত্ব সংশোধনী আইন (CAA) প্ৰণয়ন কৰা হয়, আৰু তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা হয়।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে  চিএএ  কাৰো নাগৰিকত্ব কাঢ়ি লোৱা নহয় বৰঞ্চ নাগৰিকত্ব প্ৰদানৰ বাবে ৰচনা কৰা এক কাৰ্যসূচী। তেওঁ স্পষ্ট কৰি দিয়ে যে এই আইনখনত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, বা আন কোনো সম্প্ৰদায়ক নাগৰিকত্ব বঞ্চিত কৰাৰ কোনো ব্যৱস্থা নাই। তেওঁ জোৰ দি কয় যে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰা। শ্ৰী শ্বাহে কয় যে ১৯৫১ চনৰ পৰা ২০১৪ চনলৈকে হোৱা ঐতিহাসিক ভুলসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত চৰকাৰে সমাধান কৰিছিল। তেওঁ উল্লেখ কৰে যে যিসকলে ভাৰতত শৰণাৰ্থী হিচাপে বসবাস কৰি আছিল, সেয়া আইনগতভাৱে হওক বা অবৈধভাৱে হওক, তেওঁলোকক দীৰ্ঘম্যাদী ভিছাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁলোকক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, আৰু তাৰ পিছত তেওঁলোকক নাগৰিকত্ব প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰা হয়।

 

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে ১৯৫১ চনৰ পৰা ২০১৯ চনলৈকে ভাৰতীয়সকলে কৰা ভুলৰ প্ৰায়শ্চিত্ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল। শ্ৰী শ্বাহে আলোকপাত কৰে যে কেইবাটাও প্ৰজন্ম ধৰি শৰণাৰ্থীসকলে নিজৰ নামত সম্পত্তি কিনিব পৰা নাছিল, চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছিল, চৰকাৰী ৰেচন লাভ কৰিব পৰা নাছিল, চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰা হোৱা নাছিল। গৃহমন্ত্ৰীয়ে প্ৰশ্ন কৰে, এই ২.৫ৰ পৰা ৩ কোটি লোকৰ দোষ কি? বিভাজনৰ পূৰ্বে তেওঁলোকৰ লগত পৰামৰ্শ লোৱা হোৱা নাছিল। ধৰ্মীয় ভিত্তিত দেশ বিভাজনৰ সিদ্ধান্ত ভাৰতীয় সংসদে নহয়, তেতিয়াৰ শাসকীয় দলটোৱেহে লৈছিল, তথাপিও এই সিদ্ধান্তই চাৰিটা প্ৰজন্মৰ বাবে জনসাধাৰণক কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁ লগতে কয় যে  চিএএ  প্ৰৱৰ্তনৰ সময়ত ইয়াক বদনাম কৰাৰ চেষ্টা কৰা হৈছিল। উল্লেখযোগ্য বিৰোধিতা সত্ত্বেও আজি চিএএ ৰ অস্তিত্ব আছে, আৰু এই দেশত সকলো শৰণাৰ্থীৰ নাগৰিকত্বৰ অধিকাৰ আছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীক একে শ্ৰেণীত গণ্য কৰা উচিত নহয়। আমাৰ সংবিধানৰ অধীনত তেওঁলোকৰ অধিকাৰ, নিজৰ ধৰ্ম ৰক্ষাৰ বাবে আশ্ৰয় বিচাৰি ভাৰতলৈ অহা ব্যক্তিক শৰণাৰ্থী বুলি কোৱা হয়। ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন নোহোৱা আৰু অৰ্থনৈতিক বা অন্যান্য কাৰণত অবৈধভাৱে দেশত প্ৰৱেশ কৰিব বিচৰাসকল অনুপ্ৰৱেশকাৰী বুলি তেওঁ স্পষ্ট কৰি দিয়ে। শ্ৰী শ্বাহে কয় যে কেৱল হিন্দুই নহয় বৌদ্ধ, শিখ, খ্ৰীষ্টানসকলো ভাৰতলৈ আহিছে তেওঁলোকৰ বিশ্বাস ৰক্ষাৰ বাবে। সেয়েহে চিএএত এনে সকলো ব্যক্তিকে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গৃহমন্ত্ৰীয়ে কয় যে যদি পৃথিৱীৰ প্ৰতিজন ব্যক্তিক ইয়ালৈ আহিবলৈ দিয়া হয়, তেন্তে দেশখন ধৰমশালালৈ পৰিণত হ’ব, আৰু ই সুচাৰুৰূপে চলিব নোৱাৰিব। তেওঁ উল্লেখ কৰে যে ভাৰতত প্ৰৱেশৰ স্বাধীনতা সকলোকে দিব নোৱাৰি, কিন্তু বিভাজনৰ প্ৰেক্ষাপটত পাকিস্তান আৰু বাংলাদেশত অন্যায়ৰ সন্মুখীন হোৱাসকলক ইয়াত আদৰণি জনোৱা হৈছে। শ্ৰী শ্বাহে আৰু কয় যে পাকিস্তান আৰু বাংলাদেশৰ পৰা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টানসকলৰ এই দেশৰ মাটিৰ ওপৰত থকা অধিকাৰ তেওঁৰ নিজৰ অধিকাৰৰ সমান।

 

শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ সংবিধানত অতি স্পষ্ট যে এই দেশৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ধৰ্ম অনুসৰি নিজৰ ঈশ্বৰক পূজা কৰাৰ অধিকাৰ আছে, আৰু ইয়াত কোনেও হস্তক্ষেপ কৰা উচিত নহয়। তেওঁ কয় যে যিসকলে এই দেশত থাকিবলৈ বাছি লয়, সেয়া মুছলমান হওক বা আন যিকোনো ধৰ্মৰ হওক, তেওঁলোকৰ নাগৰিকত্ব সম্পৰ্কে কোনো প্ৰশ্নৰ সন্মুখীন নহয় আৰু কোনো অসুবিধাৰ সন্মুখীন নহয়। কিন্তু যদিহে ব্যক্তিয়ে অনুপ্ৰৱেশৰ জৰিয়তে প্ৰৱেশ কৰে বা বিভিন্ন অবৈধ উপায় ব্যৱহাৰ কৰি প্ৰৱেশ লাভ কৰে তেন্তে তেওঁলোকক অনুপ্ৰৱেশকাৰী বুলি লেবেল লগোৱাটো নিশ্চিত। শ্ৰী শ্বাহে কয় যে পাকিস্তান বা বাংলাদেশৰ যিকোনো ধৰ্মৰ ব্যক্তিয়ে যদি পাছপ’ৰ্ট আৰু ভিছা লৈ আইনী উপায়েৰে আবেদন কৰে তেন্তে চৰকাৰে তেওঁলোকৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰি নাগৰিকত্ব প্ৰদান কৰিব। কিন্তু ব্যক্তিয়ে যদি অবৈধভাৱে অনুপ্ৰৱেশ কৰে তেন্তে ভাৰতৰ সীমান্ত ছিদ্ৰযুক্ত হৈ থাকিব নোৱাৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমান জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ হাৰ আছিল ২৯.৬ শতাংশ, যিটো অনুপ্ৰৱেশৰ অবিহনে সম্ভৱ নহ’লহেঁতেন। তেওঁ উল্লেখ কৰে যে পশ্চিম বংগৰ কেইবাখনো জিলাত এই বৃদ্ধিৰ হাৰ ৪০ শতাংশ অতিক্ৰম কৰিছে। সীমান্ত জিলাসমূহত বৃদ্ধিৰ হাৰ ৭০ শতাংশ পৰ্যন্ত হয়। গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ঝাৰখণ্ডত জনজাতীয় জনসংখ্যাৰ যথেষ্ট হ্ৰাসৰ কাৰণ অনুপ্ৰৱেশ। শ্ৰী শ্বাহে এই কথাত গুৰুত্ব আৰোপ কৰে যে অনুপ্ৰৱেশৰ দৰে জটিল বিষয় এটা কেৱল কেন্দ্ৰীয় চৰকাৰে মোকাবিলা কৰিব নোৱাৰে। তেওঁ কয় যে সীমান্তৰ বেৰ স্থাপনৰ দৰে পদক্ষেপ লোৱা কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব হ’লেও ভৌগোলিক অঞ্চলত য’ত বেৰ দিয়া সম্ভৱ নহয়, তেনে ক্ষেত্ৰত স্থানীয় ৰাজ্য চৰকাৰে অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰে।

 

বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ কথা উল্লেখ কৰি শ্ৰী অমিত শ্বাহে কয় যে ই কোনো ৰাজনৈতিক বিষয় নহয় বৰঞ্চ ৰাষ্ট্ৰীয় বিষয়। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে যদি কোনো ব্যক্তিয়ে অবৈধভাৱে দেশত প্ৰৱেশ কৰে আৰু জিলা প্ৰশাসনে তেওঁলোকক চিনাক্ত কৰাত ব্যৰ্থ হয় তেন্তে অনুপ্ৰৱেশ কেনেকৈ বন্ধ কৰিব পাৰি। তেওঁ আঙুলিয়াই দিয়ে যে গুজৰাট আৰু ৰাজস্থানতো সীমান্ত আছে, তথাপিও তাত অনুপ্ৰৱেশ কিয় নহয়? শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীৰ পাৰ্থক্য বুজিব নোৱাৰাসকলে নিজৰ বিবেকক প্ৰতাৰণা কৰা বুলি তেওঁ জোৰ দিয়ে। কিছুমান ৰাজনৈতিক দলে অনুপ্ৰৱেশকাৰীৰ মাজত দেশৰ বাবে ভাবুকি নহয় বৰঞ্চ ভোট বেংকহে দেখা পায়। শ্ৰী শ্বাহে স্পষ্ট কৰি দিলে যে এছ আই আৰ কোনো নতুন পদক্ষেপ নহয়; ১৯৫১ চনৰ পৰাই ই চলি আছে। এছ আই আৰ পৰিচালনা কৰাটো নিৰ্বাচন আয়োগৰ দায়িত্ব। তেওঁ উল্লেখ কৰে যে সংবিধানে নিৰ্বাচন আয়োগক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে, যিটো ভোটাৰৰ সংজ্ঞা অনুসৰি ভোটাৰ তালিকা প্ৰস্তুত হ’লেহে সম্ভৱ। শ্ৰী শ্বাহে উল্লেখ কৰে যে যেতিয়া অনুপ্ৰৱেশকাৰীসকলক আমাৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়, তেতিয়া তেওঁলোক দেশৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশগ্ৰহণকাৰী হৈ পৰে। তেওঁ লগতে কয় যে যেতিয়া ভোটদানৰ ভিত্তি জাতিৰ স্বাৰ্থ নহয় তেতিয়া গণতন্ত্ৰ কেতিয়াও সফল হ’ব নোৱাৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আমাৰ দেশ ভূ-ৰাজনৈতিক স্বভাৱৰ ভিত্তিত গঠন হোৱা নাছিল বৰঞ্চ ভূ-সাংস্কৃতিক দেশ। ইয়াৰ আত্মাক বুজিবলৈ হ’লে আমি ৰাষ্ট্ৰৰ সীমাৰ বাহিৰত কাম কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে ধৰ্মৰ ভিত্তিত দেশ বিভাজন কৰাটো তেতিয়াৰ শাসকীয় দলৰ গুৰুতৰ ভুল। তেওঁ লগতে কয় যে ভাৰত মাতৃৰ দুই বাহু বিচ্ছিন্ন কৰি ইংৰাজৰ ষড়যন্ত্ৰ সফল হ’ল। ধৰ্ম আৰু জাতীয়তা পৃথকে ৰাখিব লাগিছিল আৰু তেনে নকৰাৰ বাবেই এই সকলোবোৰ বিবাদৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আৰু কয় যে ১৯৫০ চনৰ পৰা তেওঁৰ দলে ডিটেক্ট, ডিলিট আৰু ডিপোৰ্ট তিনিটা নীতি গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে চৰকাৰে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিব, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব, আৰু পৰৱৰ্তী সময়ত তেওঁলোকক নিজৰ দেশলৈ বিতাড়িত কৰাৰ কাম কৰিব। শ্ৰী শ্বাহে জোৰ দি কয় যে ভোটাধিকাৰ কেৱল এই দেশৰ নাগৰিককহে প্ৰদান কৰিব লাগে।

 

শ্ৰী অমিত শ্বাহে কয় যে বৃহৎ সংখ্যক অনুপ্ৰৱেশকাৰীয়ে কোনো দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে। সীমান্তৱৰ্তী অঞ্চলৰ ৰাজনীতি আৰু আইন-শৃংখলা দুয়োটা পৰিস্থিতিতে প্ৰভাৱ পেলাইছে। তেওঁ লগতে কয় যে চহৰ অঞ্চলত অনুপ্ৰৱেশকাৰীয়ে ভাৰতৰ দৰিদ্ৰ শ্ৰমিকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। শ্ৰী শ্বাহে কয় যে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা জনগাঁথনিগত পৰিৱৰ্তন অধ্যয়নৰ বাবে উচ্চ শক্তিসম্পন্ন অভিযান গঠনৰ কথা ঘোষণা কৰিছিল। তেওঁ বুজাই দিলে যে এই জনগাঁথনি পৰিৱৰ্তন অভিযানে অনুপ্ৰৱেশকাৰীৰ ফলত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ বৈজ্ঞানিক মূল্যায়ন কৰিব। তদুপৰি ধৰ্মীয় আৰু সামাজিক জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি জনগাঁথনিগত পৰিৱৰ্তনৰ সম্ভাৱ্য কাৰণসমূহ বিশ্লেষণ কৰি অস্বাভাৱিক বসতিৰ আৰ্হি আৰু ইয়াৰ সমাজত দীৰ্ঘম্যাদী প্ৰভাৱ পৰীক্ষা কৰা তথা সীমান্ত ব্যৱস্থাপনাৰ ওপৰত বোজাৰ মূল্যায়ন কৰি শেষত ভাৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হ’ব।

 

 

RK/PS/PR/DM


(Release ID: 2177687) Visitor Counter : 4
Read this release in: English , Gujarati , Kannada