কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
azadi ka amrit mahotsav

আইআইচিএ-ৰ ‘জনজাতীয় উন্নয়নৰ বাবে চিএছআৰ উৎকৃষ্টতা’ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনীৰ সামৰণি

২য় আইআইচিএ চিএছআৰ দিৱস উপলক্ষে আয়োজিত এই সন্মিলনত সমাজ-কেন্দ্ৰিক চিএছআৰ পদক্ষেপৰ জৰিয়তে অন্তৰ্ভুক্ত, সহযোগিতামূলক আৰু বহনক্ষম বিকাশৰ আহ্বান জনোৱা হয়

ডিপিই-ৰ সচিব শ্ৰী কে. মোজেছ চালাইয়ে চিএছআৰ ব্যয় সন্দৰ্ভত ডিপিই-ৰ নীতি-নিৰ্দেশনাত আলোকপাতেৰে স্পষ্ট উদ্দেশ্য, পৰিমাপযোগ্য লক্ষ্যৰ আহ্বান জনাই সু-স্পষ্ট সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱ নিশ্চিত কৰিবলৈ আহ্বান জনায়

এমচিএ-ৰ সচিব শ্ৰীমতী দীপ্তি গৌৰ মুখাৰ্জীয়ে জনজাতীয় উন্নয়নক আগুৱাই নিবলৈ নীতি-নিৰ্ধাৰক, উদ্যোগৰ নেতা আৰু সমাজৰ পৰিকল্পনাকাৰীসকলক একত্ৰিতকৰণেৰে এখনি সহযোগিতামূলক মঞ্চ স্থাপনৰ বাবে আইআইচিএ-ক প্ৰশংসা কৰে

“চিএছআৰে আৰ্থিক বৰঙণিৰো বাহিৰলৈ গৈ প্ৰযুক্তিগত আৰু পৰিচালনাৰ বিশেষজ্ঞতা প্ৰদানত মনোনিৱেশেৰে কাৰ্য্যকলাপসমূহে পুঁজি-ভিত্তিক ক্ৰমতকৈ অগ্ৰাধিকাৰ লাভ কৰাটো নিশ্চিত কৰিব লাগে”- আইআইচিএ-ৰ ডিজি আৰু চিইঅ’ শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিং

Posted On: 08 OCT 2025 2:30PM by PIB Guwahati

৭ অক্টোবৰত নতুন দিল্লীত জনজাতীয় উন্নয়নৰ বাবে চিএছআৰ উৎকৃষ্টতা সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনীৰ সামৰণি অধিবেশন সম্পন্ন হয়। ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেয়াৰ্ছে (IICA) এই কাৰ্য্যসূচীৰ আয়োজন কৰে। ইয়াত কৰ্পৰেটৰ সামাজিক দায়বদ্ধতা (CSR)-ৰ জৰিয়তে জনজাতীয় কল্যাণক আগুৱাই নিয়াৰ ক্ষেত্ৰত মূল স্তম্ভ হিচাপে সহযোগিতা, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপ কৰা হয়।

মহাত্মা গান্ধীৰ জয়ন্তীৰ স্মৰণত ভাৰতৰ ২য় বাৰ্ষিক চিএছআৰ দিৱস উপলক্ষে আয়োজিত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখনিত চৰকাৰ, উদ্যোগ, শৈক্ষিক মহল আৰু নাগৰিক সমাজৰ ৪০০-ৰো অধিক প্ৰতিনিধি একত্ৰিত হৈ জনজাতীয় উন্নয়ন আৰু বহনক্ষম জীৱিকাৰ বাবে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰাজিৰ সৈতে চিএছআৰ কৌশলসমূহক সংপৃক্তকৰণৰ সম্পৰ্কে আলোচনা কৰা হয়।

সামৰণি সন্ধিয়া থলুৱা পৰম্পৰাৰ শক্তি আৰু বহনক্ষম ভৱিষ্যৎ গঢ়াত ইয়াৰ ভূমিকাত আলোকপাতেৰে ভাৰতৰ জনজাতীয় ঐতিহ্যক উদযাপনেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ইয়াত বিশেষ ভাষণ প্ৰদানেৰে ভাৰত চৰকাৰৰ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ (DPE) সচিব শ্ৰী কে. মোজেছ চালাইয়ে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক (CPSE) দীৰ্ঘম্যাদী, বহনক্ষম চিএছআৰ পদক্ষেপৰ জৰিয়তে জনজাতীয় সমাজৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ বিকশিত ভাৰত, ২০৪৭-ৰ সৈতে সংগতি ৰাখি আত্মনিৰ্ভৰশীল জনজাতীয় অৰ্থনীতিৰ অনুঘটক হিচাপে দক্ষতা বিকাশ, উদ্যমিতা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ ফলপ্ৰসূ পৰিকল্পনা, নিৰীক্ষণ আৰু ফলাফলৰ মূল্যায়নতো গুৰুত্ব আৰোপেৰে চিপিএছই-সমূহক ৰাজ্য আৰু জিলা প্ৰশাসন, কৰ্পৰেট তথা নাগৰিক সমাজৰ সৈতে সহযোগিতা কৰিবলৈ উৎসাহিত কৰে। তেওঁ অংশীদাৰসকলক নতুন অংগীকাৰেৰে জনজাতীয় উন্নয়ন অভিযানক আগবঢ়াই নিবলৈ আহ্বান জনাই, যাৰ ফলত চিএছআৰ সৰ্বাংগীন ৰাষ্ট্ৰীয় বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব।

ইয়াত সামৰণি ভাষণ প্ৰদানেৰে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী দীপ্তি গৌৰ মুখাৰ্জীয়ে জনজাতীয় উন্নয়নক আগুৱাই নিবলৈ নীতি-নিৰ্ধাৰক, উদ্যোগৰ নেতা আৰু সমাজৰ পৰিকল্পনাকাৰীসকলক একত্ৰিতকৰণেৰে এখনি সহযোগিতামূলক মঞ্চ স্থাপনৰ বাবে আইআইচিএ-ক প্ৰশংসা কৰে। চৰকাৰ আৰু কৰ্পৰেট প্ৰচেষ্টাৰ মাজৰ সহযোগিতা বৃদ্ধি, প্ৰকল্পৰ মেপিং, সহযোগিতাৰ সুযোগ চিনাক্তকৰণ তথা উত্তম পদ্ধতি আৰু প্ৰভাৱৰ কাহিনীসমূহৰ আদান-প্ৰদান কাৰ্য্যক প্ৰশস্ত কৰিবলৈ তেওঁ এক ইন্টাৰেক্টিভ ডিজিটেল প্লেটফৰ্ম (চিএছআৰ এক্সচেঞ্জৰ নতুন ৰূপ) সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়ায়। প্লেটফৰ্মৰ পুনৰ নিৰ্মাণ আৰু শক্তিশালীকৰণত অৰিহণা যোগাবলৈ তেওঁ স্বেচ্ছাসেৱকসকলক আহ্বান জনায়।

শ্ৰীমতী মুখাৰ্জীয়ে কয় যে চিএছআৰ পদক্ষেপসমূহৰ দীৰ্ঘম্যাদী বহনক্ষমতাৰ বাবে সমাজৰ অংশগ্ৰহণ মূল। প্ৰকল্পৰ ডিজাইনৰ পৰা কাৰ্য্যকৰীকৰণলৈকে সমাজসমূহক জড়িত কৰিবলৈ, স্থানীয় নেতৃত্বক সুদৃঢ় কৰিবলৈ আৰু অংশগ্ৰহণমূলক, সমাজৰ মালিকানাধীন আৰ্হিসমূহক প্ৰসাৰিত কৰিবলৈ পৰিকল্পনাকাৰীসকলক আহ্বান জনায়। জনজাতীয় সমাজৰ সম্ভাৱনাত আলোকপাতেৰে তেওঁ জনজাতীয় নেতৃত্ব, আত্মনিৰ্ভৰশীলতা আৰু সাংস্কৃতিকভাৱে সংবেদনশীল দৃষ্টিভংগীক অগ্ৰাধিকাৰ প্ৰদানৰ আহ্বান জনায়।

 

আইআইচিএ-ৰ সঞ্চালক প্ৰধান আৰু চিইঅ’ শ্ৰী জ্ঞানেশ্বৰ কুমাৰ সিঙে সন্মিলনৰ বিষয়বস্তু সন্দৰ্ভত বিশদভাৱে আলোচনাৰে বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG)-ৰে সামঞ্জস্যপূৰ্ণ তথ্য-চালিত আৰু ফলাফলমুখী চিএছআৰৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ কয় যে চিএছআৰে আৰ্থিক বৰঙণিৰো বাহিৰলৈ গৈ প্ৰযুক্তিগত আৰু পৰিচালনাৰ বিশেষজ্ঞতা প্ৰদানত মনোনিৱেশেৰে কাৰ্য্যকলাপসমূহে পুঁজি-ভিত্তিক ক্ৰমতকৈ অগ্ৰাধিকাৰ লাভ কৰাটো নিশ্চিত কৰিব লাগে। শ্ৰী সিঙে কয় যে কেতবোৰ অঞ্চল বিশেষকৈ উত্তৰ-পূবে সীমিত চিএছআৰ পুঁজি লাভ কৰি আহিছে। সেয়েহে তেওঁ ভৌগোলিকভাৱে অধিক সুষম আৰু প্ৰয়োজনভিত্তিক হস্তক্ষেপ গ্ৰহণৰ আহ্বান জনায়। তেওঁ সমাজৰ সামৰ্থ্য বিকাশ আৰু বাস্তৱ-সময়ৰ নিৰীক্ষণৰ বাবে এআই আৰু বিশ্লেষণৰ অভিযোজনাৰ গুৰুত্বত আলোকপাত কৰে, লগতে বহনক্ষম, দীৰ্ঘম্যাদী প্ৰভাৱক আগুৱাই নিবলৈ চৰকাৰ–কৰ্পৰেট সহযোগিতাক গভীৰকৰণৰ পোষকতা কৰে। তেওঁ লগতে গৱেষণা আৰু উদ্ভাৱনত অধিক বিনিয়োগৰ আহ্বান জনায়, দক্ষতা বিকাশ আৰু জৰুৰী সমাজৰ প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে ব্যক্তিগত খণ্ডৰ সক্ৰিয় অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে। শ্ৰী সিঙে এক সহযোগিতামূলক কাঠামোৰ পোষকতা কৰে, যি কাঠামোয়ে একাধিক অংশীদাৰক একত্ৰিতকৰণেৰে বিকশিত ভাৰত, ২০৪৭-ত অৰিহণা যোগোৱা প্ৰভাৱশালী চিএছআৰ পদক্ষেপসমূহৰ পৰিকল্পনা কৰিব।

ইউনিচেফ ভাৰতৰ সম্পদ সংগঠন আৰু অংশীদাৰিত্বৰ মুৰব্বী শ্ৰী বো বেইস্কজাৰে কয় যে চিএছআৰ হৈছে দাতব্য অৱদানৰ পৰিৱৰ্তে এক ৰূপান্তৰশীল আহিলা, যিয়ে জনজাতীয় উন্নয়নক মানৱ অধিকাৰ আৰু শিশুৰ অধিকাৰৰ সৈতে সংযোগ কৰে। তেওঁ কৰ্পৰেট, চৰকাৰী আৰু নাগৰিক সমাজৰ মাজত সহযোগিতামূলক, সহ-সৃষ্টিশীল সমাধানৰ প্ৰয়োজনীয়তাত আলোকপাতেৰে জনজাতীয় সন্তানসকলৰ স্বাস্থ্য, শিক্ষা আৰু নিয়োগযোগ্যতাৰ ফলাফলৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত ইউনিচেফৰ অংগীকাৰৰাজিত গুৰুত্ব আৰোপ কৰে। বেইস্কজাৰে কয় যে চিএছআৰ-ৰ পদক্ষেপসমূহে মৰ্য্যাদা, সমতা আৰু অন্তৰ্ভুক্তি অক্ষুণ্ণ ৰাখিব লাগিব। যিয়ে এখনি অন্তৰ্ভুক্ত আৰু উন্নত ভাৰত গঢ়ি তোলাৰ দিশত পৰিমাপযোগ্য অৱদান নিশ্চিত কৰিব লাগিব।

আইআইচিএ-ৰ স্কুল অৱ বিজনেছ এনভাৰমেন্টৰ মুৰব্বী ডঃ গৰিমা দাধিচে প্ৰতিবেদন দাখিলেৰে চিএছআৰ জনজাতীয় সবলীকৰণৰ বাবে এক কৌশলগত, তথ্য-চালিত আৰু প্ৰযুক্তি-সংহত আহিলা হ’ব লাগে বুলি কয়। তেওঁ পৰামৰ্শমূলক প্ৰকল্প ডিজাইনৰ পোষকতা কৰে, যিয়ে সামাজিক-সাংস্কৃতিক প্ৰসংগক সন্মান জনাব, পৰম্পৰাগত শিল্পকলা আৰু জিআই-টেগ যুক্ত সামগ্ৰীক সমৰ্থনেৰে দীৰ্ঘম্যাদী প্ৰভাৱ নিশ্চিত কৰিব।

ইয়াত শলাগৰ শৰাই জ্ঞাপনেৰে ডঃ দাধিচে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় আৰু ৰাজহুৱা উদ্যোগ বিভাগ, মুখ্য অংশীদাৰ এইচচিএল ফাউণ্ডেচন, প্ৰদৰ্শনী অংশীদাৰ ট্ৰাইফেড (ভাৰতৰ জনজাতীয় সমবায় বিপণন উন্নয়ন ফেডাৰেচন লিমিটেড), আন-আন অংশীদাৰ গেইল (ইণ্ডিয়া) লিমিটেড, পাৰ্টনাৰ্ছ ইন চেঞ্জ, ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড, অমৃতা বিশ্ব বিদ্যাপীথম, ইউনিচেফ, স্পাৰ্ক মিণ্ডা ফাউণ্ডেচন, ৩৪ প্ৰদৰ্শক, সকলো অংশগ্ৰহণকাৰী আৰু আইআইচিএ-ৰ মূল আয়োজক টীমক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

*****

NB/AD/SB
 


(Release ID: 2176368) Visitor Counter : 5
Read this release in: English , Urdu , Hindi , Marathi