গৃহ মন্ত্ৰালয়
সামৰণি পৰিল আইন প্ৰয়োগকাৰী আৰু ডিজিটেল ফৰেনছিকত উদ্ভাৱনক শক্তিশালী কৰাৰ বাবে ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট (বিপিআৰ এণ্ড ডি)-এ আয়োজন কৰা চিচিটিভি ছাৰ্ভিলেন্স হেকাথন ২.০ৰ
Posted On:
30 SEP 2025 6:56PM by PIB Guwahati
নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এনচিআৰবি) আৰু চাইবাৰপীচ ফাউণ্ডেশ্যনৰ সহযোগত ব্যুৰো অৱ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে নতুন দিল্লীত চিচিটিভি ছাৰ্ভিলেন্স, ছিকিউৰিটি এণ্ড ফৰেনছিক হেকাথন ২.০ৰ গ্ৰেণ্ড ফাইনেল সফলতাৰে আয়োজন কৰে।

বিপিআৰ এণ্ড ডিৰ সঞ্চালক প্ৰধান শ্ৰী আলোক ৰঞ্জনে উদ্বোধন কৰা এই দুদিনীয়া অনুষ্ঠানে জ্যেষ্ঠ বিষয়া, শিক্ষাবিদ আৰু উদ্যোগ বিশেষজ্ঞসকলক একত্ৰিত কৰি ভাৰতীয় আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ প্ৰয়োজন অনুসৰি থলুৱা, সুৰক্ষিত, পৰিমাপযোগ্য আৰু ব্যয় বহনক্ষম চিচিটিভি সমাধানৰ বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ৭৬৮টা দলে (৭৩৯টা শৈক্ষিক আৰু ২৯টা উদ্যোগৰ পৰা অহা) অংশগ্ৰহণ কৰা হেকাথনে মহিলাৰ অংশগ্ৰহণৰ লগতে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ বিষয়ত আলোকপাত কৰে আৰু চাৰিটা মূল ক্ষেত্ৰত উদ্ভাৱনীমূলক পদ্ধতি প্ৰদৰ্শন কৰে, সেয়া হৈছে: এআই-সক্ষম নিৰীক্ষণ, ছাৰ্ভিলেন্স নেটৱৰ্কৰ চাইবাৰ সুৰক্ষা, ব্যয়-বহনক্ষম আৰ্হি আৰু থলুৱা হাৰ্ডৱেৰ সমাধান। 
বিশেষভাবে তালিকাভুক্ত কৰাৰ পিছত ১০টা চূড়ান্ত প্ৰতিযোগী দলে জুৰীৰ সৈতে ডেমো আৰু প্ৰশ্নোত্তৰ অধিৱেশনৰ জৰিয়তে নিজৰ ধাৰণাসমূহ উপস্থাপন কৰে, যিয়ে ডিজিটেল প্ৰমাণ আৰু ফৰেনছিক ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ উদ্ভাৱকসকলৰ অপৰিসীম সম্ভাৱনাৰ দিশটোক প্ৰতিফলিত কৰে।
অনুষ্ঠানত ভাষণ দি বিপিআৰ এণ্ড ডিৰ সঞ্চালক প্ৰধান শ্ৰী আলোক ৰঞ্জনে আঙুলিয়াই দিয়ে যে এই হেকাথনে পুলিচিঙৰ ক্ষেত্ৰত উদ্ভাৱনক লালন-পালন কৰা আৰু প্ৰযুক্তি তথা কাৰ্যক্ষেত্ৰত বলৱৎকৰণৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে বিপিআৰ এণ্ড ডিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

এডিজি শ্ৰী ৰবি জোচেফ লক্কুৱে উদীয়মান নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত যুৱ মনৰ ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ লগতে চাইবাৰপীচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা গ্ল’বেল প্ৰেচিডেণ্ট মেজৰ বিনীত কুমাৰে জনসাধাৰণৰ সুৰক্ষা তথা স্থিতিস্থাপকতাক সমৰ্থন কৰিবলৈ অধিক স্মাৰ্ট, ঘৰতে উৎপাদিত প্ৰযুক্তি গঢ়ি তোলাৰ গুৰুত্বৰ বিষয়ে পুনৰবাৰ উল্লেখ কৰে। বি পি আৰ এণ্ড ডিৰ সঞ্চালক প্ৰধানে শীৰ্ষ তিনিটা স্থান বিজয়ী দলসমূহ – মনুশ্ৰী, শ্লোক ৰাৱাট আৰু বৈশাল মালুক বঁটা প্ৰদান কৰাৰ লগতে তিনিগৰাকী প্ৰতিযোগীক প্ৰভাৱ বিস্তাৰ কৰিব পৰা সমাধানৰ বাবে নিচুকনি বঁটা প্ৰদানৰ জড়িয়তে প্ৰতিযোগিতাখনৰ সামৰণি পৰে। 
এই পদক্ষেপে ভাৰতৰ আমদানিকৃত নিৰীক্ষণ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে থলুৱা, এআই-চালিত, আৰু সুৰক্ষিত বিকল্পক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ দিশটোক আলোকপাত কৰিছে। ইয়াৰ উপৰি আইন প্ৰয়োগকাৰী সংস্থাৰ বাবে নিৰাপদ তথা দায়িত্বশীল ডিজিটেল ভৱিষ্যত নিশ্চিত কৰিবলৈ নিৰীক্ষণ প্ৰযুক্তিত চাইবাৰ সুৰক্ষা, গোপনীয়তা আৰু নৈতিক সুৰক্ষা সন্নিৱিষ্ট কৰাৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰিছে।
RK / VV / RR / PS/DM
(Release ID: 2173412)
Visitor Counter : 7