নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 29 SEP 2025 8:04PM by PIB Guwahati

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত অনুষ্ঠিত পবিত্ৰ আদ্যশ্ৰাদ্ধত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

ইয়াত সোণোৱালে কয়, “যদিও কায়িকভাৱে জুবিন আমাৰ মাজৰপৰা আঁতৰি গৈছে, তথাপিও তেওঁৰ অমৰ সৃষ্টিৰাজি অসমবাসীৰ হৃদয়ত জীয়াই থাকিব। তেওঁৰ সাংস্কৃতিক যাত্ৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰেৰণা আৰু সাহসৰ উৎস হৈ থাকিব।“

অসমৰ অন্যতম বিশিষ্ট সাংস্কৃতিক মহীৰূহ জুবিন গাৰ্গৰ সংগীত, কলা আৰু সামাজিক অৱদানৰ সমৃদ্ধ উত্তৰাধিকাৰে সমগ্ৰ অঞ্চল আৰু দেশৰ অগণিত লোকক স্পৰ্শ কৰি আহিছে।



****

 

SR/GDH/PN/HK/SB


(रिलीज़ आईडी: 2172934) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी