গৃহ মন্ত্ৰালয়
এনডিএমএৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়
দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী ১০ দফীয়া কাৰ্যসূচীয়ে বিশ্বক পথ প্ৰদৰ্শন কৰিছে
প্ৰধানমন্ত্ৰী মোদী জীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীৰ নিৰ্দেশনাত চৰকাৰে দুৰ্যোগত শূন্য হতাহতৰ অভিলাষী লক্ষ্য প্ৰাপ্তিৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি আছে
এনডিএমএই দেশখনক দুৰ্যোগ প্ৰতিৰোধী কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে
এনডিএমএই ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে, দুৰ্যোগৰ আশংকা হ্ৰাসৰ অৰ্থে প্ৰযুক্তিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে
Posted On:
26 SEP 2025 7:42PM by PIB Guwahati
আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে। এই বছৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে “বিপদ হ্ৰাসৰ বাবে প্ৰযুক্তি – এখন সুৰক্ষিত দেশৰ বাবে”। প্ৰতিষ্ঠা দিৱসৰ দিনটোত বাহিনীটোৱে দুৰ্যোগৰ প্ৰস্তুতি, সঁহাৰি, আৰু স্থিতিস্থাপকতা-লাভৰ ক্ষেত্ৰত উদীয়মান প্ৰযুক্তিৰ অপৰিহাৰ্য ভূমিকাক আলোকপাত কৰে।

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি শ্ৰী নিত্যানন্দ ৰায়ে ২০১৬ চনত প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্যোগৰ আশংকা হ্ৰাস (ডি আৰ আৰ)ৰ দূৰদৰ্শী ১০ দফীয়া কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে। এই কাৰ্যসূচীক আমাৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৌশলত একত্ৰিত কৰি ভাৰতে একাধিক ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে বুলি তেওঁ কয় ।
বৰ্তমান দেশত ১ লাখৰো অধিক প্ৰশিক্ষিত আপদা মিত্ৰ (দুৰ্যোগ স্বেচ্ছাসেৱক) আছে, ইয়াৰে ২০% মহিলা, যাক গৌৰৱেৰে আপদা সখী বুলি কোৱা হয়। যুৱ আপদা মিত্ৰ আঁচনিৰ অধীনত এনচিচি, এনএছএছ, নেহৰু যুৱ কেন্দ্ৰ, আৰু ভাৰত স্কাউট আৰু গাইডৰ দৰে আগশাৰীৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত ২.৫ লাখ যুৱ স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছে।
দুৰ্যোগৰ প্ৰতি সঁহাৰি আৰু ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিৰ সহায় লোৱাৰ ক্ষেত্ৰতো ভাৰতে বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহজীৰ নিৰ্দেশনাত চৰকাৰে দুৰ্যোগৰ ক্ষেত্ৰত শূন্য হতাহত লাভৰ অভিলাষী লক্ষ্যৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে সমাজৰ শেষ মাইললৈকে আগতীয়া সতৰ্কবাণী প্ৰদানৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে।
গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত নিত্যানন্দ ৰায়ে এক স্থিতিস্থাপক একবিংশ শতিকাৰ ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে। তেওঁ কেৱল দুৰ্যোগৰ পৰা ৰক্ষা পোৱাটোৱেই নহয়, বৰঞ্চ সেইবোৰ বুজি পোৱা, ইয়াৰ পৰা শিকিব পৰা আৰু এই প্ৰত্যাহ্বানসমূহৰ স্থিতিস্থাপকতা গঢ়ি তুলি সেইবোৰক সুযোগলৈ ৰূপান্তৰিত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

দুৰ্যোগক ভয় কৰা বা এৰাই চলা উচিত নহয়, বৰঞ্চ ইয়াক অধ্যয়ন কৰা, বুজা আৰু প্ৰস্তুতি গ্ৰহণ কৰা , উদ্ভাৱন তথা দীৰ্ঘম্যাদী উন্নয়নৰ অনুঘটক হিচাপে ইয়াক ব্যৱহাৰ কৰা উচিত- তেওঁ কয়।

এই উপলক্ষে গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশতে দুৰ্যোগৰ প্ৰস্তুতি আৰু প্ৰশমন শক্তিশালী কৰাৰ বাবে আৰ্হি প্ৰস্তত কৰা মূল জ্ঞানৰ সামগ্ৰী, নিৰ্দেশনা, আৰু প্ৰতিবেদনৰ শৃংখলা প্ৰকাশ কৰে। ইয়াৰ ভিতৰত আছিল: (ক) দুৰ্যোগ ব্যৱস্থাপনাত ড্ৰোন/ইউএভি প্ৰয়োগৰ বাবে নিৰ্দেশনা আৰু মানক পৰিচালনা পদ্ধতি, (খ) দুৰ্যোগৰ বিপদ হ্ৰাস কৰাৰ বাবে এছডিএমএক শক্তিশালী কৰা (গ) এনডিএমএ কেছ ষ্টাডিজ কম্পেণ্ডিয়াম, (ঘ) বজ্ৰপাত সম্পৰ্কীয় সুৰক্ষাৰ বিষয়ত প্ৰশমন প্ৰকল্পৰ ৰাষ্ট্ৰীয় অভিযান উপাদান বিষয়ক প্ৰতিবেদন, (ঙ) লিটল চাণক্য আৰু আপদা সে বাচাভ কমিক ছিৰিজ – আপদা ছুপাৰ হিৰো, আপদা চে জং, আৰু আপদা ছে বাচাব, (চ) শীতল কেন্দ্ৰৰ বাবে নিৰ্দেশনা, (ছ) দিল্লী হিট একচন প্লেন ২০২৫ – ৰূপায়ণ সম্পৰ্কীয় প্ৰতিবেদন, আৰু (জ) টাৰ্ণিং ডাউন দ্য হিটঃ সমগ্ৰ ভাৰতীয় চহৰসমূহত শীতল চাল গ্ৰহণক ত্বৰান্বিত কৰাৰ বাবে এক ব্যৱহাৰিক নিৰ্দেশনা (আৰ এম আইৰ সহযোগত বিকশিত।
ইয়াৰ উপৰি ডিজিটেল দুৰ্যোগৰ প্ৰস্তুতি আৰু জনসাধাৰণৰ প্ৰচাৰ শক্তিশালী কৰাৰ বাবে এনডিএমএ আৰু ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বিভাগৰ মাজত বুজাবুজি চুক্তিৰ বিষয়েও ঘোষণা কৰা হয়।

অনুষ্ঠানত এনডিএমএৰ দুটা দশকজোৰা যাত্ৰা, মূল পদক্ষেপ আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত মাইলৰ খুঁটিসমূহ প্ৰদৰ্শন কৰা এখন বিশেষ ফটো প্ৰদৰ্শনীও উদ্বোধন কৰা হয়।

ইয়াৰ উপৰি সদস্য তথা বিভাগটোৰ মুৰব্বী শ্ৰী ৰাজেন্দ্ৰ সিঙে তেওঁৰ ভাষণত এইবুলি আলোকপাত কৰে - “প্ৰযুক্তি আমাৰ ঢাল, কিন্তু দুৰ্যোগ প্ৰতিৰোধী ভাৰতক কেৱল প্ৰযুক্তিৰ দ্বাৰা গঢ় দিয়া নহ’ব, ই সম্প্ৰদায়ৰ অংশগ্ৰহণ, সামৰ্থ্য বিকাশ আৰু আমাৰ সামূহিক ঐক্য তথা সংবেদনশীলতাৰ জৰিয়তে ইয়াক লাভ কৰা হ’ব।এআই, বিগ ডাটা আৰু ডিজিটেল প্লেটফৰ্মৰ দৰে উদীয়মান প্ৰযুক্তিয়ে দুৰ্যোগ ব্যৱস্থাপনাক অধিক নিখুঁত, দ্ৰুত আৰু অধিক ফলপ্ৰসূ কৰি তুলিছে । লক্ষ্য হৈছে প্ৰতিজন নাগৰিকে সময়মতে সতৰ্কবাণী পোৱাটো নিশ্চিত কৰা আৰু প্ৰতিটো সম্প্ৰদায়ক দুৰ্যোগৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ক্ষমতা প্ৰদান কৰা।”
অনুষ্ঠানত আয়োজন কৰা কাৰিকৰী অধিৱেশনত এইক্ষেত্ৰৰ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, ব্যৱহাৰকাৰী আৰু অংশীদাৰসকলক একত্ৰিত কৰা হয় আৰু তেওঁলোকে দুৰ্যোগৰ স্থিতিস্থাপকতা তথা সম্প্ৰদায়ৰ সুৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত উদ্ভাৱন আৰু ডিজিটেল ব্যৱস্থাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে।
এই অনুষ্ঠানত এন ডি এম এৰ সদস্য, সচিব আৰু বিষয়া, এন ডি এম এৰ প্ৰাক্তন সদস্য, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (এন আই ডি এম)ৰ প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰসংঘৰ সংস্থা, ব্যক্তিগত সংস্থা, দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞ, শিক্ষাবিদ, এন জি অ’ আদিৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সকলোৱে এখন সুৰক্ষিত আৰু অধিক স্থিতিস্থাপক ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিৰে একত্ৰিত হয়।
RK / VV / RR / PS/DM
(Release ID: 2172323)
Visitor Counter : 2