যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
থলুৱা ৪জি ষ্টেক আৰু এক লাখ থলুৱা বি এছ এন এল টাৱাৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
সম্পূৰ্ণ স্বদেশী ৪জি ষ্টেক প্ৰস্তুত কৰা বিশ্বৰ পঞ্চমখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত
স্বদেশী ষ্টেক বিশ্বলৈ এটা বাৰ্তা , ভাৰত কেৱল সেৱা প্ৰদানকাৰীয়েই নহয়, প্ৰযুক্তিৰ উৎপাদকো: সিন্ধিয়া
प्रविष्टि तिथि:
27 SEP 2025 5:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুডাৰ পৰা ভাৰতৰ সম্পূৰ্ণ থলুৱা ৪জি ষ্টেক আৰু এক লাখ বিএছএনএল স্বদেশী ৪জি টাৱাৰ উদ্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ৪জি প্ৰযুক্তিৰ সম্প্ৰসাৰণে দেশজুৰি দুই কোটিৰো অধিক লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভিতৰতে বিএছএনএলে সম্পূৰ্ণ থলুৱা ৪জি প্ৰযুক্তি সফলতাৰে বিকশিত কৰাত গৌৰৱ প্ৰকাশ কৰে। এই মাইলৰ খুঁটিস্বৰূপ অৱদানৰ বাবে বিএছএনএলৰ নিষ্ঠা, অধ্যৱসায় আৰু বিশেষজ্ঞতাক তেওঁ প্ৰশংসা কৰে। তেওঁ লগতে আলোকপাত কৰে যে ভাৰতীয় কোম্পানীসমূহে এতিয়া ভাৰতক ৪জি সেৱা আৰম্ভ কৰিবলৈ সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ অধিকাৰী বিশ্বৰ নিৰ্বাচিত পাঁচখন দেশৰ ভিতৰত এখন হিচাবে স্থান দিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বতে দ্ৰুতবেগী ইন্টাৰনেটৰ অভাৱত ভোগা প্ৰায় ত্ৰিশ হাজাৰ গাঁও এতিয়া এই পদক্ষেপৰ জৰিয়তে উচ্চগতিৰ ইন্টাৰনেটৰ জড়িয়তে সংযোগ কৰা হ’ব।
উত্তৰ পূৰ্বাঞ্চলৰ যোগাযোগ আৰু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ পৰা এই কাৰ্যসূচীত ভাৰ্চুৱেলি যোগদান কৰি এই সাফল্যৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰে। এই অসাধাৰণ কৃতিত্বৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ বিএছএনএলে নিজাকৈ থলুৱা ৪জি ষ্টেক গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল আৰু আজি সেয়া বাস্তৱত পৰিণত হৈছে। লক্ষণীয়ভাৱে মাত্ৰ ২২ মাহৰ ভিতৰতে ভাৰতে নিজৰ ৪জি ষ্টেক সফলতাৰে নিৰ্মাণ কৰা বিশ্বৰ পাঁচখন ৰাষ্ট্ৰৰ অভিজাত গোটত যোগদান কৰিবলৈ সক্ষম হৈছে।টেলিকমিউনিকেচন খণ্ডত ভাৰতে বিশ্বব্যাপী আগশাৰীৰ দেশত পৰিণত হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ সময়তে এয়া সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও তেওঁ কয়।
সিন্ধিয়াই প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক প্ৰশংসা কৰি কয় , “যেতিয়া বিশ্বজুৰি ২জি, থ্ৰীজি আৰু ৪জিৰ উত্থান ঘটিছিল, তেতিয়া ভাৰতে বিদেশী প্ৰযুক্তিৰ ওপৰতে নিৰ্ভৰ কৰিছিল।আজি বিএছএনএলৰ বিশেষজ্ঞতাই পৰিবেশৰ সলনি ঘটাইছে আৰু এনেদৰে ভাৰতক বিশ্বব্যাপী টেলিকম উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।” ক্লাউড ভিত্তিক, ৫জি-উন্নীত স্বদেশী ষ্টেকে ২ কোটিৰো অধিক নাগৰিকক সেৱা আগবঢ়াব আৰু পূৰ্বতে এনে সেৱা লাভ নকৰা প্ৰায় ৩০,০০০ গাঁৱক সংযোগ কৰিব।
বিএছএনএলে ৩৭,০০০ কোটি টকাৰ পদক্ষেপেৰে ৯৭,৫০০টা টাৱাৰ স্থাপন কৰিছে, ইয়াৰে ৯২,৬৩৩টা কাৰ্যক্ষম হৈছে , যিয়ে দূৰৱৰ্তী, জনজাতীয় আৰু পাহাৰীয়া অঞ্চলসমূহৰ সংযোগৰ ক্ষেত্ৰ খনত পৰিৱৰ্তন ঘটাইছে। ৫জিৰ উপযোগীকৈ সজ্জিত এই টাৱাৰসমূহে ছাত্ৰ-ছাত্ৰী, কৃষক, ৰোগী, আৰু সশস্ত্ৰ বাহিনীক উপকৃত কৰিব। ২০২৪ চনৰ এপ্ৰিল মাহত গ্ৰাহকৰ সংখ্যা ৭৮ লাখৰ পৰা ২.২ কোটিলৈ বৃদ্ধি পাইছে, য’ত একেৰাহে ২৮০ কোটি টকা (জানুৱাৰী-মাৰ্চ বিত্তীয় বৰ্ষ ২৫) আৰু ২৬১ কোটি টকা (ত্ৰৈমাসিক বিত্তীয় বৰ্ষ ২৫) লাভ হৈছে, যাৰ সহায়ত ২৫,০০০ কোটি টকাৰ মূলধনৰ প্ৰৱেশ ঘটিছে। সিন্ধিয়াই দৃঢ়তাৰে কয়, ‘এয়া ভাৰতৰ প্ৰডাক্ট নেচন হিচাপে নিজকে উজ্জ্বল কৰি তোলাৰ মুহূৰ্ত।ডিজিটেল ভাৰত নিধিয়ে লক্ষ্য নিৰ্ধাৰিত ২৭,১০৬টা টাৱাৰৰ ভিতৰত ১৯,৮২৩টা টাৱাৰ সক্ৰিয় কৰি আকাংক্ষিত জিলা, উত্তৰ-পূব অঞ্চল, সীমান্তৱৰ্তী অঞ্চল আৰু এল ডব্লিউ ই জ’নৰ ২৬,৩২৭খন গাঁও তথা প্ৰায় ২০ লাখ পৰিয়ালক উন্নত সেৱাৰে সংযোগ কৰিছে। ২০২৫ চনৰ আগষ্ট মাহত এই টাৱাৰসমূহে ৪২,৭৭৩ টিবি ডাটা ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিছে, এয়া প্ৰতিজন গ্ৰাহকৰ বাবে গড়ে ২১ জিবি। “দূৰৱৰ্তী ওড়িশাৰ পৰা পাহাৰীয়া অসমলৈকে ডিবিএনে শিক্ষা, স্বাস্থ্যসেৱা, আৰু শাসন ব্যৱস্থা প্ৰতিখন ঘৰৰ দুৱাৰমুখত উপনীত হোৱাটো নিশ্চিত কৰিছে আৰু শাৰীৰ শেষৰজন নাগৰিককো শক্তিশালী কৰিছে”, সিন্ধিয়াই কয়।
সিন্ধিয়াই ৫জি আৰু ৬জিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ বাবে ভাৰতক স্থান দিয়াৰ ক্ষেত্ৰত বিএছএনএলৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। য’ত থলুৱা ষ্টেকটো বিশ্বব্যাপী ৰপ্তানিৰ বাবে সাজু কৰা হৈছে, যিয়ে বসুধৈৱ কুটুম্বকমৰ নীতিকেই প্ৰতিফলিত কৰিছে। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীয়ে ভাৰতক ডিজিটেল ক্ষেত্ৰৰ বিশ্বগুৰু কৰি তুলিছে, য’ত বিশ্বব্যাপী ডিজিটেল লেনদেনৰ ৫০% ইউপিআইৰ দ্বাৰা পৰিচালিত হৈছে । ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাৰে পৰিচালিত এই পদক্ষেপে ২০৪৭ চনৰ ভিতৰত এক সুৰক্ষিত, দক্ষ, আৰু বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰিব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বদেশী ৪জি নেটৱৰ্ক দেশৰ বাবে উৎসৰ্গা কৰাটো গৌৰৱৰ বিষয়। অনাগত দিনত বিএছএনএলে এই স্বদেশী ৪জি নেটৱৰ্ক ৫জিলৈ উন্নীত কৰিব আৰু ২০৩০ চনৰ ভিতৰত ৬জি নেটৱৰ্ক মুকলি কৰা হ'ব বুলিও তেওঁ লগতে কয়। শ্ৰী শৰ্মাই লগতে অৱগত কৰে যে ভাৰতৰ পাঁচটা বি এছ এন এল ডাটা চেণ্টাৰৰ ভিতৰত এটা গুৱাহাটীত স্থাপন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা স্থানীয় যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টিতো সহায় হ’ব।
উল্লেখ্য আজি বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে কেইবাখনো ৰাজ্যত স্বদেশী ৪জি টাৱাৰ উদ্বোধন কৰা হয়। ওড়িশাত মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত যোগদান কৰে; অন্ধ্ৰ প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডু আৰু চন্দ্ৰশেখৰ পেম্মাছানীৰ লগতে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুয়ে অংশগ্ৰহণ কৰে; উত্তৰ প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ অনুষ্ঠানত উপস্থিত আছিল; মহাৰাষ্ট্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাওছাহেব নিখিল খাদছে, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছ আৰু উপ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে তথা অজিত পাৱাৰে অংশগ্ৰহণ কৰে; ৰাজস্থানত যোগদান কৰে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই; অসমত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; গুজৰাটত কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডবিয়া আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল অনুষ্ঠানত উপস্থিত থাকে; বিহাৰত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে।
PG/BM/DM




(रिलीज़ आईडी: 2172203)
आगंतुक पटल : 18